শ্ৰমিক দিৱস উপলক্ষে শ্ৰমিকক সম্বৰ্ধনা ৰিজু কুমাৰ ব্ৰহ্ম আৰু উৰ্ব্বশী ব্ৰহ্ম ফাউণ্ডেশ্যনৰ

চিৰাং জিলাৰ বাসুগাঁৱতো কাশিকোত্ৰাৰ ৰিজু কুমাৰ ব্ৰহ্ম আৰু উৰ্ব্বশী ব্ৰহ্ম ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে আন্তৰ্জাতিক মে' দিৱস পালন কৰা হয় ।

author-image
Tushar Pratim
New Update
শ্ৰমিক দিৱস উপলক্ষে শ্ৰমিকক সম্বৰ্ধনা ৰিজু কুমাৰ ব্ৰহ্ম আৰু উৰ্ব্বশী ব্ৰহ্ম ফাউণ্ডেশ্যনৰ

ডিজিটেল সংবাদ, চিৰাংঃ সমগ্ৰ বিশ্বৰ লগতে আজি চিৰাং জিলাৰ বাসুগাঁৱতো বিভিন্ন কাৰ্য্যসূচীৰ মাজেৰে আন্তৰ্জাতিক মে' দিৱস পালন কৰা হয় । আজিৰ এই আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে কাশিকোত্ৰাৰ ৰিজু কুমাৰ ব্ৰহ্ম আৰু উৰ্ব্বশী ব্ৰহ্ম ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে।

Advertisment

বিয়লিৰ ভাগত বাসুগাঁও দুৰ্গাবাৰীৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজন কৰা শ্ৰমিক সম্বৰ্ধনা অনুষ্ঠানত প্ৰায় দুই শতাধিক দিন মজুৰি শ্ৰমিক, ই-ৰিক্সা চালক, ঠেলা চালক সকলক ৰিজু কুমাৰ ব্ৰহ্ম আৰু উৰ্ব্বশী ব্ৰহ্ম ফাউণ্ডেশ্যনৰ পৰা এখনকৈ ফুলাম গামোছা, উপহাৰৰ টোপোলা দি সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।  

আজি আন্তৰ্জাতিক শ্ৰমিক দিৱসত এই সকল শ্ৰমিকক সম্বৰ্ধনা আগবঢ়ায় ৰিজু কুমাৰ ব্ৰহ্ম আৰু উৰ্ব্বশী ব্ৰহ্ম ফাউণ্ডেশ্যনৰ অধ্যক্ষ সৌমখৌৰ ব্ৰহ্ম, জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায়, উপ সভাপতি বিশ্বজিত বৰ্মনসহ উপস্থিত অতিথিসকলে। সম্বৰ্ধনা জ্ঞাপন কৰাৰ আগত এখনি সভা অনুষ্ঠিত হয় উক্ত সভাত আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ ওপৰত আলোকপাত কৰে বেংতল মহাবিদ্যালয়ত অধ্যাপক বেনেডিক হাজোৱাৰীয়ে তদুপৰি ভাষণ আগবঢ়ায় জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায় আৰু ৰিজু কুমাৰ ব্ৰহ্ম আৰু উৰ্ব্বশী ব্ৰহ্ম ফাউণ্ডেশ্যনৰ অধ্যক্ষ সৌমখৌৰ ব্ৰহ্মই।

আজি শ্ৰমিক সকলৰ বাবে বিশেষ দিনটোত এইদৰে সম্বৰ্ধনা লাভ কৰি শ্ৰমিক সকলে উৎফুল্লিত হৈ পৰে আৰু সন্তুষ্টি প্ৰকাশ কৰে।

আন্তৰ্জাতিক শ্ৰমিক দিৱস চিৰাং বাসুগাওঁ