চিৰাঙৰ আয়ুক্ত কাৰ্যালয়ত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ পৰ্যালোচনা সভা

চিৰাঙৰ আয়ুক্ত কাৰ্যালয়ত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ পৰ্যালোচনা সভা

author-image
Asomiya Pratidin
New Update
চিৰাঙৰ আয়ুক্ত কাৰ্যালয়ত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ পৰ্যালোচনা সভা

ডিজিটেল সংবাদ, চিৰাং : শনিবাৰে দুটাকৈ পৃথক পৃথক কাৰ্য্যসূচী হাতত লৈ চিৰাং জিলাত আহি উপস্থিত হয় অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই। ৰাজ্যপালগৰাকীয়ে প্ৰথমে বেংতল মহাবিদ্যালয়ত অনুষ্ঠিত সীমান্ত চেতনা মঞ্চৰ উদ্বোধনী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে ।

তাৰ পিছত ৰাজ্যপাল গৰাকীৰ কনভয় চিৰাং জিলা সদৰ কাজলগাঁৱস্থিত আয়ুক্তৰ কাৰ্যালয়ত আহি উপস্থিত হয় । উপস্থিত হোৱাৰ পিছত জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত ৰাজ্যপাল গুলাৱ চান্দ কাটাৰীয়াক চিৰাং জিলা আৰক্ষীৰ এটা দলে সামৰিক কুচকাৱাজৰ জৰিয়তে অভিবাদন জ্ঞাপন কৰে ।

ইয়াৰ পিছতে জিলা আয়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীয়ে পুষ্পস্তৱক আৰু পৰম্পৰাগত আৰ'নাইৰে আদৰণি জনায় । পূৰ্বনিৰ্ধাৰিত কাৰ্য্যসূচী অনুসৰি আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ৰাজ্যপাল গুলাৱ চান্দ কাটাৰীয়াই জিলাখনৰ শীৰ্ষ পৰ্য্যায়ৰ নিৰাপত্তা বিষয়া, বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াৰ স'তে নিৰাপত্তা দিশ আৰু কেন্দ্ৰীয়, ৰাজ্য চৰকাৰৰ উন্নয়নমূলক আঁচনি সমূহৰ কামৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে ৷

সভাত পশ্চিম মণ্ডল অসমৰ আৰক্ষী মহাপৰিদৰ্শক দিলীপ কুমাৰ দে, অসম আৰক্ষীৰ অন্যান্য শীৰ্ষ বিষয়া, ভাৰত ভূটান সীমান্তৰ নিৰাপত্তাৰ দায়িত্বত থকা সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ শীৰ্ষ বিষয়া, চি আৰ পি এফৰ শীৰ্ষ বিষয়া, চিৰাং জিলাৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকল উপস্থিতি থাকে। সভাত ৰাজ্যপাল গুলাৱ চান্দ কাটাৰীয়াই চিৰাঙৰ গোচৰ নিষ্পত্তি, ভূটান সীমান্তৰ গড়কাপ্তানি পথৰ উন্নয়ন, শিক্ষা, স্বাস্থ্য, নিৰাপত্তা দিশ সম্পকীয় বিষয়ৰ ওপৰত পৰ্যালোচনা কৰে ৷

ৰাজ্যপালগৰাকীয়ে বিশেষৈ ভাৰত-ভূটান সংযোগী পথৰ দুৰবস্থাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰয়োজনত কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগ কৰাৰ ব্যবস্থা কৰিব বুলি জানিবলৈ দিয়ে । তেখেতৰ বিশ্বাস ভাৰত-ভূটান সংযোগী গুৰুত্বপূৰ্ণ এই পথছোৱা মেৰামতি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিশ্চয় ধন আবণ্টিত হ'ব বুলি আশা প্ৰকাশ কৰে ।

chirang