/asomiyapratidin/media/media_files/2025/01/24/4tGJ0azJF1TYmLnaxr8A.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰঃ গণৰাজ্য দিৱসলৈ মাজত মাথো এটা দিন বাকী থকা অৱস্থাত কোকৰাঝাৰত ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পূৰ্ণ প্ৰস্তুতি চলিছে। কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত ব্যাপক প্ৰস্তুতি চলিছে। গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিবলগীয়া দলসমূহে অনুশীলন অব্যাহত ৰাখিছে।
আজি সংবাদ মাধ্যমৰ আগত উপ-আৰক্ষী অধীক্ষক দেৱজিৎ মহন্তই কোকৰাঝাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অসম আৰক্ষীৰ ৫ টা দলে পেৰেডত ভাগ ল'ব বুলি মন্তব্য কৰিছে। ইয়াৰোপৰি বিদ্যালয়, মহাবিদ্যালয়, স্কাউট এণ্ড গাইড, এনচিচি আদিকে ধৰি আন ১১ টা দলেও অৰ্থাৎ সৰ্বমুঠ ১৬ টা দলে গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিছে।
আনহাতে গণৰাজ্য দিৱসৰ দিনটোত যাতে কোনোধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত নহয় তাৰ প্ৰতিও আৰক্ষী প্ৰশাসন সচেষ্ঠ হৈছে আৰু আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে নাকা চেকিং, এৰিয়া ডমিনেচন আদি কৰি থকা হৈছে বুলি মন্তব্য কৰিছে উপ আৰক্ষী অধীক্ষক দেৱজিৎ মহন্তই।
ইপিনে উক্ত দিনা বিভাগীয়ভাৱে প্ৰদৰ্শিত হবলগীয়া টেব্যুলুসমূহ সজাই-পৰাই প্ৰায় সাজু কৰি তুলিছে বিভিন্ন বিভাগসমূহে। উল্লেখ্য যে কোকৰাঝাৰত ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে।