বাসুগাঁৱত শ্ৰম আইন ভংগ কৰা ব্যৱসায়ীক প্ৰতিষ্ঠানত আকস্মিক অভিযান...

 চিৰাং জিলাৰ ব্যৱসায়ীক চহৰ বাসুগাঁৱত শ্ৰম বিভাগৰ আইন উলঙ্ঘা কৰা বহুকেইটা ব্যৱসায়ীক প্ৰতিষ্ঠানত বৃহস্পতিবাৰে বিটিচিৰ শ্ৰম বিভাগৰ এটা দলে আকস্মিক অভিযান চলায়।

author-image
Tushar Pratim
New Update
বাসুগাঁৱত শ্ৰম আইন ভংগ কৰা ব্যৱসায়ীক প্ৰতিষ্ঠানত আকস্মিক অভিযান...

ডিজিটেল সংবাদ, চিৰাং: চিৰাং জিলাৰ ব্যৱসায়ীক চহৰ বাসুগাঁৱত শ্ৰম বিভাগৰ আইন উলঙ্ঘা কৰা বহুকেইটা ব্যৱসায়ীক প্ৰতিষ্ঠানত বৃহস্পতিবাৰে বিটিচিৰ শ্ৰম বিভাগৰ এটা দলে আকস্মিক অভিযান চলায়। দীৰ্ঘদিনৰ পৰা অভিযোগ উত্থাপিত হৈ আছিল যে, দেশৰ সংবিধান প্ৰদত্ত শ্ৰম আইন ভংগ কৰি সাপ্তাহিক বন্ধৰ দিনতো একাংশ ব্যৱসায় প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে ব্যৱসায়ী প্ৰতিষ্ঠান খুলি শ্ৰমিক সকলক কাম কৰিবলৈ বাধ্য কৰিবলৈ বাধ্য কৰি আহিছিল। 

Advertisment

সেই অভিযোগৰ ভিত্তিত আজি শ্ৰমিকসকলৰ অধিকাৰ খৰ্ব কৰি শ্ৰম আইন উলঙ্ঘন কৰা ৮ টাকৈ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ বিৰুদ্ধে বিটিচিৰ শ্ৰম বিভাগে কঠোৰ স্থিতি গ্ৰহণ কৰে।  বিটিচিৰ শ্ৰম বিভাগৰ চিএইছডি ৰূপক ভৌমিক নিজে শ্ৰম বিভাগৰ উপ-পৰিদৰ্শক নৱজীৱন বসুমতাৰীক লগত লৈ শ্ৰম আইন ভংগ কৰা ব্যৱসায়ী সকলক কঠোৰ সকিয়নী প্ৰদান কৰাৰ লগতে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে।

আজি জাননী জাৰি কৰা ব্যৱসায়ীক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী সকলে যদি নিৰ্দিষ্ট সময়ৰ ভিতৰত যথোপযুক্ত উত্তৰ দিবলৈ সক্ষম নহয় তেনেহলে বিভাগীয় ভাবে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে শ্ৰম উপ-পৰিদৰ্শক নৱজীৱন বসুমতাৰীয়ে। আজি বাসুগাঁৱত বিটিচিৰ শ্ৰম বিভাগৰ এই আকস্মিক অভিযান চলোৱাৰ পিছত ব্যৱসায়ীক প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰী আৰু শ্ৰমিকসকলে সন্তুষ্টি প্ৰকাশ কৰে ।

বাসুগাওঁ চিৰাং