বিটিচিৰ বিতৰ্কিত কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ নিৰ্দেশত পি এচ অ'ৰ কু-কাণ্ড ! ভুক্তভোগীৰ এজাহাৰ দাখিল

বিটিচিৰ বিতৰ্কিত কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ নিৰ্দেশত পি এচ অ'ৰ কু-কাণ্ড ! ভুক্তভোগীৰ এজাহাৰ দাখিল
Published on
Updated on

ডিজিটেল সংবাদ, কোকৰাঝাৰ : বিটিচিৰ বহু বিতৰ্কিত কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ বিৰুদ্ধে এইবাৰ গুণ্ডাগিৰি আৰু হত্যাৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । নাবালিকা যুৱতীলৈ অশ্লীল মেচেজ প্ৰেৰণ কৰি কুখ্যাতি অৰ্জন কৰা , মাৰাথন দৌৰৰ নামত বিতৰ্ক কৰা , সাধাৰণ মাটি-বাৰীৰ কাজিয়াক লৈ সাম্প্ৰদায়িক ৰাজনীতিকৰণ কৰা আদি বিতৰ্কৰ পিছত জনপ্ৰতিনিধি অৰূপ কুমাৰ দে'ৰ নিৰ্দেশত কলকাতা বড়োলেণ্ড গেষ্ট হাউছৰ কৰ্মচাৰী অশোক শ্যাম(৩৭) আৰু তেওঁৰ নিজ ঘৰৰেই হাউছগাৰ্ড মনাৰ আলিক গুৰুলা- গুৰুলকৈ প্ৰহাৰ কৰাৰ ঘটনা সংঘটিত হৈছে।

তদুপৰি ভুক্তভোগী দুজনক হত্যাৰ নিৰ্দেশ দিয়া বুলিও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ঘটনা সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানা আৰু ফকিৰাগ্ৰাম থানাত পৃথকে পৃথকে গোচৰ ৰজু হৈছে । ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে নিৰ্যাতনৰ বলি হোৱা কলকাতা বড়োলেণ্ড হাউছৰ কৰ্মচাৰী অশোক শ্যামে কয় যে কেইদিনমান পূৰ্বে তেওঁ  কলকাতাৰ পৰা ছুটী লৈ ঘৰলৈ আহিছিল। যোৱা ৯ ছেপ্টেম্বৰৰ নিশা প্ৰায় ১০:৩০ বজাত ঘৰৰ পৰা গণেশ পূজা চাবলৈ যাওঁতেই ফকিৰাগ্ৰামৰ সৰকাৰ মেডিকেলৰ ওচৰত তেওঁক বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ নিৰ্দেশত তেওঁৰ বাহিনীয়ে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে।

ঘটনাৰ বিস্তাৰিত বিবৰণ দি অশোক শ্যামে কয় যে পূজা উপলক্ষে সৰকাৰ মেডিকেলৰ ওচৰত ভিৰ থকাত বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ গাড়ীখন অলপ সময় যানজঁটত আৱদ্ধ হৈছিল। অৰূপ কুমাৰ দে'ক ৰাস্তা মুকলি কৰি দিবলৈ তেওঁ নিজৰ মটৰচাইকেলখনৰ স্থান পৰিবৰ্তন কৰিছিল আৰু তেওঁ নিজেই হাতেৰে তেওঁৰ কনভয় যাব পাৰিব বুলি ইংগিত দিছিল। 

ইয়াতেই খঙত অগ্নিশৰ্মা হৈ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে' নিৰাপত্তাৰক্ষীসহ গাড়ীৰ পৰা নামি আহে আৰু তেওঁক হত্যা কৰিবলৈ নিৰ্দেশ দিয়ে। কাৰ্যবাহী সদস্যগৰাকীৰ নিৰ্দেশ লাভ কৰি তেওঁৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী দুজন আৰু আন তিনিজন যুৱকে তেওঁৰ ওপৰত জপিয়াই পৰে ।

তদুপৰি অসম আৰক্ষীৰ জোৱান দুজন অৰ্থাৎ কাৰ্যবাহী সদস্যগৰাকীৰ পি এচ অ' দুজনে তেওঁক বন্দুকৰ কুণ্ডাৰে গুৰুলা-গুৰুল কৈ প্ৰহাৰ কৰে। বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ বাহিনীৰ প্ৰহাৰত তেওঁ মুখ , পিঠি ,মূৰ, হাত-ভৰি সকলোতে গুৰুতৰভাৱে আঘাত পায়। অৱশেষত স্থানীয় ৰাইজে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অশোক শ্যামক উদ্ধাৰ কৰে আৰু পিছত পৰিয়ালৰ লোকে কোকৰাঝাৰৰ এখন ব্যক্তিগতখণ্ডৰ নাৰ্ছিংহোমত ভৰ্তি কৰে।

চিকিৎসাৰ অন্তত অশোক শ্যামে বুধবাৰে ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপে। লগতে ঘটনা সন্দৰ্ভত ফকিৰাগ্ৰাম থানাত এক গোচৰ(নং ৬০/২৪) ৰজু কৰে। ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৪৯/১৮৯(২)/ ১১৭(২)/ ১২৬(২)/ ৩২৪(৪) মৰ্মে আৰক্ষীয়ে গোচৰ ৰজু কৰি ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে ।

উল্লেখ্য যে কলকাতা বড়োলেণ্ড গেষ্ট হাউচত কিছুদিন পূৰ্বে অশোক শ্যামৰ সতে অৰূপ কুমাৰ দে'ৰ সাংগো-পাংগো সকলৰ সতে মতবিৰোধ হৈছিল। তেতিয়াই তেওঁলোকে অশোক শ্যামক হত্যাৰ ভাবুকি দিছিল বুলি আজি সংবাদমাধ্যমৰ আগত সদৰী কৰিছে ভুক্তভোগী অশোক শ্যামে ।

যান-জঁটৰ অচিলা লৈ অশোক শ্যামক হত্যাৰ চেষ্টা চলোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লগতে বিপিএফৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ক্ৰমে ৰেজাউল কৰিম , আনোৱাৰ হুছেইন আৰু বিপিএফৰ বেংগলী কোষৰ সভাপতি প্ৰবীৰ স্যানালে অৰূপ কুমাৰ দে'ৰ কৰ্মকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দি তদন্ত মৰ্মে দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তি ল’বলৈ প্ৰশাসনৰ প্ৰতি আহ্বান জনাইছে ।

উল্লেখিত নেতৃবৰ্গই বিটিচিৰ কাৰ্যবাহী সদস্য পদত থাকিও অৰূপ কুমাৰ দে'ৰ কৰ্মকাণ্ডই ফকিৰাগ্ৰামৱাসীক লজ্জানত কৰি তুলিছে বুলি মন্তব্য কৰে। তাৰোপৰি বিতৰ্কিত অৰূপ কুমাৰ দে'ক অপসাৰণৰ দাবী উত্থাপন কৰে। 

ইপিনে ১০ ছেপ্টেম্বৰৰ নিশা বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ বাসগৃহত সংঘটিত হোৱা আন এক কু-কীৰ্তি পোহৰলৈ আহিছে । উক্ত নিশা ফকিৰাগ্ৰামত কলকাতাৰ বড়োলেণ্ড গেষ্ট হাউচৰ কৰ্মচাৰীক মাৰধৰ কৰি হত্যাৰ চেষ্টা চলোৱাৰ পিছত এইবাৰ নিজ ঘৰৰ হাউচগাৰ্ডক মাৰধৰ কৰিবলৈ নিৰ্দেশ দিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

অৰূপ কুমাৰ দে'ৰ নিৰ্দেশত ব্যক্তিগত নিৰাপত্তাৰক্ষী হৰিপ্ৰসাদ নেওঁগ আৰু চালক সঞ্জীৱ নাথে ১০ ছেপ্তেম্বৰৰ নিশা হোমগাৰ্ড মনাৰ আলিক দুবাৰকৈ প্ৰহাৰ কৰিছিল । ইমানতেই ক্ষান্ত নাথাকি অৰূপ কুমাৰ দে'ৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী হৰিপ্ৰসাদ নেওঁগ আৰু চালক সঞ্জীৱ নাথে মনাৰ আলিক হত্যা কৰি বস্তাত ভৰাব বুলিও ভাবুকি দিয়ে । ‘মিঞাক মাৰ , মাৰি বস্তাত ভৰা …’ এনেধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰি অৰূপ কুমাৰ দে'ৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী আৰু চালকে ভয়ংকৰ ঘটনা সংঘটিত কৰিবলৈ বিচাৰিছিল যদিও হোমগাৰ্ড মনাৰ আলিৰ কথমপি প্ৰাণৰক্ষা পৰে । ঘটনা সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানাত হোমগাৰ্ড মনাৰ আলিয়ে এক গোচৰ ৰজু কৰিছে ।

জানিব পৰা মতে কোকৰাঝাৰ আৰক্ষীয়ে বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী হৰিপ্ৰসাদ নেওঁগ আৰু চালক সঞ্জীৱ নাথক আজি আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে ।

ইপিনে অৰূপ কুমাৰ দে'ৰ অতপালি সন্দৰ্ভত গৰিহণা প্ৰকাশ কৰিছে এ বি এমছুৱে। এ বি এমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জাইদুল শ্বেখে ঘটনাক গৰিহনা দি তদন্ত মৰ্মে দোষীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ পোষকতা কৰে।

জাইদুল শ্বেখে কয় যে বিভিন্ন সময়ত অৰূপ কুমাৰ দে'ই সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টাত ব্ৰতী হৈছে । উঠিৰজা-বহিৰজা হৈ গোষ্ঠী সংঘৰ্ষ লগোৱাৰ অপচেষ্টাত ব্ৰতী হোৱা অৰূপ কুমাৰ দে'ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ প্ৰতি আহ্বান জনাইছে এ বি এমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জাইদুল শ্বেখে ।

বিটিচিৰ বিতৰ্কিত কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ নিৰ্দেশত পি এচ অ'ৰ কু-কাণ্ড ! ভুক্তভোগীৰ এজাহাৰ দাখিল
ঈশান কিষাণৰ শতকেৰে ভাৰত ‘চি’ৰ ৰানৰ পাহাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in