ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ মৰ্যদা অক্ষুণ্ণ ৰখাৰ দাবীত প্ৰতিবাদী সমদল...
ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ মৰ্যদা অক্ষুণ্ণ ৰখাৰ দাবীত প্ৰতিবাদী সমদল...

ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ মৰ্যদা অক্ষুণ্ণ ৰখাৰ দাবীত প্ৰতিবাদী সমদল...

০ বৰ্তমানৰ চৰকাৰখন ৰাইজৰ সুখ -দুখৰ অংশীদাৰ নহয় : খাম্পা বৰগয়াৰী ০ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ বহু বিভাগ ইতিমধ্যে কোকৰাঝাৰ মেডিকেল কলেজ আৰু হাস্পতাললৈ স্থানান্তৰ কৰি কাৰ্যত হাস্পতালখন বন্ধ কৰি দিয়াৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হোৱা চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আজি কোকৰাঝাৰত বিশাল প্ৰতিবাদী সমদল বাহিৰ হয়। একেলেথাৰীয়ে চাৰিদিন ধৰ্ণা কাৰ্যসূচীৰ পিছতো চৰকাৰে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাত আজি কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ বাহিৰ হোৱা প্ৰতিবাদী সমদলটোত সকলো জাতি জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰাৰ লগতে বিপিএফ, কংগ্ৰেছ, চিপিআই(এম), আছা, এবিএমছুৰ প্ৰতিনিধিও অংশগ্ৰহণ কৰে।

নাগৰিক সচেতন মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা আজিৰ সমদল কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে হাতে- হাতে বেনাৰ, ফেষ্টুন, প্লেকাৰ্ড লৈ সমদল কৰাৰ লগতে নিজ দাবীৰ সমৰ্থনত ব্যাপক শ্লোগানো নিক্ষেপ কৰে। ইপিনে সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিটিচিৰ প্ৰাক্তন উপ-মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে কয় যে, বৰ্তমানৰ চৰকাৰখনে ৰাইজৰ সুখ -দুখৰ অংশীদাৰ নহয়। ৰাইজে দাবী কৰিছে কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়খনৰ পূৰ্বৰ মৰ্যদা বাহাল ৰখাৰ বাবে কিন্তু চৰকাৰ নাচোৰবান্দা হৈ আছে। বিটিচিৰ সকলোতকৈ ডাঙৰ হাস্পতালখন পৰাপক্ষত ভালহে কৰিব লাগে, উন্নত কৰিব লাগে।

ইয়াৰোপৰি খাম্পা বৰগয়াৰীয়ে চৰকাৰৰ দায়িত্ব ভঙা নে গঢ়াৰ বুলিও প্ৰশ্ন উত্থাপন কৰে। ৰাইজৰ প্ৰয়োজনীয়তা যদি চৰকাৰে বুজিব নোৱাৰে তেনেহলে এইখন কিহৰ চৰকাৰ বুলি মন্তব্যৰে খাম্পা বৰগয়াৰীয়ে ঐতিহ্যমণ্ডিত হাস্পতালখন বন্ধ কৰাৰ ষড়যন্ত্ৰক গৰিহণা দি ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ পূৰ্বৰ মৰ্যদা অক্ষুণ্ণ ৰাখিবলৈ দাবী জনায়।

আজিৰ সমদলত ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকাৰী সভাপতি ডাওৰাও দেখ্ৰেব নাৰ্জাৰীও উপস্থিত থাকি ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ পূৰ্বৰ মৰ্যদা অক্ষুণ্ণ ৰাখিবলৈ দাবী জনাইছে। উল্লেখ্য যে, আজিৰ সমদলটোৱে আৰএনবি ৰোডেৰে জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।

উক্ত স্মাৰকপত্ৰত ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ পূৰ্বৰ মৰ্যদা অক্ষুণ্ণ ৰাখিবলৈ দাবী উত্থাপন কৰিছে। আজিৰ প্ৰতিবাদী ৰেলীত বিপিএফ, কংগ্ৰেছ, এবিএমছু, বনছু, সদৌ অসম ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়ন, বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ, আছাকে ধৰি কেইবাটাও দল সংগঠনৰ নেতৃবৃন্দও অংশগ্ৰহণ কৰে ৷

ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ মৰ্যদা অক্ষুণ্ণ ৰখাৰ দাবীত প্ৰতিবাদী সমদল...
অসম সাহিত্য সভাৰ পাঠশালা অধিবেশনৰ প্ৰস্তুতি আৰম্ভঃ ৯ খন উপ-সমিত গঠন...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in