নাথ যোগী সন্মিলনীৰ প্ৰাক্তন সভানেত্ৰী প্ৰীতিলতা ৰায় নাথৰ ইহলীলা সম্বৰণ

নাথ যোগী সন্মিলনীৰ প্ৰাক্তন সভানেত্ৰী প্ৰীতিলতা ৰায় নাথৰ ইহলীলা সম্বৰণ

author-image
Asomiya Pratidin
New Update
নাথ যোগী সন্মিলনীৰ প্ৰাক্তন সভানেত্ৰী প্ৰীতিলতা ৰায় নাথৰ ইহলীলা সম্বৰণ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলা নাথ যোগী সন্মিলনীৰ প্ৰাক্তন সভানেত্ৰী, তিনালী -চাৰিআলি ভিচিডিচিৰ সদস্য, কোকৰাঝাৰ জিলাৰ ভূটীয়াপাৰা নিৱাসী তথা কোকৰাঝাৰ জিলা অগপৰ সম্পাদক চিৰাজ নাথৰ সহধৰ্মিনী প্ৰীতিলতা ৰায় নাথ (৪৩)আজি ইহলীলা সম্বৰণ কৰে । দীৰ্ঘদিনৰ পৰা দুৰাৰোগ্য ৰোগত ভূগি থকা প্ৰীতিলতা ৰায় নাথৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে । মৃত্যুৰ পূৰ্বে প্ৰীতিলতা ৰায় নাথে স্বামী, ২ কন্যা আৰু এজন পুত্ৰ সন্তান ইহজগতত এৰি থৈ যায়।

Advertisment

উল্লেখ্য যে প্ৰীতিলতা ৰায় নাথৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অজস্ৰ গুণমুগ্ধই তেওঁৰ বাসভৱনত ভিৰ কৰে । সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথ , অগপৰ কোকৰাঝাৰ জিলা সভাপতি জাকিৰ হুছেইন , সদস্য কৰ্ণমোহন ৰায় , জিলা নাথ যোগী সন্মিলনীৰ সম্পাদক প্ৰমোদ নাথ , কোকৰাঝাৰ জিলা বিজেপিৰ উপ-সভাপতি মানস প্ৰতিম ৰায় , ইউপিপিএলৰ ব্লক কমিটিৰ সহ সম্পাদক মহন্ত নাথ আদিকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে মৃতকৰ ঘৰত উপস্থিত হৈ মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

তদুপৰি কোকৰাঝাৰ পুৱ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে ইউপিপিএল দলৰ সদস্য প্ৰীতিলতা ৰায় নাথৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।

Also Read: বহুমহলীয়া অট্টালিকাৰ পাবত অগ্নিকাণ্ডঃ প্ৰাণৰ মমতাত জপিয়ালে এজনে...

kokrajhar