Advertisment

BTC ৰ নিৰ্বাচনত  ৪০ খন আসনতে প্ৰতিদ্বন্দিতা কৰিব কংগ্ৰেছ দলে...

বিটিচি নিৰ্বাচনৰ দিন, তাৰিখ ঘোষণা কৰা হোৱা নাই যদিও নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে কংগ্ৰেছ দলে । বিটিচিৰ ৪০ খন আসনতে প্ৰাৰ্থী থিয় কৰোৱাৰ পৰিকল্পনাৰে এতিয়াৰে পৰা ভিচিডিচি পৰ্যায়ৰ পৰাই কাম আৰম্ভ কৰিছে কংগ্ৰেছ দলে।

author-image
Asomiya Pratidin
New Update
BTC ৰ নিৰ্বাচনত  ৪০ খন আসনতে প্ৰতিদ্বন্দিতা কৰিব কংগ্ৰেছ দলে...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ বিটিচি নিৰ্বাচনৰ দিন, তাৰিখ ঘোষণা কৰা হোৱা নাই যদিও নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে কংগ্ৰেছ দলে । বিটিচিৰ ৪০ খন আসনতে প্ৰাৰ্থী থিয় কৰোৱাৰ পৰিকল্পনাৰে এতিয়াৰে পৰা ভিচিডিচি পৰ্যায়ৰ পৰাই কাম আৰম্ভ কৰিছে কংগ্ৰেছ দলে।

Advertisment

সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক পৃথ্বীৰাজ সাথে কোকৰাঝাৰত বাহৰ পাতি অহা বিটিচি নিৰ্বাচনত কংগ্ৰেছ দলে পৰিষদৰ ৪০ খন আসনতে প্ৰতিদ্বন্দিতা কৰিব বুলি ঘোষণা কৰিছে। আজি কোকৰাঝাৰ কংগ্ৰেছৰ জিলা সমিতিৰ কাৰ্যালয় ৰনেন্দ্ৰ ভৱনত আয়োজিত হোৱা এক সংবাদমেলত সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক পৃথ্বীৰাজ সাথে আগন্তুক বিটিচি পৰিষদৰ নিৰ্বাচনৰ  ৪০ খন আসনতে প্ৰতিদ্বন্দিতা কৰিবলৈ কংগ্ৰেছ দল সাজু হোৱা বুলি উল্লেখ কৰে।

এই সন্দৰ্ভত বিটিচিৰ ভিচিডিচিৰ অধ্যক্ষ, মণ্ডল কমিটিৰ লগত আলোচনা কৰাৰ উদ্দেশ্যে কোকৰাঝাৰত উপস্থিত হোৱা বুলি মন্তব্য কৰে ৷ কোকৰাঝাৰ জিলাত থকা ১২ খন পৰিষদীয় আসনৰ বিষয়ত আলোচনা -পৰ্যালোচনা হোৱা বুলি উল্লেখ কৰি কাইলৈ দৰং, ওডালগুৰি, তামুলপুৰ ভ্ৰমণ কৰি দলীয় সভাত অংশগ্ৰহণ কৰিব বুলি সদৰি কৰিছে পৃথ্বীৰাজ সাথেই।

বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে বিটিচিত উন্নয়নৰ বাবে কোনো ধৰণৰ পুঁজি আৱন্টন নিদিয়াৰ অভিযোগ তুলি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে, কেন্দ্ৰত কংগ্ৰেছ দলৰ শাসনৰ কালছোৱাই আছিল বিটিচিৰ বাবে সোণালী সময়। উক্ত সময়ছোৱাতে বিটিচি পৰিষদীয় এলেকাত তীব্ৰগতিত উন্নয়ন হৈছিল।

উক্ত সময়ছোৱাত হাগ্ৰামা মহিলাৰীৰ বিপিএফৰ সতে মিত্ৰতা থকাৰ সুবাদতে দিল্লীয়ে বিটিচিলৈ এহেজাৰ কোটি টকা উন্নয়নৰ বাবে প্ৰদান কৰিছিল। সেই সোণালী সময়ছোৱাতে বিটিচিত অভিযান্ত্ৰিক মহাবিদ্যালয়, বড়োলেণ্ড বিশ্ববিদ্যালয়, কেন্দ্ৰীয় কাৰিকৰী প্ৰতিষ্ঠানকে ধৰি ডাঙৰ ডাঙৰ প্ৰতিষ্ঠান নিৰ্মাণ হৈছিল আৰু সৰ্বদিশত উন্নয়ন হৈছিল।

কিন্তু বৰ্তমান শাসকীয় দলৰ শাসন কাৰ্যক লৈ ৰাইজ হতাশাত ভূগি আছে বুলি উল্লেখ কৰি সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক পৃথ্বীৰাজ সাথে কয় যে, ৰাইজে এতিয়া পুনৰ কংগ্ৰেছ দলক বিচাৰিছে । বৰ্তমান গুৱাহাটীৰ পৰাহে বিটিচিত শাসন চলে বুলি কটাক্ষ কৰি পৃথ্বীৰাজ সাথেই কয় যে, কাৰ্বি আংলঙত জনজাতি লোকৰ ৬০ হেজাৰ বিঘা ভূমি হস্তক্ষেপ কৰি যেনেদৰে আদানীৰ চিমেণ্ট কোম্পানীক হস্তান্তৰ কৰা হৈছে, ঠিক তেনেদৰে বিটিচিতো একেই কাম হ'ব পাৰে বুলি সন্দেহ ব্যক্ত কৰিছে।

সৰ্বাংগীন উন্নয়নৰ বাবে সকলো ৰাইজে এতিয়া কংগ্ৰেছকে বিচাৰিছে বুলি মন্তব্য কৰি পৃথ্বীৰাজ সাথেই আগন্তুক বিটিচি নিৰ্বাচনত ৪০ খন আসনতে কংগ্ৰেছে নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি ঘোষণা কৰিছে। 

 

কোকৰাঝাৰ কংগ্ৰেছ