/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-09/88ir7dn0/AP-FOR-WEB4.jpg)
ডিজিটেল সংবাদ, বাক্সা : অহা ১৫ আৰু ১৬ নৱেম্বৰত দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হ'ব বড়োলেণ্ড মহোৎসৱ। বড়োলেণ্ড মহোৎসৱত অংশ ল’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ইতিমধ্যে বিটিচি পৰিষদ, বৰ' থুনলাই আফাদ (বড়ো সাহিত্য সভা), দুলাৰাই বৰ' ফৰাইছা আফাদ( এবছু), দুলাৰাই বৰ' হাৰিমু আফাদ আৰু গান্ধী হিন্দুস্তানী সাহিত্য সভাৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে বড়োলেণ্ড মহোৎসৱ অনুষ্ঠিত কৰিবলৈ ব্যাপক আয়োজন কৰা হৈছে ৷
বড়ো জনগোষ্ঠীটোৰ ভাষা, শিক্ষা আৰু সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে আয়োজিত হ'বলগীয়া মহোৎসৱত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ইয়াকে লৈ ইতিমধ্যে বিটিআৰ, ৰাজ্যখনৰ বিভিন্ন বড়ো অঞ্চল, নেপাল আৰু বাংলাদেশত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-09/dbx3vvov/6ce7d9b9-e033-4778-a797-285821746eb6.jpg)
শনিবাৰে বাক্সা জিলাৰ সদৰ মুছলপুৰত বাগসা জিলা বড়ো সাহিত্য সভা, বাগসা জিলা এবছু আৰু বাগসা জিলা হাৰিমু আফাদে যৌথভাৱে বড়োলেণ্ড মহোৎসৱত প্ৰধানমন্ত্ৰীৰ আগমনক লৈ এক আদৰণি শোভাযাত্ৰা বাহিৰ কৰে ৷ বহু শতাধিক সদস্যই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী জিন্দাবাদ, বড়োলেণ্ড মহোৎসৱ লৈ আদৰণি জনাইছো, বড়ো সাহিত্য সভা জিন্দাবাদ, এবছু, বৰ' হাৰিমু গোছাৰথোং জিন্দাবাদ আদি শ্লোগান দি মুছলপুৰ চহৰত সমদল উলিয়ায়।
ইফালে বড়ো সাহিত্য সভাৰ সভাপতি ড° সুৰথ নাৰ্জাৰীয়ে বড়োলেণ্ড মহোৎসৱৰ প্ৰয়োজনীয়তাক দোহাৰি কয় যে, নিজৰ জাতিৰ ভাষা -সংস্কৃতি -সাহিত্য বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ আমি ঐক্যান্তিক প্ৰচেষ্ঠা অব্যাহত ৰাখিছো । আমি বিদ্ৰোহী নহয় , বিপ্লৱীহে আৰু নিজ প্ৰচেষ্ঠাত যোগ্যতা অনুসাৰে স্বীকৃতি লাভ কৰিছো আৰু বৰ্তি থাকিবলৈ আমি সংগ্ৰাম কৰিছো ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-09/imu5bnzx/6ba87628-59d0-4e2d-a35c-6ed40c22fe42.jpg)
আমাৰ উদ্দেশ্য সৎ আৰু প্ৰগতিমূলক বুলি মন্তব্য কৰি বড়ো সাহিত্য সভাৰ সভাপতি ড° নাৰ্জাৰীয়ে বড়োলেণ্ড মহোৎসৱৰ সফলতা কামনা কৰে । এবছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক দিনেশ ব্ৰহ্মই কয়- বড়োসকলৰ ভাষা -সংস্কৃতি -সাহিত্য বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ মূল উদ্দেশ্য আগত লৈ অহা ১৫ আৰু ১৬ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে নতুন দিল্লীৰ ইন্দিৰা গান্ধী ছাই ইণ্ডোৰ ষ্টেডিয়ামত বড়োলেণ্ড মহোৎসৱ অনুষ্ঠিত হ'ব।
য'ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত থাকিব। ইন্দিৰা গান্ধী ছাই ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া আলোচনাচক্ৰত মুখ্য অতিথি হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত থাকি বড়োসকলৰ যিসমুহ থলুৱা সামগ্ৰীয়ে জিআই টেগ লাভ কৰিছে সেয়া প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-09/kxt0nzbw/6167c24f-ddec-4209-b710-debd883b37a7.jpg)
উদ্যোক্তাই জনোৱা অনুসৰি উক্ত আলোচনাচক্ৰত বিটিআৰৰ তিনিখন ৰাষ্ট্ৰীয় উদ্যান ক্ৰমে মানাহ , ৰাইমনা , চিমনাঝাৰলৈ কেনেদৰে বিদেশী পৰ্যটক আনিব পৰা যায় সেয়াও আলোচিত হ'ব । ৰাষ্ট্ৰীয় শিক্ষানীতি -২০২০ ত উল্লেখ থকা মাতৃভাষা মাধ্যম সম্পৰ্কেও আলোচিত হ'ব আলোচনাচক্ৰত, য'ত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী উপস্থিত থাকিব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে।
Also Read: 'শৰতৰ আবেলিত কবিতাৰ গুঞ্জন' শীৰ্ষক কবি সন্মিলনত গ্ৰন্থ উন্মোচন