কোকৰাঝাৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ বাজেট অধিবেশনৰ প্ৰস্তুতি সম্পূৰ্ণ

অসম বিধান সভাৰ বাজেট অধিবেশন প্ৰথমবাৰৰ বাবে অহা ১৭ ফেব্ৰুৱাৰীত কোকৰাঝাৰত অনুষ্ঠিত হ'ব। অধিবেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী কোকৰাঝাৰৰ বিটিচি বিধান পৰিষদীয় ভৱনত অনুষ্ঠিত হ'ব।

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ বাজেট অধিবেশনৰ প্ৰস্তুতি সম্পূৰ্ণ

ডিজিটেল সংবাদ কোকৰাঝাৰঃ অসম বিধান সভাৰ বাজেট অধিবেশন পোনপ্ৰথমবাৰৰ বাবে অহা ১৭ ফেব্ৰুৱাৰীত কোকৰাঝাৰৰ বিটিচি বিধানপৰিষদীয় ভৱনত অনুষ্ঠিত হ'ব। পোনপ্ৰথমবাৰৰ বাবে এইবেলি ৰাজধানীৰ পৰিবৰ্তে অসম বিধান সভাৰ বাজেট অধিবেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী কোকৰাঝাৰৰ বিটিচি বিধান পৰিষদীয় ভৱনত অনুষ্ঠিত হ'ব আৰু ইয়াকে লৈ কোকৰাঝাৰত পূৰ্ণ গতিত অধিবেশনৰ  প্ৰস্তুতি চলিছে ৷

Advertisment

বিটিচি বিধান পৰিষদীয় ভৱন আৰু বিটিচি সচিবালয়ৰ লগতে সমগ্ৰ কোকৰাঝাৰ চহৰ ন ৰূপত সজাই তোলা হৈছে। চহৰৰ বাট-পথৰ দুয়োকাষে ফটো সম্বলিত বেনাৰ লগোৱা হৈছে ৷ ৰাস্তাৰ দুয়োকাষে থকা আৱৰ্জনা, বননি আঁতৰ কৰা হৈছে আৰু কোকৰাঝাৰ সুন্দৰ ৰূপত গঢ় দিবলৈ প্ৰচেষ্ঠা চলোৱা হৈছে।

ইপিনে আজি বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে বিটিচি বিধান পৰিষদীয় ভৱন প্ৰাংগনত উপস্থিত হৈ অধিবেশনৰ প্ৰস্তুতি সম্পৰ্কে বুজ লয় ৷ তেওঁ সাংবাদিকৰ আগত ১৭ ফেব্ৰুৱাৰীৰ দিনটো ঐতিহাসিক বুলি মন্তব্য কৰি উক্ত বাজেট অধিবেশনত ৰাজ্যৰ লগতে ষষ্ঠ অনুসূচী এলেকা আৰু কোকৰাঝাৰৰ কথা পাতিব বুলি আশা প্ৰকাশ কৰিছে।

অসম বিধানসভাই সদায়ে ৰাজ্যৰ উন্নয়নৰ হকে সিদ্ধান্ত গ্ৰহণ কৰি আহিছে আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই স্থায়ী শান্তি-সমন্বয়ৰ লগতে ৰাজ্যৰ চোকে-কোণে উন্নয়নৰ বাবে কাম কৰিছে বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে বিকশিত ভাৰত নিৰ্মাণ প্ৰক্ৰিয়াত অসম ইতিমধ্যে চামিল হৈছে বুলি মত প্ৰকাশ কৰে। আনহাতে এডভাণ্টেজ অসমৰ যোগেদি দেশ -বিদেশৰ প্ৰতিনিধি অংশগ্ৰহণ কৰিব আৰু মুখ্যমন্ত্ৰীৰ উদ্দেশ্য সফল কৰি তুলিব বুলি আশা প্ৰকাশ কৰিছে প্ৰমোদ বড়োৱে।

উল্লেখ্য যে, ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে বাজেট অধিবেশনৰ প্ৰথম দিনাৰ কাৰ্যক্ৰমনিকা আৰম্ভ হ'ব। ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্য কাইলৈ অৰ্থাৎ ১৫ ফেব্ৰুৱাৰীতে বন্দে ভাৰত ৰে'লযোগে কোকৰাঝাৰত উপস্থিত হ'ব আৰু ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হবলগীয়া বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অভিবৰ্তনত অংশ ল'ব । 

ইয়াৰোপৰি ৰাজ্যপাল কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ চিআইটিৰ এক অনুষ্ঠানতো অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।  ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্য চৰাইখোলাৰ অতিথিশালাত দুটানিশা কটাব বুলি জানিব পৰা গৈছে।

আনহাতে অসম বিধানসভাৰ বাজেট অধিবেশনত ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্যক বিটিচি বিধান পৰিষদীয় ভৱনলৈ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিচি বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো, বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে আদৰি নিব বুলি জানিব পৰা গৈছে। ইপিনে বাজেট অধিবেশনত অংশগ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ উপৰিও আন মন্ত্ৰী বিধায়কসকল ১৭ ফেব্ৰুৱাৰীৰ ৰাতিপুৱাই গুৱাহাটীৰ পৰা চাটাৰ্ড বাচযোগে কোকৰাঝাৰলৈ ৰাওনা হ'ব আৰু বজালীত ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰি কোকৰাঝাৰৰ বিটিচি বিধান পৰিষদীয় ভৱনত ৰাতিপুৱা ১১: ০০ বজাৰ পূৰ্বে উপস্থিত হোৱাৰ সম্ভাৱনা আছে ।

অসম বিধানসভাৰ বাজেট অধিবেশন ৰাতিপুৱা ১১:৪৫ বজাৰ পৰা আৰম্ভ হ'ব । বিটিচি বিধান পৰিষদীয় ভৱনত অধিবেশনৰ বাবে ১২৬ খন আসন সাজু কৰি তোলা হৈছে। বিটিচিৰ কাৰ্যবাহী সদস্য, সদস্যসকল গেলেৰীৰ বাওঁফালৰ আসনত বহি অধিবেশনৰ কাৰ্যক্ৰমনিকা চোৱাৰ সুবিধা লাভ কৰিব ।

আনহাতে সাংবাদিকসকলৰ বাবে গেলেৰীৰ সোঁপিনৰ আসনত বহাৰ ব্যৱস্থা কৰিছে। আনহাতে অধিবেশনৰ কাৰ্যক্ৰমনিকা উপভোগ কৰিবলৈ দল-সংগঠনৰ নেৰ্তৃত্বক আমন্ত্ৰণ জনোৱা হৈছে আৰু তেওঁলোকে অস্থায়ীভাৱে নিৰ্মান কৰা ৰভাথলীৰ পৰা ষ্ক্ৰীণযোগে বিধানসভাৰ বাজেট অধিবেশনৰ পোনপোটীয়া সম্প্ৰচাৰ উপভোগ কৰিব পাৰিব ।

বৰ্তমানে বিটিচিৰ পাৰ্কিংৰ ঠাইডোখৰতে ৰভা নিৰ্মান কৰি উক্ত সুবিধাৰ ব্যৱস্থা কৰা হৈছে । আনহাতে বিটিচি সচিবালয়ৰ প্ৰাংগনতে নিৰ্মান কৰা অস্থায়ী মণ্ডপতে মন্ত্ৰী বিধায়কসকলক খোৱাৰ সুব্যৱস্থা কৰা হৈছে। উক্ত দিনা সুষম আহাৰ তথা পৰম্পৰাগত খাদ্যসম্ভাৰ আগবঢ়োৱা হ'ব বুলি জানিব পৰা গৈছে ।

প্ৰণিধানযোগ্য যে অসম বিধানসভাৰ বাজেট অধিবেশন যাতে সুকলমে সম্পন্ন হয় তাৰ বাবে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী কেবাবাৰো বিটিচি বিধান পৰিষদ, সচিবালয় পৰিভ্ৰমণ কৰি দিক নিদৰ্শনা দিছিল। অসমৰ মুখ্য সচিব ৰবি কোটাই বিটিচি বিধান পৰিষদ পৰিদৰ্শন কৰি অহা ১৭ ফেব্ৰুৱাৰীত কোকৰাঝাৰৰ বিটিচি বিধান পৰিষদত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰস্তুতি সম্পৰ্কে পৰ্যবেক্ষণ কৰিছিল।

বাজেট অধিবেশনৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আৰু সকলোৱে অহা ১৭ ফেব্ৰুৱাৰীৰ ঐতিহাসিক দিনটোলৈ গভীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে । 

 

কোকৰাঝাৰ অসম বিধানসভা