Advertisment

বৰমাত বড়োলেণ্ড টাইকোৱাণ্ড প্ৰতিযোগিতাৰ প্ৰস্তুতি...

বাক্সা জিলাৰ বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অহা ২৭, ২৮ আৰু ২৯ ডিচেম্বৰত বড়োলেণ্ড টাইকোৱণ্ড প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ইয়াৰ বাবে ইতিমধ্যে ব্যপক প্ৰস্তুতি চলোৱা হৈছে ।  

author-image
Asomiya Pratidin
New Update
বৰমাত বড়োলেণ্ড টাইকোৱাণ্ড প্ৰতিযোগিতাৰ প্ৰস্তুতি...

ডিজিটেল সংবাদ বৰমাঃ  বাক্সা জিলাৰ বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অহা ২৭, ২৮ আৰু ২৯ ডিচেম্বৰত বড়োলেণ্ড টাইকোৱণ্ড প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ইয়াৰ বাবে ইতিমধ্যে ব্যপক প্ৰস্তুতি চলোৱা হৈছে ।  

Advertisment

প্ৰতিযোগিতা পৰিচালনা সমিতিত সভাপতি হিচাপে দিনোনাথ ৰামচিয়াৰী আৰু যুটীয়া সম্পাদক হিচাপে ক্ৰমে  হেমন্ত কুমাৰ দত্ত আৰু হিমাংশু পাঠসকককলক দায়িত্ব অৰ্পণ কৰিছে । পৰিচালনা সমিতিৰ সভাপতি দিনোনাথ ৰামচিয়াৰীয়ে জনোৱা মতে  এইবাৰ অনুষ্ঠিত হ'ব- ৩০ সংখ্যক কিউৰোগী আৰু ১১ সংখ্যক পুমচে বড়োলেণ্ড টাইকোৱাণ্ড প্ৰতিযোগিতা।

কাৰ্যসূচী অনুসৰি মতে ২৭ ডিচেম্বৰত দুপৰীয়া খেলুৱৈসকলক আদৰণি, উপস্থি খেলুৱৈৰ ওজন আৰু জোখ-মাখ নিৰুপন। ২৮ ডিচেম্বৰত পুৱা খেলুৱৈ আৰু ৰেফাৰী মাৰ্চিং। ইয়াৰ পিছতে পতাকা উত্তোলন কৰিব সদৌ বড়োলেণ্ড টাইকোৱাণ্ড সংস্থাৰ সভাপতি বিশ্বজিৎ দৈমাৰীয়ে ।

স্মৃতি তৰ্পন আৰু বন্তি প্ৰজ্বলন কৰিব ক্ৰমে দিনোনাথ ৰামচিয়াৰী আৰু বড়োলেণ্ড টাইকোৱাণ্ড সংস্থাৰ সম্পাদক  লাচিত বসুমতাৰীয়ে । খেল জাগৰণ শোভাযাত্ৰা মুকলি কৰিব বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ।

পুৱা ১০-৪৫ বজাত শুভংকৰ উদ্বোধন কৰিব বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়োৱে । ১১ বজাত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে খেল উদ্বোধন কৰিব । দুপৰীয়া ১১-৩০ বজাত খেলুৱৈৰ শপত বাক্য অনুষ্ঠান আৰু খেল আৰম্ভ ।

আবেলি প্ৰতিযোগিতা আৰু পুৰস্কাৰ বিতৰণ । ২৯ ডিচেম্বৰত পুৱা ৮ বজাৰ পৰা প্ৰতিযোগিতা আৰম্ভ। আবেলি প্ৰতিযোগিতা আৰু পুৰস্কাৰ বিতৰণ কৰা হ'ব। সন্ধিয়া ৬-৩০ বজাৰ পৰা আছে সাংস্কৃতিক সমাৰোহ। সমাৰোহ উদ্বোধন কৰিব সাংস্কৃতিক শিল্পী ৰুমী কছাৰীয়ে। খেল প্ৰেমীসকলৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে ।

টাইকোৱাণ্ড বৰমা