/asomiyapratidin/media/media_files/2025/06/03/EqWIci6d6qpQBJ9L1l1M.jpg)
ডিজিটেল সংবাদ বাক্সাঃ শিক্ষকৰ গাফিলতিৰ বাবেই এটা শিক্ষাবৰ্ষ নষ্ট হ’ল এগৰাকী ছাত্ৰীৰ। বাক্সাৰ প্ৰগতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হোৱা এই ঘটনাক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
জানিব পৰা মতে বাক্সা জিলাৰ ডুমুনীৰ ৰোহিনী তান্তি নামৰ এগৰাকী ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ ফলত কম্পাৰ্টমেন্টেল পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে বিদ্যালয় কৰ্তৃপক্ষক দিছিল আবেদনৰ বাবে নথি-পত্ৰ আৰু নিৰ্ধাৰিত মাচুল।
কিন্তু বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰীগৰাকীয়ে প্ৰয়োজনীয় সকলো নথি-পত্ৰ আৰু আবেদন মাচুল জমা দিয়াৰ পিছতো সেই আবেদন নকৰাত পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হয় ছাত্ৰীগৰাকী। ইয়াৰ পিছতে ছাত্ৰীগৰাকীৰ অভিভাৱকে এই বিষয়ে বাক্সা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ ওচৰত অভিযোগ দাখিল কৰে।
কিন্তু তাৰ পিছতে দায়িত্বহীনতাৰ পৰিচয় দিয়া বিদ্যালয়খনৰ অধ্যক্ষ ফুলোমা দাসৰ বিৰুদ্ধে বাক্সা জিলা শিক্ষা বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। অভিভাৱকৰ অভিযোগ, অধ্যক্ষৰ গাফিলতিৰ বাবে এটা শিক্ষাবৰ্ষ নষ্ট হোৱাত মানসিকভাৱে ভাগি কৰিছে ছাত্ৰীগৰাকী আৰু তেওঁৰ পৰিয়াল।
ইফালে এইগৰাকী অধ্যক্ষ তথা বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষা বিভাগক দাবী জনাইছে আদিবাসী ছাত্ৰ সন্থাই। উল্লেখ্য, বিদ্যালয়খনৰ বিৰুদ্ধে এনে অভিযোগ এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও প্ৰগতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ক লৈ আন কেতবোৰ গুৰুতৰ অভিযোগো উত্থাপিত হৈছিল।