/asomiyapratidin/media/media_files/2025/03/29/OR6CAT9Iw2ZW4QVMxlhD.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ সেৰফাংগুৰী বজাৰ এলেকাৰ পৰা দুষ্কৃতিকাৰীয়ে অপহৰণ কৰি নিয়া প্ৰদীপ শীল নামৰ যুৱকজন যোৱা ছয় বছৰে কোনো শুংসূত্ৰ নোলোৱাত পৰিয়ালৰ লোক গভীৰ দুঃচিন্তাত পৰিছে। এই সন্দৰ্ভত পৰিয়ালৰ লোকে কাৰ্যলয়ে কাৰ্যালয়ে তাঁতবাটি কৰিছে যদিও কোনেও গুৰুত্ব নিদিয়াত পৰিয়ালৰ লোকসকল হতাশ হৈ পৰিছে ।
নাবালক সন্তানক লৈ প্ৰদীপ শীলৰ দুৰ্ভগীয়া পত্নী চাৰিওফালে অন্ধকাৰ দেখিছে। উল্লেখ্য যে ২০১৯ চনৰ ২৭ ছেপ্টেম্বৰত ছেৰফাংগুৰীৰ পৰা বজাৰ এলেকাৰ পৰা মেকানিক প্ৰদীপ শীলক দুৰ্ষ্কৃতিকাৰীয়ে অপহৰণ কৰিছিল । অপহৰণৰ পিছতে পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত সেৰফাংগুৰী থানাত এক এজাহাৰ দাখিল কৰিছিল যদিও আজিলৈকে অপহৃত প্ৰদীপ শীলৰ কোনো শুংসূত্ৰ ওলোৱা নাই ।
এই সন্দৰ্ভত আজি কোকৰাঝাৰ প্ৰেছ ক্লাৱত প্ৰদীপ শীলৰ অপহৰণ কাণ্ডৰ সঠিক তদন্ত বিচাৰি সংবাদমেলৰ আয়োজন কৰে ভাৰতীয় গণ পৰিষদ আৰু অপহৃতৰ পৰিয়ালে ৷ সংবাদমেলত ভৰতীয় গণ পৰিষদৰ কেন্দ্ৰীয় সভাপতি শান্তনু মুখাৰ্জী আৰু অপহৃত প্ৰদীপ শীলৰ জ্যেষ্ঠ ভাতৃ দীপক শীলে প্ৰদীপ শীলৰ অপহৰণ কাণ্ডৰ তদন্তৰ ঘোষণা কৰিবলৈ চৰকাৰৰ প্ৰতি কাতৰ আহ্বান জনাইছে।
প্ৰদীপ শীল জীৱিত আছে নে তেওঁৰ মৃত্যু হৈছে সেই সন্দৰ্ভতো চৰকাৰক ঘোষণা কৰিবলৈ আহ্বান জনাইছে ভাৰতীয় গণ পৰিষদ আৰু অপহৃতৰ পৰিয়ালে ৷ ভাৰতীয় গণ পৰিষদৰ সভাপতি শান্তনু মুখাৰ্জী আৰু অপহৃত প্ৰদীপ শীলৰ জ্যেষ্ঠ ভাতৃ দীপক শীলে অপহৃতৰ সহধৰ্মিনী আৰু সন্তানক কাষত বহুৱাই সংবাদমেলত কয় যে যেতিয়াই য'ত মাতিছে তাতেই তেওঁলোকে গৈছে। কি ডিচি অফিচ, কি থানা সকলোতে তেওঁলোক গৈছে।
/asomiyapratidin/media/media_files/2025/03/29/pSQ7eDLizcR24dAEmLPw.jpeg)
এতিয়া তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে, অপহৃতৰ পৰিয়ালৰ মৰ্মবেদনা নুশুনে। কি নিদাৰুণ পৰিস্থিতিত অপহৃতৰ পৰিয়ালে জীৱন নিৰ্বাহ কৰি আছে সেয়া কোনেও উপলদ্ধি নকৰে । এইক্ষেত্ৰত তেওঁলোকে মুখ্যমন্ত্ৰীক লগ কৰিব বিচাৰিলেও তেওঁলোক অসহায় , কোনেও সহায় নকৰে ।
আনকি পৰিয়ালে প্ৰদীপ শীলৰ মৃত্যুৰ প্ৰমাণপত্ৰও লাভ কৰিবলৈ সক্ষম হোৱা নাই । অপহৃতৰ পৰিয়ালে দুৰ্ষ্কৃতিকাৰীয়ে দাবী কৰা অনুসৰি ধন আদায় দিছিল, কিন্তু এতিয়ালৈতে কোনো সন্ধান নাই । ঘৰ-মাটি বন্ধকত গ'ল, অপহৃতৰ পৰিয়াল নি:স্ব হৈ পৰিল।
আৰ্থিকভাৱে দুৰ্বল অপহৃত প্ৰদীপ শীলৰ পত্নীক চৰকাৰী সংস্থাপন দিয়াৰ বাবে বাৰে বাৰে আহ্বান জনাই তেওঁলোক ভাগৰি পৰিল কিন্তু কোনেও কাণসাৰ নিদিলে । অন্তত মৃত্যুৰ প্ৰমাণপত্ৰখন দিবলৈ আৰু সঠিক তদন্ত কৰিবলৈ চৰকাৰৰ ওচৰত আহ্বান জনাইছে ভাৰতীয় গণ পৰিষদৰ সভাপতি শান্তনু মুখাৰ্জী আৰু অপহৃত প্ৰদীপ শীলৰ জ্যেষ্ঠ ভাতৃ দীপক শীলে।
তদুপৰি এইক্ষেত্ৰত অপহৃত প্ৰদীপ শীলৰ অপহৰণকাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্ত দিবলৈ আৰু পৰিয়ালটোক সকাহ প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি দূৰ্ভগীয়া পৰিয়ালটোৱে কাতৰ আহ্বান জনাইছে ।আজিৰ সংবাদমেলত ভাৰতীয় গণ পৰিষদৰ সাধাৰণ সম্পাদক জোতিষ মুখাৰ্জী , অপহৃত প্ৰদীপ শীলৰ পত্নী আৰু কণমানি সন্তানো উপস্থিত আছিল ৷
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us