/asomiyapratidin/media/media_files/2025/01/16/ZtSXjJ7eDY2DqrMeCrIb.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ মাত্ৰ পোন্ধৰটা মাহতে কংগ্ৰেছ দলৰ প্ৰতি মোহ ভংগ হৈ আজি প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ প্ৰবীণ বড়োৱে পুনৰ বডোলেণ্ড পিপুলছ পাৰ্টি চমুকৈ বিপিএফ দলত যোগদান কৰে। প্ৰবীণ বড়োৰ লগতে কংগ্ৰেছ নেতা তথা শ্ৰীমন্ত শংকৰ সংঘৰ যুৱ মৰ্চাৰ মুখপাত্ৰ দ্বীপজ্যোতি চহৰীয়াও বিপিএফত যোগদান কৰে ৷
আজি চিৰাং জিলাৰ ছামঠাইবাৰীস্থিত বাথৌ খেৰাই ৰিৰ্জ'টত বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত আনুষ্ঠানিক ভাবে বিপিএফ দলত যোগদান কৰে কংগ্ৰেছৰ নেতা দুগৰাকীক বিপিএফ দলৰ দলীয় পতাকা আৰু আৰ'নাইৰে আদৰণি জনোৱা হয়। যোগদানৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি প্ৰবীণ বড়োৱে কয় যে, মই সুদীৰ্ঘ ১৩ বছৰ বিপিএফ দলৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰিছো। পিছলৈ সামান্য ভুল বুজাবুজিৰ বাবেই মই অভিমান কৰি বিপিএফ দল এৰি কংগ্ৰেছ দলত যোগদান কৰিছিলো।
কংগ্ৰেছ দলত যোগদান কৰাৰ পিছত বিগত ১৫ টা মাহ বিটিআৰ এলেকাত দলীয় কামকাজ কৰিবলৈ গৈ মই এটাই অনুভৱ কৰিছো যে, বিটিআৰত যদিও অন্য দলৰ চৰকাৰ চলি আছে কিন্তু তেওঁলোকৰ কামকাজত ৰাইজ সন্তুষ্ট নহয়। অনাগত দিনত বিটিআৰৰ ৰাইজে বৰ্তমানৰ চৰকাৰৰ বিপৰীতে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলক বিচাৰি আছে। কাৰণ বিটিআৰৰ বিভিন্ন জাতি জনগোষ্ঠীৰ এক সমূহীয়া ৰাজনৈতিক দল হৈছে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দল ৷
অসমৰ ভিতৰতে বিপিএফ দল এটা শক্তিশালী আঞ্চলিক দল। যাৰ বাবে তেওঁ পুনৰাই বিপিএফ দলত যোগদান কৰিছে বুলি সদৰি কৰে। আনহাতে, আগন্তুক বিটিচিৰ পৰিষদীয় নিৰ্বাচনত প্ৰবীণ বড়োৰ বিপিএফত যোগদানে কেনে ধৰণৰ প্ৰভাৱ পেলাব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, তেওঁৰ যোগদানে দলত কি প্ৰভাৱ পেলাব সেয়া তেওঁৰ দলীয় কাম কাজে নিৰ্ণয় কৰিব।
ইপিনে সংবাদ মেলত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কয় যে, প্ৰবীন বড়ো আমাৰ দলৰে মানুহ আছিলে। কিন্তু কিছু ভুল বুজাবুজিৰ বাবে আমাৰ দল এৰি কংগ্ৰেছ দলত যোগদান কৰিছিল। এতিয়া তেওঁ পুনৰ উভতি আহিছে আমাৰ দললৈ। এতিয়া আমি একেলগে বিটিচিৰ সকলো জাতি জনগোষ্ঠীৰ হকে বিপিএফ দলৰ হৈ কাম কৰি যাম বুলি প্ৰকাশ কৰে।
অহা বিটিচিৰ পৰিষদীয় নিৰ্বাচনত বিপিএফ দল বিটিচিৰ শাসনত আহিলেই বিটিচিৰ নিবনুৱা যুৱক-যুৱতীসকলৰ উন্নয়নৰ বাবে ১০০ কোটি টকা ব্যয় কৰাৰ লগতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে বছৰত পঞ্চাশ কোটি টকা খৰছ কৰিব বুলি ইতিমধ্যেই দলৰ মজিয়াত আলোচনা হৈছে। চলিত ২০ আৰু ২১ জানুৱাৰী তাৰিখে চিৰাং জিলাৰ বেংতলত বিপিএফ দলৰ কেন্দ্ৰীয় ষষ্ঠ ত্ৰি-বাৰ্ষিক অধিবেশন তথা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অনুষ্ঠিত হোৱাৰ কথা আছিল।
কিন্তু ২১ জানুৱাৰীত আক্ৰাছুৰ পৰা অসম বন্ধ কাৰ্য্যসূচী আহ্বান কৰাত এক প্ৰকাৰ বাধ্য হৈ আমাৰ দলৰ কেন্দ্ৰীয় ত্ৰি-বাৰ্ষিক অধিবেশন ২০ আৰু ২১ জানুৱাৰীৰ পৰিবৰ্তে ১৯ আৰু ২০ জানুৱাৰী তাৰিখে অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰে । উক্ত অধিবেশনত বিটিচি নিৰ্বাচনৰ ওপৰত বিতং আলোচনা অনুষ্ঠিত হ'ব বুলি মত ব্যক্ত কৰে ৷
এবছু, ইউপিপিএল দলৰ উপৰি বিভিন্ন দল, সংগঠনৰ পৰা ভালে সংখ্যক নেতাই বিপিএফ দলত যোগদান কৰাৰ বাবে আলোচনা চলাই আছে বুলি উল্লেখ কৰে ৷ আজিৰ অনুষ্ঠানত বিপিএফ দলৰ সাধাৰণ সম্পাদক মহেশ্বৰ ব্ৰহ্ম, মহিলা নেত্ৰী মালতী ৰাণী ব্ৰহ্মকে ধৰি দলৰ কে'বাজনো নেতা-কৰ্মী উপস্থিত থাকে ৷