/asomiyapratidin/media/media_files/2025/04/10/sZgTsiBbs9NU7egRMJeC.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰঃ গুণোৎসৱৰ ফলাফলত ষষ্ঠ অনুসূচীভুক্ত এলেকাৰ প্ৰদৰ্শন অতি নিম্নগামী হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কোকৰাঝাৰৰ বডোলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত বি টি আৰৰ চাৰিখন জিলাৰ ৩২০ গৰাকী শিক্ষকক লৈ আজি এবছুৱে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। মূলত গুণোৎসৱত ষষ্ঠ অনুসূচীভূক্ত এলেকাৰ প্ৰদৰ্শন নিম্নগামী হোৱাৰ কাৰণ বাহিৰ কৰা আৰু শৈক্ষিক পৰিৱেশ উন্নত কৰিবলৈকে আজি শিক্ষকৰ সতে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি শিক্ষক সমাজৰ মত লয় এবছুৱে।
পৰ্যালোচনা বৈঠকৰ অন্তত এবছুৰ সভাপতি দ্বীপেন বড়োৱে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এতিয়াও এজনীয়া শিক্ষকেৰে প্ৰাথমিক বিদ্যালয় চলি আছে য'ত ৫ টা শ্ৰেণী আৰু ২৫ টা বিষয় এজন শিক্ষকেই চম্ভালিব লাগে। প্ৰকৃততে শিক্ষা ব্যৱস্থা জলাঞ্জলি দিয়া হৈছে বুলি মন্তব্য কৰি নতুন শৈক্ষিক বৰ্ষ আৰম্ভ হোৱাৰ পিছতো এতিয়াও ছাত্ৰ-ছাত্ৰীয়ে পৰ্যাপ্ত পৰিমাণৰ কিতাপ পোৱা নাই।
তদুপৰি ৰাজ্যত বহু সংখ্যক শিক্ষকৰ পদ বৰ্তমানেও খালী হৈ আছে আৰু ওদালগুৰি, বাক্সা, কোকৰাঝাৰত বিদ্যালয় পৰিদৰ্শক, জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ পদ পৰ্যন্ত খালী হৈ আছে বুলি মন্তব্য কৰি শিক্ষকক অনাশৈক্ষিক কামত ব্যস্ত ৰখাৰ বাবেও শৈক্ষিক ক্ষেত্ৰখনৰ ক্ষতিসাধন হৈছে বুলি মন্তব্য কৰে। হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গণিত আৰু বিজ্ঞানৰ শিক্ষকৰ অভাৱ হৈছে আৰু সেয়া শীঘ্ৰেই নিযুক্তি দিবলৈ আহ্বান জনাই শ্ৰেণীকোঠাত গুণগত পাঠদান আৰু সঠিক মূল্যায়ন নিশ্চিত কৰিবকৈ দ্বীপেন বড়োৱে আহ্বান জনাইছে।
আনহাতে এবছু আৰু বড়ো সাহিত্য সভাৰ প্ৰতিনিধিৰ দলে এতিয়াৰে পৰা প্ৰতি ১৫ দিনৰ মূৰে মূৰে বিদ্যালয় পৰিদৰ্শন কৰিব বুলি মন্তব্য কৰি অহা জুলাই মাহত বড়ো মাধ্যমৰ ৫ হাজাৰ শিক্ষকক লৈ শিক্ষা আৰু শিক্ষকৰ কনক্লেভ অনুষ্ঠিত কৰা হ'ব বুলি সদৰি কৰিছে। উল্লেখ্য যে যোৱা ২৭ মাৰ্চত গুণোৎসৱৰ ফলাফল ঘোষিত হৈছিল ।
উক্ত ফলাফলত ওদালগুৰি, বাক্সা, কোকৰাঝাৰ, চিৰাঙে শোচনীয় প্ৰদৰ্শন দাঙি ধৰিছিল। তাৰপিছতে এবছুৱে শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে আৰু তাৰেই অংশস্বৰূপে আজি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত শিক্ষকৰ সৈতে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি শিক্ষাৰ মান উন্নত কৰিবলৈ প্ৰচেষ্টা চলাইছে এবছুৱে।
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত এবছুৰ উপ -সভাপতি খৌৰৌমদাও ওৱাৰীৰ পৰিচালনাত অনুষ্ঠিত হোৱা আজিৰ পৰ্যালোচনা বৈঠকত বি টি আৰৰ তিনিশতাধিক শিক্ষক উপস্থিত থকাৰ লগতে বড়ো সাহিত্য সভাৰ সভাপতি ড° সুৰথ নাৰ্জাৰী, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক সুবুং বসুমতাৰী, এবছুৰ সাধাৰণ সম্পাদক খণীন্দ্ৰ বসুমতাৰী, সহ সম্পাদক দীনেশ ব্ৰহ্ম আদিকে ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰিছিল।