ঝাৰগাঁৱত আৰক্ষীৰ অভিযান : নিচাযুক্ত দ্ৰব্যসহ সৰবৰাহকাৰী আটক

ঝাৰগাঁৱত আৰক্ষীৰ অভিযান : নিচাযুক্ত দ্ৰব্যসহ সৰবৰাহকাৰী আটক

ডিজিটেল সংবাদ,ৰৌতা : ৰৌতাৰ ঝাৰগাঁৱত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । আৰক্ষীৰ এই অভিযানত দেওবাৰে হিৰোইনসহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে এক গোপন খবৰৰ ভিত্তিত ৰৌতা আৰক্ষীৰ বৃহৎ দলে চলাইছিল এই অভিযান । ঝাৰগাঁৱৰ এখন হোটেলত চাহ খাই থকা অৱস্থাত আৰক্ষীয়ে অতৰ্কিতে চলাই অভিযান ।

জানিব পৰা মতে অৰুণাচলৰ পশ্চিম কামেং জিলাৰ আংকালিং পি ডব্লিঅ' ডি ৰোডৰ কৰ্মা ছানাম নামৰ যুৱকক ২১ গ্ৰাম হিৰোইনসহ আৰক্ষীয়ে আটক কৰে। দুটা চাবোনৰ বাকচত আনিছিল হেৰোইনখিনি ।

সৰবৰাহকাৰীজনে নিচাযুক্ত দ্ৰব্যখিনি ৰৌতাৰ পৰা ক্ৰয় কৰি অৰুণাচললৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল বুলি জানিব পৰা গৈছে । পিছত ৰৌতা আৰক্ষীয়ে হিৰোইনখিনি জব্দ কৰাৰ লগতে যুৱকজনক আটক কৰি থানালৈ লৈ আহে । এই সন্দৰ্ভত ৰৌতা আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।

ঝাৰগাঁৱত আৰক্ষীৰ অভিযান : নিচাযুক্ত দ্ৰব্যসহ সৰবৰাহকাৰী আটক
হোজাইত বানাক্ৰান্ত ৰাইজৰ কাষত মন্ত্ৰী পীযুষ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in