"বিজেপিক আৰু ২০০ বছৰলৈ নালাগে মুছলমানৰ ভোট"- মন্ত্ৰী পিয়ুজ হাজৰীকা

"বিজেপিক আৰু ২০০ বছৰলৈ নালাগে মুছলমানৰ ভোট"- মন্ত্ৰী পিয়ুজ হাজৰীকা

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি জিলাৰ ভেৰগাঁও'ত শনিবাৰে বিজেপিৰ এখন বিশাল জনজাগৰণৰ সভা অনুষ্ঠিত হয়। প্ৰায় ৫ হাজাৰ লোকে অংশগ্ৰহণ কৰা সভাখনত উপস্থিত থাকে মন্ত্ৰী পিয়ুজ হাজৰীকা, মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা।

প্ৰায় ৫হাজাৰ লোকে অংশগ্ৰহণ কৰা এই সভাত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে পুনৰবাৰ সৰৱ হৈ পৰে মন্ত্ৰী পিয়ুজ হাজৰীকা। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী পিয়ুজ হাজৰীকাই বিজেপিক ২০০ বছৰলৈ মুছলমানৰ ভোট নালাগে বুলি বুলি মন্তব্য কৰাৰ লগতে বিজেপিক অসমীয়া লোকৰ ভোট লাগে বুলি কয়।

হাজাৰ হাজাৰ লোকৰ উপস্থিতিত বিজেপিয়ে এক প্ৰকাৰৰ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰনশিঙা বজোৱা পৰিলক্ষিত হয়। সম্প্ৰতি ইউ পি পি এলৰ সৈতে মিত্ৰতা থকাৰ সময়তে নিজৰ সাংগঠনিক স্থিতি প্ৰতিপন্ন কৰি নিজৰেই সহযোগী দল ইউ পি পি এলক প্ৰত্যাহ্বান জনালে বিজেপিয়ে।

এক বিশাল সভাত অংশগ্ৰহন কৰি আগন্তুক লোক সভা নিৰ্বাচনত পুনৰ পদুম ফুলৰ ছবিত ৰাইজক ভোট দিবলৈ আহ্বান জনাই বিজেপি নেতৃবৃন্দ'ই। উল্লেখযোগ্য যে সম্প্ৰতি বিটিচিত বিজেপিৰ সাংগঠনিক ভেটি সৱল কৰিবলৈ মন্ত্ৰী পিয়ুষ হাজৰীকাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষভাৱে দায়িত্ব অৰ্পণ কৰিছে। তাৰেই ফলস্বৰূপে মন্ত্ৰী পিয়ুজ হাজৰিকাই বিটিচি এলেকাত দেখুৱাইছে বিশেষ তৎপৰতা। আনহাতে আজিৰ সভাতে প্ৰায় ১০০০ লোকে বিজেপিত যোগদান কৰে।

"বিজেপিক আৰু ২০০ বছৰলৈ নালাগে মুছলমানৰ ভোট"- মন্ত্ৰী পিয়ুজ হাজৰীকা
ঢকুৱাখনাত কৃষি বিভাগৰ আলু বীজ বিতৰণ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in