ফুলগুৰি প্ৰা্থমিক বি এপ এফ কাৰ্যালয় লণ্ডভণ্ড দুৰ্বৃত্তৰ...

বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ আগতেই দুষ্কৃতিৰ দ্বাৰা ৰাজনৈতিক দলৰ কাৰ্যালয় লণ্ড-ভণ্ড কৰাৰ ঘটনা পোহৰলৈ আহিছে। শনিবাৰে চিৰাঙত সংঘটিত হয় তেনে এক ঘটনা।

author-image
Asomiya Pratidin
New Update
ফুলগুৰি প্ৰা্থমিক বি এপ এফ কাৰ্যালয় লণ্ডভণ্ড দুৰ্বৃত্তৰ...

ডিজিটেল সংবাদ, চিৰাং: বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ আগতেই দুষ্কৃতিৰ দ্বাৰা ৰাজনৈতিক দলৰ কাৰ্যালয় লণ্ড-ভণ্ড কৰাৰ ঘটনা পোহৰলৈ আহিছে। চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সমীপৰ ফুলগুৰিস্থিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ প্ৰাইমাৰী সমিতিৰ কাৰ্যালয়ত শনিবাৰে নিশা কোনো দুষ্কৃতিকাৰীয়ে প্ৰৱেশ কৰি কাৰ্যালয়ৰ নথি-পত্ৰ লণ্ডভণ্ড কৰাৰ উপৰিও বহু দলীয় নথি-পত্ৰ কাৰ্যালয়ৰ বাহিৰত পথৰ ওপৰত পেলাই থৈ যায়।

Advertisment

আজি পুৱাৰ ভাগত স্থানীয় লোকে এইদৰে পথৰ ওপৰত বিপিএফ দলৰ প্ৰতীক চিহ্ন থকা বহু নথি-পত্ৰ সিচৰতি হৈ থকা প্ৰত্যক্ষ কৰাত গোটেই বিষয়টো পোহৰলৈ আহে। ফুলগুৰি প্ৰাইমাৰী বি পি এফ দলৰ সম্পাদক জৌংশ্ৰাং ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত কয় যে বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে দিনৰ ভাগত দলীয় নেতা কৰ্মীসকলে মিলি ১৩ নং চিৰাং সমষ্টিৰ অন্তৰ্গত ফুলগুৰি প্ৰাথমিক সমিতিৰ কাৰ্য্যালয়ত ছাফাই অভিযান চলাই পৰিষ্কাৰ পৰিচ্ছন্ন কৰিছিল। 

দুৰ্ভাগ্যজনক কথা যে কাৰ্য্যালয় ছাফাই কৰাৰ নিশাটোতে কাৰ্যালয়ৰ খিৰিকীৰে ভিতৰত প্ৰৱেশ কৰি দলীয় নথি-পত্ৰ লণ্ডভণ্ড কৰাৰ উপৰিও কাৰ্য্যালয়ৰ ভিতৰৰ পৰা নথি-পত্ৰখিনি বাহিৰত উলিয়াই পথৰ ওপৰত ওপৰত পেলাই থৈ যোৱাৰ দৰে জঘন্য ঘটনা সংঘটিত কৰিলে। ঘটনা সন্দৰ্ভত ফুলগুৰি প্ৰাইমাৰী বি পি এফ দলৰ সম্পাদক জৌংশ্ৰাং ব্ৰহ্ম আৰু যুৱ গোটৰ সভাপতি সোমেশ্বৰ মুছাহাৰীয়ে অভিযোগ উত্থাপন কৰি কয় এয়া খুব সম্ভৱ শাসকীয় দলৰ সমৰ্থকসকলৰ দ্বাৰাই সংঘটিত কৰা হৈছে। 

গণতান্ত্ৰিক দেশত নিজ নিজ আদৰ্শৰে অনুপ্ৰাণিত দল-সংগঠনৰ হৈ কাম কৰাৰ অধিকাৰ আছে বুলি উল্লেখ কৰি শান্তি-শৃংখলা অটুট ৰাখি নিজ নিজ দলৰ হৈ কাম কৰি যাবলৈ আহ্বান জনায়। লক্ষ্যণীয় বিষয় যে শনিবাৰে নিশাৰ ভাগত দুষ্কৃতিকাৰীয়ে বিপিএফৰ কাৰ্য্যালয় লণ্ডভণ্ড কৰা ঘটনা সন্দৰ্ভত আজি সন্ধিয়াৰ ভাগত বিপিএফ দলৰ পৰা বাসুগাঁও থানাত লিখিত ভাৱে অৱগত কৰা হয়।

বি পি এফ চিৰাং