পৰ্বতঝোৰাৰ দামপুৰৰ পৰা খুঁটাবাগৰা সংযোগী গড়কাপ্তানী পথৰ দুৰৱস্থাত অতিষ্ঠ ৰাইজ

খুঁটাবাগৰা, কয়াৰকান্দি আদিকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজৰ যাতায়তৰ এক মাত্ৰ পথচোৱা পথাৰ সদৃশ হৈ পৰাত সকলো পথচাৰীয়ে যাতায়তৰ নামত যমৰ যন্ত্ৰণা ভূগিব লগা হৈছে।

author-image
Tushar Pratim
New Update
পৰ্বতঝোৰাৰ দামপুৰৰ পৰা খুঁটাবাগৰা সংযোগী গড়কাপ্তানী পথৰ দুৰৱস্থাত অতিষ্ঠ ৰাইজ

ডিজিটেল সংবাদ পৰ্বতঝোৰাঃ পৰ্বতঝোৰাৰ দামপুৰৰ পৰা খুঁটাবাগৰা সংযোগী গড়কাপ্তানী পথৰ দুৰাৱস্থায় জীয়াতু ভোগাইছে ছাত্ৰ-ছাত্ৰীৰ লগতে পথচাৰীক। খুঁটাবাগৰা, কয়াৰকান্দি আদিকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজৰ যাতায়তৰ এক মাত্ৰ পথচোৱাত এজাক বৰষুণতেই পথাৰ সদৃশ হৈ পৰাত স্কুলীয়া শিক্ষাৰ্থীৰ লগতে সকলো পথচাৰীয়ে যাতায়তৰ নামত যমৰ যন্ত্ৰণা ভূগিব লগা হৈছে।

Advertisment

উল্লেখযোগ্য যে এই বিধ্বস্ত পথটোৰ বাবেই বৃহত্তৰ অঞ্চলটোৰ ৰাইজে চিকিৎসা সেৱাকে ধৰি সকলো জৰুৰীকালীন সেৱাৰ পৰাও বঞ্চিত হ’ব লগা হৈছে।স্থানীয় ৰাইজে BTR পৰিষদীয় চৰকাৰৰ মুৰব্বী প্রমোদ বড়োৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে, প্রমোদ বড়ো মিছলীয়া,  প্রমোদ বড়ো নিজেই ৰাইজক মাতি এই অঞ্চলসমূহৰ উন্নয়ন কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু আজিকোপতি একো উন্নয়ন নকৰিলে।

প্রমোদ বড়োৱে সদায় উন্নয়নৰ ঢাক ঢোল বজাই থাকে কিন্তু পৰ্বতঝোৰাৰ সংখ্যালঘু বসতি নামনি অঞ্চলত উন্নয়নৰ একো প্ৰতিফলন নহ’ল বুলি ৰাইজে অভিযোগ উত্থাপিত কৰে।

কোকৰাঝাৰ পৰ্বতঝোৰা