/asomiyapratidin/media/media_files/2025/04/11/acN6j5p6Syz8WujrG47n.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত পুনৰবাৰৰ বাবে ১০০ শতাংশ উত্তীৰ্ণৰে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে ইংৰাজী মাধ্যমৰ বিদ্যালয় "বেচি মেম’ৰিয়েল চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ে"। কোকৰাঝাৰ জিলাৰ হল্টুগাঁও, গৌৰাং মিচনস্থিত ইংৰাজী মাধ্যমৰ বিদ্যালয়খনৰ পৰা বিগত ২০১৯ চনৰ পৰাই ধাৰাবাহিকভাৱে ১০০ শতাংশ উত্তীৰ্ণ হৈ আহিছে।
এইবেলি বেচি মেমোৰিয়েল চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ পৰা ৪১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু ৪১ জনেই সফলতা লাভ কৰিছে। ৪১ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৪০ জনে প্ৰথম বিভাগ আৰু এজনে দ্বিতীয় বিভাগ পাইছে।
ইয়াৰ ভিতৰত ভাস্বতী ৰায়ে ইংৰাজী, অসমীয়া, গণিত, সাধাৰণ বিজ্ঞান আৰু ঐচ্ছিক গণিতত লেটাৰ নম্বৰ লাভ কৰি ডিষ্টিংচন পাইছে। ইয়াৰোপৰি ১৩ জনে ষ্টাৰ মাৰ্ক, ৩৮ জনে লেটাৰ নম্বৰ লাভ কৰিছে।
উল্লেখ্য যে বালাজান তিনালী এলেকাৰ তথা গৌৰাং মিচনত থকা বেচি মেমোৰিয়েল চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়খনে সীমিত সা-সুবিধাৰ মাজেৰে প্ৰতি বছৰ ঈৰ্ষণীয় সফলতা লাভ কৰি আহিছে। এই সন্দৰ্ভত বিদ্যালয়খনৰ অধ্যক্ষ ডিবাৰু গয়াৰী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জেকব ইছলাৰীয়ে তেওঁলোকৰ বিদ্যালয়ৰ সফলতাৰ বাবে বিদ্যালয়ৰ সকলো শিক্ষক, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক ধন্যবাদ জ্ঞাপন কৰে।
প্ৰনিধানযোগ্য যে আজি বিদ্যালয় প্ৰাংগনতে দ্বীপেন ৰায় আৰু দীপালি বৰ্মনৰ কনিষ্ঠা কন্যা ভাস্বতী ৰায়ক সম্বৰ্ধনা জনায় বিদ্যালয় কৰ্তৃপক্ষই। ধাৰাবাহিকভাৱে বিদ্যালয়খনৰ সফলতাত উৎফুল্লিত হৈ পৰিছে অঞ্চলটোৰ স্থানীয় বাসিন্দা, অভিভাৱকসকল।
উল্লেখ্য যে এইবেলি কোকৰাঝাৰ জিলাত সৰ্বমুঠ ১৫৩৪৪ গৰাকী পৰীক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষাত অবতীৰ্ণ হৈছিল। ইয়াৰে ভিতৰত প্ৰথম বিভাগ লাভ কৰিছে ২১১৪ গৰাকীয়ে, দ্বিতীয় বিভাগ লাভ কৰিছে ৪৬২০ গৰাকীয়ে আৰু তৃতীয় বিভাগ লাভ কৰিছে ২৩৭৪ গৰাকীয়ে। সৰ্বমুঠ ৯৩৭৮ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে আৰু জিলাখনত উত্তীৰ্ণৰ হাৰ হৈছে ৬১.১২ শতাংশ।