ওৰাঙত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা...

ওৰাঙৰ ধনশ্ৰীঘাটৰ ধনশ্ৰী নদীৰ কাষত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত এজন ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে ২ জন ব্যক্তি আহত হৈছে। আহত দুয়োজনৰে অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

author-image
Tushar Pratim
New Update
ওৰাঙত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা...

ডিজিটেল সংবাদ ওৰাং:  নিশা ওৰাঙৰ ধনশ্ৰীঘাটৰ ধনশ্ৰী নদীৰ কাষত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এজন ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে ২ জন ব্যক্তি আহত হৈছে। আহত দুয়োজনৰে অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

Advertisment

উল্লেক্য যে, ওৰাঙৰ পৰা ওদালগুৰি অভিমুখী AS 27 D7040 নম্বৰৰ চুইফট বাহখনত তেজপুৰ অভিমুখী এখন ট্ৰাকে খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকখনে পলায়ন কৰে। 

এই ঘটনাত ঘটনাস্থলীতে ওদালগুৰিৰ গোড়মাৰা গাঁৱৰ অনচাই ইচলাৰীৰ মৃত্যু হয়। আনহাতে একেখন গাঁৱৰে জ্যোতিষ ব্ৰহ্ম আৰু  চন্দন ব্ৰহ্ম নামৰ দুই যুৱক গুৰুত্বৰ ভাবে আহত হয়। দুয়োকে সংকটজনক অৱস্থাত তেজপুৰত চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে৷

পথ দুৰ্ঘটনা ওৰাং