অংগনবাড়ীৰ টেবুল-চকীৰ নামত বিটিআৰত কোটি টকীয়া কেলেংকাৰী

অংগনবাড়ীৰ টেবুল-চকীৰ নামত বিটিআৰত কোটি টকীয়া কেলেংকাৰী

author-image
Asomiya Pratidin
New Update
অংগনবাড়ীৰ টেবুল-চকীৰ নামত বিটিআৰত কোটি টকীয়া কেলেংকাৰী

ডিজিটেল সংবাদ, ওৰাং: পৰিৱৰ্তনৰ শ্লোগা‌ন আওৰাই শাসনলৈ অহা প্ৰমোদ বড়োৰ বিটিআৰ চৰকাৰৰ দিনত শ শ কোটিৰ দুৰ্নীতি। বি টি চিৰ সমাজ কল্যাণ বিভাগত এইবাৰ সংঘটিত হৈছে বৃহৎ দুৰ্নীতি। অংগনবাড়ী কেন্দ্ৰৰ আচ-বাবৰ নামত অহা ১৪ কোটি আৰু ৩ কোটিৰ দুৰ্নীতি।

Advertisment

বি টি চিৰ প্ৰতিটো অংগনবাড়ী কেন্দ্ৰত প্লাষ্টিকৰ টেবুল আৰু চকী প্ৰদানৰ নামত ২০২৩ বৰ্ষততে ১৪ কোটি আৰু ৩ কোটি টকা মুকলি কৰি দিয়া হৈছিল। ২০২৩ চনৰ ২৭ ফেব্ৰুৱাৰীত এই সমুদায় টকা মুকলি কৰি দিছিল বি টি চি চৰকাৰে। বি টি চি অঞ্চলৰ অংগনবাড়ী কেন্দ্ৰত শিশুৰ বাবে প্লাষ্টিকৰ টেবুল চকি প্ৰদানৰ নামত মুকলি হৈছিল এই বৃহৎ পৰিমাণৰ ধন। নিৰ্দেশনা মতে ৯০ দিনৰ ভিতৰত বি টি চি অঞ্চলৰ প্ৰতিটো অংগনবাড়ী কেন্দ্ৰত শিশুৰ বাবে প্লাষ্টিকৰ টেবুল আৰু চকী যোগান ধৰিব লাগিব বুলি উল্লেখ আছিল।

বৰ্তমান ১০ মাহ উকলি গল কিন্তু আজিও বি টি চিৰ মাজবাট সংহত শিশু উন্নয়ন প্ৰকল্প সমূহে লাভ নকৰিলে শিশুৰ বাবে আবন্টিত প্লাষ্টিকৰ টেবুল আৰু চকী। চলিত বৰ্ষৰ ২৭ ফেব্ৰুৱাৰীত ওলোৱা অৰ্ডাৰ পিছতে মাৰ্চত মুকলি কৰি দিছিল ১৪ কোটি আৰু ৩ কোটি টকা। আৰ টি আই কৰ্মী দীলিপ নাথ আৰু 'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ অনুসন্ধানত পোহৰলৈ আহিছে এই বৃহৎ কেলেংকাৰীৰ তথ্য।

মাজবাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ একাংশ অংগনবাদী কেন্দ্ৰসমূহত নাই শিশুৰ বাবে বি টি চি চৰকাৰে প্ৰদান কৰা প্লাষ্টিকৰ টেবুল আৰু চকী। কোনে আত্মসাৎ কৰিলে অংগনবাড়ী কেন্দ্ৰত শিশুৰ বাবে আবন্টিত প্লাষ্টিকৰ টেবুল আৰু চকীৰ ধন। এই শ শ কোটিৰ কেলেংকাৰীৰ তদন্তৰ দাবী কৰিছে আৰ টি আই কৰ্মী দীলিপ নাথে।

Also Read: বিকাশৰ নামত প্ৰকৃতি ধ্বংসকলৈ উদ্বিগ্ন অভিনেতা আদিল হুছেইন

btr