ওদালগুৰিত এজনক যাৱজ্জীৱন কাৰাদণ্ড

ওদালগুৰিত এজনক যাৱজ্জীৱন কাৰাদণ্ড
Published on
Updated on

ডিজিটেল সংবাদ,ওদালগুৰি : মঙলবাৰে ওদালগুৰি জিলা ও সত্ৰ ন্যায়ধীশৰ আদালতে হত্যাৰ অপৰাধত এগৰাকী অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। ঘটনাটো ২০১৮ চনৰ ২০ চেপ্তেম্বৰত সংঘটিত হৈছিল কলাইগাঁৱত।

ঘটনা অনুসৰি অপৰাধী ভোকেলিকান্দাৰ চিণ্টুমণি ডেকা(২২)এ একেখন গাঁৱৰে এজন লোকক শুই থকা অৱস্থাত দিনৰ প্ৰায় ১১-৩০ মান বজাত দাৰে আক্ৰমণ কৰি ডিঙি আৰু হাতত প্ৰহাৰ কৰি হত্যা কৰিছিল। ঘটনা সন্দৰ্ভত পত্ৰ‌ই দিয়া এজাহাৰৰ ভিত্তিত কলাইগাঁও আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৪৪৮/৩০২ নম্বৰ ধাৰাৰ অধীনত ১০১/১৮ নম্বৰত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল।

উক্ত গোচৰটো পৰৱৰ্তী সময়ত ওদালগুৰি জিলা আৰু সত্ৰ ন্যায়ধীশ আদালতত ৪২/১৯ নম্বৰত ৰুজু হৈ শুনানি অব্যাহত থাকে। কেইৱাটাও শুনানীৰ অন্তত আজি আদালতে চিণ্টুমণি ডেকাক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰাৰ লগতে বিছ হাজাৰ টকাৰ জৰিমণা বিহে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in