মৃত্যু উপত্যকাৰ পৰা ঘূৰি আহিল অসমৰ দুই যুৱকঃ দিলে বিভৎস্য সময়ৰ বৰ্ণনা...

মৃত্যু উপত্যকাৰ পৰা ঘূৰি আহিল অসমৰ দুই যুৱকঃ দিলে বিভৎস্য সময়ৰ বৰ্ণনা...

author-image
Asomiya Pratidin
New Update
মৃত্যু উপত্যকাৰ পৰা ঘূৰি আহিল অসমৰ দুই যুৱকঃ দিলে বিভৎস্য সময়ৰ বৰ্ণনা...

মৃত্যু উপত্যকাৰ পৰা ঘূৰি আহিল অসমৰ দুই যুৱকঃ দিলে বিভৎস্য সময়ৰ বৰ্ণনা...

ডিজিটেল ডেস্কঃ মৃত্যুৰ দুৱাৰদলিৰ পৰা ঘূৰি অহা অসমৰ দুই যুৱকে দিলে সেই ভয়াৱহ সময় আৰু পৰিস্থিতিৰ বৰ্ণনা। কিদৰে মৃত্যু মুখত পৰিও তেওঁলোকে নিজকে সুস্থ কৰি ৰাখিলে আৰু স্বগৃহত আহি উপস্থিত হ'লহি সেই কাহিনী ক'লে সাংবাদিকৰ আগত।

Advertisment

ওদালগুৰি জিলাৰ কলাইগাঁৱৰ দুই যুৱক। হাফিজুৰ ৰহমান আৰু শামু আলী। এই দুয়ো যুৱক আছিল ওড়িশাত ভয়াৱহ দুৰ্ঘটনাত পতিত হোৱা কৰমণ্ডল এক্সপ্ৰেছত।

২ বছৰ পূৰ্বে কৰ্ম সংস্থাপনৰ বাবে বেংগালুৰুলৈ যোৱা ২ যুৱকে স্বাভাৱিক ভাৱেই ৰে'লত উঠি স্বগৃহলৈ উভতি অহাৰ সময়ত ব্যস্ত আছিল মোবাইল ফোনত। মোবাইলত ব্যস্ত হৈ থকাৰ মাজতেই সংঘটিত হৈছিল সেই ভয়ংকৰ ৰেল দুৰ্ঘটনা।

তেওঁলোকে কোৱা মতে, হঠাৎ সন্মুখীন হোৱা এই অভাৱনীয় পৰিস্থিতিত দুয়োৰে কৰিব পৰা একো নাছিল। কিছু সময়ৰ পাছতে তেওঁলোক দুয়োজনে নিজকে বাগৰি পৰা ৰে'লখনৰ ডবাৰ খিৰিকিৰ ওপৰত আৱিষ্কাৰ কৰে।

তাৰ পৰাই যেনেতেনে দুয়ো ওলাই আহে বাহিৰলৈ। সামান্য ভাৱে আহতও হয় তেওঁলোক দুয়ো। দুৰ্ঘটনাৰ পাছত সেই স্থানত সৃষ্টি হোৱা পৰিৱেশ পৰিস্থিতি প্ৰত্যক্ষ কৰি তেওঁলোক কিংকৰ্তব্যবিমূঢ় হৈ পৰে।

কি কৰিব নকৰিব ভাবি ভাবিয়েই তেওঁলোকে সহযাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু সেই পৰিৱেশ ইমানেই বিভৎস্য আছিল যে, বেছি সময় তাত থাকিব পৰা অৱস্থাত নাছিল।

সেয়ে স্থানীয় ৰাইজৰ সহযোগত দুয়ো ভৰ্তি হয়গৈ হাস্পতালত। হাস্পতালত তেওঁলোকৰ চিকিৎসা সম্পন্ন হোৱাৰ পাছতে আকৌ স্থানীয় লোকৰ সহায়ত তেওঁলোক দুয়োজন হাওৰা বাছ ষ্টেণ্ডলৈ আহে।

আৰু তাৰ পাছত গুৱাহাটী। গুৱাহাটীৰ পৰা স্বগৃহ। দুৰ্ঘটনাৰ ফলত তেওঁলোকে হেৰুৱালে নিজৰ মোবাইল ফোন। যাৰ বাবে পৰিয়ালৰ কাৰো লগতে সংযোগ স্থাপন কৰিবও পৰা নাছিল তেওঁলোকে।

ইয়াৰোপৰি তেওঁলোকৰ লগত নাছিল তেওঁলোকে লগত অনা বেগ কেইটাও। য’ত আছিল ২০ হাজাৰ টকা। কেৱল পেণ্টৰ পকেটত থকা ১০০০ টকা লৈয়ে তেওঁলোক দুয়োৱে স্বগৃহত আহি উপস্থিত হয়হি।

স্বগৃহত আহি উপস্থিত হোৱা হাফিজুৰে সোঁ ভৰিত কিছু আঘাত পাইছে। এই হাফিজুৰ ৰহমানৰ ফোনটোৱেই উদ্ধাৰ কৰিছিল ওড়িশা আৰক্ষীয়ে।

সেয়া যিয়েই নহওক দুই যুৱক প্ৰায় সুস্থ অৱস্থাতেই স্বগৃহত আহি উপস্থিত হোৱাত এতিয়া পৰিয়ালৰ লোকৰ লগতে গাওঁবাসীয়ে নেদেখাজনক ধন্যবাদ জনাইছে। উল্লেখ্য যে, সন্ধানহীন হৈ থকা হাফিজুৰ ৰহমান ওদালগুৰি জিলাৰ কলাইগাঁৱৰ ২ নং শিঙিৰামাৰী গাঁৱৰ আব্দুল মান্নাছৰ পুত্ৰ আৰু শামু আলী কলাইগাঁৱৰে নাপ্তিপাৰাত।

Also Read: ঘৰ আহি পালেহি ওড়িশাৰ ৰে'ল দুৰ্ঘটনাত সন্ধানহীন হোৱা হাফিজুৰ...

ৰে'ল দুৰ্ঘটনা