/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/f36aec41-f814-46f2-9ff3-afbba04d3186/chirang space lab 19.jpg)
চিৰাঙৰ চৰকাৰী বিদ্যালয়ত উত্তৰ পূবৰে প্ৰথম অত্যাধুনিক স্পেচ লেব' উদ্বোধন
ডিজিটেল সংবাদ চিৰাং: আজি চিদলী-কাশিকোত্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো মহাকাশ পৰীক্ষাগাৰ মুকলি কৰা হয়। চৰকাৰী শিক্ষানুষ্ঠানত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক মহাকাশ বিজ্ঞান তথা মহাকাশ পৰীক্ষাগাৰৰ প্ৰতি আকৰ্ষিত কৰিবলৈ বিটিচি প্ৰশাসনৰ শিক্ষাবিভাগে যুগান্তৰকাৰী পদক্ষেপৰ অংশ হিচাপে চিৰাং জিলাৰ চিদলী-কাশিকোত্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নতুনকৈ স্থাপন কৰা হৈছে চিনো বসুমতাৰী মেমৰিয়েল স্পেচ লেব'।
মহাকাশ বিজ্ঞান অধ্যয়নৰ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিব পৰা সা-সুবিধাযুক্ত উত্তৰ পূৰ্বাঞ্চলত এক ইতিহাস সৃষ্টি কৰা চিনো বসুমতাৰী মেমৰিয়েল মহাকাশ লেব' আজি ভাৰতীয় মহাকাশ সংস্থা ISRO ৰ অৱসৰপ্ৰাপ্ত বৈজ্ঞানিক ডঃ টি এন সুৰেশ কুমাৰৰ উপস্থিতিত বি টি আৰৰ প্ৰধান প্ৰমোদ বড়োৱে আনুষ্ঠানিকভাবে উদ্বোধন কৰে। বি টি চিৰ কাৰ্য্যবাহী সদস্য গৌতম কুমাৰ দাস, উইলছন হাছদাকে আদি কৰি অন্যান্য আমন্ত্ৰিত অতিথিসকলৰ উপস্থিতিত চিদলী-কাশিকোত্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন বিশেষ উদ্বোধনী সভা অনুষ্ঠিত হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/53519177-316c-46cf-82fe-3bbcb037fbbc/3013996b-557b-406c-a67a-44013aa0a71c.jpg)
সভাত আৰম্ভণিতে কাশিকোত্ৰা অঞ্চলৰ বাসিন্দা তথা বড়ো ভাষাত সংবাদ সেৱাৰ বাটকটীয়া সাংবাদিক প্ৰয়াত চিনো বসুমতাৰীৰ প্ৰতিচ্ছবিত মাল্যৰ্পন আৰু বন্তিপ্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, ডঃ টি এন সুৰেশ কুমাৰ আৰু চিনো বসুমতাৰীৰ পৰিয়ালৰ সদস্যসকলে। তাৰ পিছত ভাষন প্ৰসংগত প্ৰমোদ বড়োৱে কয়, ইউ পি পি এলে বিটিআৰৰ শাসনভাৰ লাভ কৰাৰ পিছৰে পৰা বিটিচিৰ শিক্ষাবিভাগৰ উন্নতিৰ কাৰণে নতুন নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে । তাৰ ফলস্বৰূপ বিগত দুটা বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত চিৰাং জিলাই প্ৰথম স্থান অধিকাৰ কৰি আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/8cb0ac0a-7076-42bf-bfa7-23318f2c3a26/bde01695-ee95-448b-bdc2-065c615dd052.jpg)
ভাষণত তেওঁ বাক্সা জিলায়েও উচ্চতৰ মাধ্যমিক পৰীক্ষাত অভূতপূৰ্ব সাফল্য দেখুৱাবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে । এই অঞ্চলৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞানৰ পৰিধি এটা নিৰ্দিষ্ট সীমাৰ মাজত আবদ্ধ নেৰাখি তেওঁলোকক আধুনিক বিজ্ঞানৰ লগতে মহাকাশ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ বিটিচিৰ শিক্ষা বিভাগৰ বিটিআৰ এলেকাত মুঠ দহখন চৰকাৰী বিদ্যালয়ত স্পেচ লেব' স্থাপন কৰাৰ পৰিকল্পনা যুগুত কৰা হৈছিল। তাৰে অংশ হিচাপে আজি কেৱল অসমতে নহয় উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম হিচাপে চৰকাৰী শিক্ষানুষ্ঠানত এই স্পেচ লেব' মুকলি কৰা হ'ল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/4ae3fbb0-2526-4c88-881f-c4f9807494da/1790cf12-828d-4b54-87fe-dbb6f7eff530.jpg)
বিটিচিৰ শিক্ষাবিভাগৰ উদ্যোগত আৰু ভূমিকা স্পেচ একাডেমীৰ সহযোগত চিদলী-কাশিকোত্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নতুনকৈ স্থাপন কৰা Space Labত ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থা ISRO ৰ দ্বাৰা দেশীয় প্ৰযুক্তিৰে উদ্ভাৱন কৰা সফল ৰকেটৰ মডেল, কৃত্ৰিম উপগ্ৰহ মডেল, দূৰবীন যন্ত্ৰৰ পৰা আৰম্ভ কৰি মহাকাশ বিজ্ঞানত ব্যৱহৃত অন্যান্য অত্যাধুনিক সা-সামগ্ৰী প্ৰদৰ্শন কৰাৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলে নিজেই উদ্ভাৱন শক্তিৰে পৰীক্ষাগাৰত নতুন সামগ্ৰী প্ৰস্তুত কৰাৰ ব্যৱস্থা উক্ত স্পেচ লেবত উপলব্ধ হ'ব বুলিও উল্লেখ কৰে । আজিৰ দিনটো বিটিআৰৰ মহাকাশ বিজ্ঞানৰ বাবে এটা যুগান্তৰকাৰী দিন বুলি বিবেচিত হ'ব বুলিও বড়োৱে ভাষণত উল্লেখ কৰে ।
Also Read: চিৰাঙত বুজন পৰিমাণৰ অবৈধ মৰণাস্ত্ৰ উদ্ধাৰ...
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us