/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-07/7j2mynvq/chirang 7.jpg)
চিৰাঙৰ টুক্ৰাঝাৰত বিটিচি প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন...
ডিজিটেল সংবাদ চিৰাং: ভাৰতবৰ্ষৰ বিশ্ব প্ৰসিদ্ধ হস্ততাঁত বস্ত্ৰশিল্পক অধিক উদ্ভাৱনমুখী আৰু ব্যবসায় দিশত উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্যৰে সমগ্ৰ দেশজুৰি আজি দশম সংখ্যক ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হৈছে। তাৰ লগত সঙ্গতি ৰাখি আজি বিটিচি প্ৰশাসনৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত টুক্ৰাঝাৰত দিনজোৰা কাৰ্য্যসূচীৰে দশম সংখ্যক ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হয় ।
বিটিআৰ এলেকাৰ চাৰিওখন জিলাৰ পৰা অহা আঠ শতাধিক শিপিনী আৰু হস্ততাঁত শিল্পৰ সৈতে জড়িত লোকসকলৰ উপস্থিতিত বন্তি প্ৰজ্বলন কৰি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিটিচিৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ কাৰ্য্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে। সহযোগ কৰে বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ক্ৰীড়া আৰু যুৱ কল্যান তথা ৰেচম বিভাগৰ বিভাগৰ কাৰ্য্যবাহী সদস্য দাওবাইছা বড়োৱে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-07/qr5vkvi9/4c7ba6a8-4f49-44ad-887c-804e01316178.jpg)
আদৰণি ভাষন আগবঢ়ায় বিটিচিৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ যুটীয়া সচিব ৰক্তিম বুঢ়াগোহাঁয়ে। তাৰ পিছত বিভাগীয় কাৰ্য্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে তেওঁৰ ভাষণত কয় যে- বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰ এলেকাত কাৰ্য্যকৰী হোৱাকৈ যিসমূহ উন্নয়নমূলক কামকাজ হৈ আছে তাৰ মাজত অন্যতম হিচাপে বিবেচিত হৈছে বিটিচিৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ কামকাজ। কাৰণ বিটিচিৰ এলেকাত এই হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ কামকাজসমূহ বাস্তৱায়িত কৰাৰ বাবে বহুকেইটা উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিটিআৰ এলেকাত ৩০০ গৰাকী শিপিনীক লৈ এটাকৈ ক্লাষ্টাৰ কৰি দি আন্তঃগাঁথনিৰ কাম কৰি দিয়া হৈছে। তদুপৰি আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লক্ষ্য হৈছে আগলৈ এই অঞ্চলত হস্ততাঁত তথা বস্ত্ৰশিল্প ব্যবসায় ভিত্তিত উৎপাদন কৰি এই হস্ততাঁত শিল্পৰ সৈতে শিপিনীসকলক আৰ্থিক দিশত স্বাৱলম্বী কৰিব পাৰি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-07/6m54nftu/edddabeb-6ba2-4478-b24a-984bfa356404.jpg)
বিটিআৰ এলেকা হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ উন্নয়ন আৰু ভবিষ্যত সন্দৰ্ভত কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, দাওবাইছা বড়ো আৰু ৰাকেশ ব্ৰহ্মই ভাষণ আগবঢ়ায়। আজিৰ এই ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ কাৰ্য্যসূচীত বিটিচি প্ৰশাসনৰ পৰা বিটিআৰ এলেকাৰ ৬০০ গৰাকী শিপিনীৰ দ্বাৰা গঠিত ২০ টা ক্লাষ্টাৰক ৬ লাখ ৫০ হেজাৰ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হয়।
অসম তথা বড়োলেণ্ডৰ হস্ততাঁত বস্ত্ৰশিল্পক বিশ্বৰ দৰবাৰত ব্যৱসায় দিশত চিনাকী কৰি দিয়া ওদালগুৰি জিলাৰ সফল উদ্যমী মহিলা ব্যবসায়ী তথা কে কে ফাউণ্ডেচনৰ কৰ্ণধাৰ কিৰণ বড়োক ৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয়। ১৯৯০ চনৰ পৰা হস্ততাঁত আৰু বস্ত্ৰশিল্প সৈতে জড়িত হৈ থকা কিৰণ বড়োৱে আজি পোনপ্ৰথমবাৰৰ বাবে চৰকাৰী ভিবে এনেদৰে স্বীকৃতি প্ৰদান কৰাত আৱেগিক হৈ পৰে আৰু উপস্থিত শিপিনীসকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক ভাষণ আগবঢ়ায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-07/pub4c0o9/0fa9e5ba-dbab-4450-9259-d4625725dd3b.jpg)
আজিৰ এই ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ লগত সঙ্গতি ৰাখি শিপিনীসকলৰ দ্বাৰা প্ৰস্তুত কৰা বিভিন্ন থলুৱা উৎপাদিত বস্ত্ৰৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হয়। আজি এই প্ৰদৰ্শনী মুকলি কৰে বিটিচিৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে । অনুষ্ঠানৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় বিটিচিৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মূৰব্বী বিষয়া দ্বিজেন্দ্ৰ কছাৰীয়ে।
Also Read: ১৫ বছৰত ১৫ লাখ কোটিতকৈ অধিক ঋণ লৈছিল হাছিনাইঃ এৰা নাছিল বিলাসীতা...