/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-25/rphbdoun/nath-25.jpg)
উপগ্ৰহীয় স্বায়ত্বশাসিত পৰিষদ গঠনৰ দাবীত ৰাজ্যজুৰি নাথযোগী সন্মিলনীৰ ধৰ্মঘট...
ডিজিটেল সংবাদ কোকৰাঝাৰ: ৰাজ্যত বসৱাস কৰা নাথ-যোগী জনগোষ্ঠীৰ বাবে উপগ্ৰহীয় স্বায়ত্বশাসিত পৰিষদ গঠনৰ দাবীত অসম প্ৰাদেশিক যোগী সন্মিলনীয়ে ইয়াৰ ভাতৃ তথা সহযোগী সংগঠনসমূহৰ সহযোগিতাত আজি ৰাজ্যজুৰি প্ৰতিবাদী ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-25/thtlip9m/0bb7d66a-5932-4323-a421-8b6183cdb707.jpg)
উল্লেখ্য যে খিলঞ্জীয়া নাথ-যোগী জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত নাথ যোগী স্বায়ত্বশাসিত পৰিষদ(উপগ্ৰহীয়) গঠন কৰা আৰু নাথ যোগীসকলৰ সংৰক্ষিত শ্ৰেণীৰ অধিসূচনাক আইনলৈ ৰূপান্তৰ কৰাৰ দাবীত আজি ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। ৰাজ্যৰ ধুবুৰীৰ পৰা শদিয়ালৈ ৰূপায়িত হোৱা প্ৰতিবাদী ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে নিজ দাবীৰ সমৰ্থনত বেনাৰ, ফেষ্টুন, প্লেকাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে পৰিৱেশ মুখৰিত কৰি তোলে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-25/w9ya5mwe/b5e5655a-114a-4a78-9ed6-3ecd2047836c.jpg)
ইপিনে অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি ধীৰেন নাথে অসমৰ উপেক্ষিত আৰু অৱহেলিত নাথযোগীসকলৰ সৰ্বাঙ্গীন বিকাশ আৰু ভৱিষ্যত জাতি-মাটি-ভেটিৰ নিৰাপত্তাৰ স্বাৰ্থত ৰাজ্য চৰকাৰে নাথযোগী সকলৰ বাবে এখন উপগ্ৰহীয় স্বায়ত্বশাসিত পৰিষদ গঠন নকৰালৈকে আন্দোলন চলি থাকিব বুলি উল্লেখ কৰিছে ।
প্ৰণিধানযোগ্য যে নামনি অসমৰ ধুবুৰী, বিলাসীপাৰা, কোকৰাঝাৰ, বঙাইগাঁও, গোৱালপাৰাত আজি অসম প্ৰাদেশিক যোগী সন্মিলনীৰ উদ্যোগত এই প্ৰতিবাদী ধৰ্মঘট কাৰ্যসূচী ৰূপায়িত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-25/9ql30egd/bba2e189-5395-4ec8-a65a-56d55042b691.jpg)
Also Read: নগাঁৱৰ জামুগুৰিত ভয়ংকৰ দুৰ্ঘটনাঃ প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই...