মুখ্যন্ত্ৰীলৈ নাথ যোগী ছাত্ৰ সন্থাৰ স্মাৰকপত্ৰঃভূমি অধিকাৰৰ সন্দৰ্ভত পুনৰ বিবেচনাৰ বাবে দাবী

অসম চুক্তিৰ ৬ নং দফা ৰূপায়নৰ বাবে লোৱা পদক্ষেপক আদৰণি জনাই আৰু নাথ যোগীসকলৰ ভূমিৰ অধিকাৰক লৈ আজি সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে।

author-image
Asomiya Pratidin
New Update
মুখ্যন্ত্ৰীলৈ নাথ যোগী ছাত্ৰ সন্থাৰ স্মাৰকপত্ৰঃভূমি অধিকাৰৰ সন্দৰ্ভত পুনৰ বিবেচনাৰ বাবে দাবী

ডিজিটেল সংবাদ কোকৰাঝাৰঃ অসম চুক্তিৰ ৬ নং দফা ৰূপায়নৰ বাবে লোৱা পদক্ষেপক আদৰণি জনোৱাৰ লগতে নাথ যোগী জনগোষ্ঠীৰ ভূমিৰ অধিকাৰক লৈ আজি সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই কোকৰাঝাৰ জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ নাথ আৰু সাধাৰণ সম্পাদক দীপক নাথ স্বাক্ষৰিত উক্ত স্মাৰকপত্ৰত অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ খবৰ অত্যন্ত আশাব্যঞ্জক আৰু গৌৰৱৰ বিষয় বুলি উল্লেখ কৰিছে।

Advertisment

ঐতিহাসিক অসম চুক্তিৰ ৬ নং দফা ৰূপায়নে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীক সাংবিধানিক সুৰক্ষা প্রদান কৰাৰ লগতে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ চিৰকাললৈ সুৰক্ষিত কৰিব বুলি মন্তব্য কৰি উক্ত মহৎ কাৰ্যৰ উদ্যোগ লোৱাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ নেৰ্তৃবৰ্গ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লৈছে।

আনহাতে একেখন স্মাৰকপত্ৰত গভীৰ উদ্বেগ প্ৰকাশ কৰি সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই উল্লেখ কৰে যে, অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকাৰী কৰিবৰ বাবে ভূমিৰ ক্ষেত্ৰত ট্রাইবেল বেল্ট আৰু ব্লকৰ আর্হিত নতুনকৈ বেল্ট ব্লক গঠনৰ সিদ্ধান্ত চৰকাৰে গ্রহণ কৰিছে। নতুনকৈ গঠন হবলগীয়া বেল্ট ব্লকসমূহত মাটি-বাৰী কিনা-বেচাৰ ক্ষেত্ৰত ১৯৫১ চনৰ ভিত্তিবর্ষ বা তিনিটা প্ৰজন্মৰ নথি-পত্ৰ বিচৰা হৈছে।

সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ নাথে কয় যে,  এইক্ষেত্ৰত অনুসূচিত জনজাতি,  অনুসূচিত জাতি আৰু আন কিছুমান জনগোষ্ঠীক ১৯৫১ চনৰ ভিত্তিবর্ষ বা তিনি প্ৰজন্মৰ নথি পত্ৰৰ পৰা ৰেহাই দিয়া হৈছে যদিও দূৰ্ভাগ্যজনকভাৱে অসমৰ অতি অনুন্নত নাথ-যোগী জনগোষ্ঠীক উক্ত ভিত্তিবৰ্ষৰ পৰা ৰেহাই দিয়া হোৱা নাই। নাথ যোগী জনগোষ্ঠীৰ পৰা ১৮৯৪ চনৰ ২৮ জানুৱাৰী পথৰুঘাট ৰণত ২৮ জনে প্রাণাহুতি দিছিল, ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰ তাৰিখে ঢেকিয়াজুলি থানাত ভাৰত ত্যাগ আন্দোলনত ছহিদ মনবৰ নাথৰ সৈতে ৫ গৰাকীকৈ নাথ-যোগী জনগোষ্ঠীৰ লোকে আত্ম-বলিদান দিছিল

 অসম আন্দোলনৰ ৮৬০ গৰাকী ছহিদৰ ভিতৰত ১৪০ গৰাকীয়েই হ'ল নাথ-যোগী জনগোষ্ঠীৰ। তেনে এটা খিলঞ্জীয়া জনগোষ্ঠীক ভূমি অধিকাৰৰ ক্ষেত্ৰত ১৯৫১ চনৰ ভিত্তিবর্ষ বা তিনিপ্ৰজন্মৰ নথি-পত্ৰৰ আওতাত আনি নাথ-যোগী জনগোষ্ঠীক বঞ্চিত আৰু লাঞ্চিত কৰিব বিচৰা কাৰ্যই স্বাভিমানত আঘাত হানিছে বুলি মন্তব্য কৰিছে অৰবিন্দ নাথে।

ইয়াৰোপৰি ১৯৯৮ চনৰ ১৯ ছেপ্তেম্বৰত অসমৰ ৰাজ্যপালে RRG 100/93/32 অধিসূচনা যোগে খিলঞ্জীয়া নাথ-যোগী জনগোষ্ঠীক সমগ্র অসমতে সংৰক্ষিত শ্রেণী (Protected Class) ৰ মৰ্য্যদা প্রদান কৰিছিল আৰু ইমানৰ পিছতে ভূমি অধিকাৰৰ ক্ষেত্ৰত ১৯৫১ চনৰ ভিত্তিবর্ষ বা তিনি প্ৰজন্মৰ নথি পত্ৰৰ আওতাত আনিবলৈ বিচৰাটো বৰ দূৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে অৰবিন্দ নাথে ।

এইক্ষেত্ৰত কৃষিজীৱি, শান্তিপ্রিয় তথা ৰাষ্ট্ৰৰ প্রতি দায়বদ্ধতা প্রকাশ কৰি অহা নাথ-যোগী জনগোষ্ঠীক যাতে অসম চুক্তিৰ ৬ নং দফা কার্যকৰী কৰোতে ভূমি অধিকাৰৰ ক্ষেত্ৰত ১৯৫১ চনৰ ভিত্তিবর্ষ বা তিনিপ্ৰজন্মৰ নথি পত্ৰৰ পৰা ৰেহাই দিয়ে তাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেৰ্তৃবৰ্গৰ প্ৰতি বিশেষ কাৰ্যকাৰী ব্যৱস্থা লবলৈ আহ্বান জনাইছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ নাথ আৰু সাধাৰণ সম্পাদক দীপক নাথে ।

ড০ হিমন্ত বিশ্ব শৰ্মা কোকৰাঝাৰ নাথ যোগী ছাত্ৰ সন্থা অসম চুক্তিৰ ৬ নং দফা