/asomiyapratidin/media/media_files/2025/06/11/b7CLvIG01iwdliAnSKvL.jpg)
ডিজিটেল সংবাদ, চিৰাং: চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰত ঈদৰ দিনা দুজন মুছলমান সম্প্ৰদায়ৰ যুৱকে এগৰাকী হিন্দু কিশোৰী তথা নৱম শ্ৰেণীৰ ছাত্ৰীক ঘৰৰ পৰা ফুচুলাই নি ইচ্ছাৰ বিৰুদ্ধে গো-মাংস খুৱাই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ৰাজবংশী জনগোষ্ঠীয় হিন্দু কিশোৰীক মুছলমান যুৱকে গো-মাংস খুৱাই দিয়াৰ ঘটনা পোহৰলৈ অহাৰ পিছত কাজলগাঁৱত বিভিন্ন দল সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
প্ৰাপ্ত খবৰ অনুসৰি এই সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ পিছত কিশোৰীগৰাকীৰ মাতৃয়ে কাজলগাঁওস্থিত চিৰাং জিলা শিশু সুৰক্ষা সমিতিৰ কাষ চাপে। জিলা শিশু সুৰক্ষা বিষয়াই সমগ্ৰ বিষয়টো তদন্ত কৰি মঙলবাৰ দিনা কাজলগাঁও থানাত অভিযুক্ত যুৱক কেইজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
দাখিল কৰা এজাহাৰৰ ভিত্তিত কাজলগাঁও থানাৰ আৰক্ষীয়ে মঙলবাৰে নিশা অভিযান চলাই ঘটনাৰ সৈতে জড়িত আছাদুল আলী (১৯) আৰু এজন কিশোৰক আটক কৰি আৰক্ষী থানাত আনিছে। কিন্তু এই ঘটনাৰ মূল অভিযুক্ত যুৱকজন এতিয়াও পলাতক হৈ আছে।
ঘটনাক কেন্দ্ৰ কৰি বি টি আৰ আক্ৰাছুৰ সভাপতি মণিৰাম ৰায়ে এয়া এক জঘন্য ঘটনা বুলি আখ্যা দি কয় যে, আমাৰ ৰাজবংশী জনগোষ্ঠীৰ কিশোৰী ছাত্ৰীগৰাকীক ফুচুলাই নি যিসকল লোকে গো-মাংস খাবলৈ বাধ্য কৰাইছে তেওঁলোক হৈছে আমাৰ সমাজৰ সাতামপুৰুষীয়া ভাতৃত্ববোধ আৰু সমন্বয় নষ্ট কৰিব খোজা সমাজৰ শত্ৰু। সেয়ে চিৰাং আৰক্ষীয়ে আইনৰ অধীনত সেইসকল অভিযুক্তক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে।
ৰাষ্ট্ৰীয় বজৰং দলৰ নেতা দীপাংকৰ নাহাই কয় যে, মুছলমান যুৱকে এগৰাকী নৱম শ্ৰেণীৰ হিন্দু ছাত্ৰীক ঈদৰ দিনা ঘৰত মাতি নি হিন্দু ধৰ্মত নিষিদ্ধ গো-মাংস খুৱাবলৈ বাধ্য কৰোৱাৰ যি ঘটনা সংঘটিত হৈছে সেয়া আমি কঠোৰ ভাষাৰে নিন্দা কৰিছো। এই জঘন্য ঘটনা সংঘটিত কৰা দুজন অভিযুক্তক আৰক্ষীয়ে আটক কৰিছে কিন্তু এই ঘটনাৰ মূল খলনায়কজন এতিয়াও পলাতক হৈ আছে বুলি আমি জানিব পাৰিছো।
তেওঁ কয়, আমি ৰাষ্ট্ৰীয় বজৰং দলৰ পৰা চিৰাং জিলা আৰক্ষী প্ৰশাসনক ২৪ ঘন্টা সময় বান্ধি দিছো। এই ২৪ ঘন্টাৰ ভিতৰত যদি আৰক্ষীয়ে মূল অভিযুক্তজনক আটক কৰিব নোৱাৰে তেনেহলে আমি বজৰং দলৰ পৰা নিজাববীয়াকৈ ব্যবস্থা গ্ৰহণ কৰিবলৈ বাধ্য হম আৰু তেতিয়া ইয়াৰ বাবে দায়ী হ’ব আৰক্ষী প্ৰশাসন। বজৰং দলে এনেধৰনৰ হিন্দু ধৰ্ম বিৰোধী কাৰ্যকলাপ কেতিয়াও সহ্য নকৰে বুলি হুংকাৰ প্ৰদান কৰে।