/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-18/jt4w39h8/91.jpg)
ডিজিটেল সংবাদ, বাক্সা : বাক্সাত আয়োজন কৰা হৈছে এক ব্যতিক্রমী সংগীত প্ৰতিযোগিতা। জ্যেষ্ঠ নাগৰিকসকলৰ মাজত অনুষ্ঠিত কৰা হৈছে এই সংগীত প্ৰতিযোগিতা।
বিষ্ণু, জ্যোতি আৰু ভূপেন্দ্র সংগীতৰ ওপৰত অনুষ্ঠিত কৰা হৈছে এই বিশেষ প্ৰতিযোগিতাখন। অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয় আৰু জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ আৰু অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে বাক্সাৰ গাৰামদেউত ৬০ উৰ্ধৰ জ্যেষ্ঠ নাগৰিকসকলৰ মাজত অনুষ্ঠিত কৰা হৈছে এই সংগীত প্ৰতিযোগিতা।
বাক্সা জিলাৰ অতিৰিক্ত আয়ুক্ত জে কে বৰ্মণে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা এই জ্যেষ্ঠ নাগৰিকৰ সংগীত প্ৰতিযোগিতাখনত জিলাখনৰ ভিন্ন প্ৰান্তৰ প্ৰায় ২৪ গৰাকী প্ৰতিযোগীয়ে অংশ লয়। বাক্সা জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি বসন্ত কুমাৰ শৰ্মাই জানিব দিয়া অনুসৰি ৰাজ্যৰ জ্যেষ্ঠ নাগৰিকসকলক এখন মঞ্চ দিয়াৰ বাবে ৰাজ্য চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে।
Also Read: দিগেন মহন্ত...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us