/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/5a86f462-5d0d-4f78-b9fe-fd2a29c06699/119.jpg)
ডিজিটেল সংবাদ, চিৰাং : জনসাধাৰণক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ নামত জলজীৱন মিচনৰ অধীনত ৰাজ্যৰ গ্ৰামাঞ্চলৰ পৰা আৰম্ভ কৰি চহৰাঞ্চলতো কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে বিশুদ্ধ খোৱাপানী যোগানৰ প্ৰকল্প । কিন্তু দুৰ্ভাগ্যজনক কথা যে চিৰাং জিলাৰ বাসুগাঁৱত কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা প্ৰায় সংখ্যক আচঁনিৰ পৰা সৰ্বসাধাৰণ ৰাইজে লাভ কৰা নাই বিশুদ্ধ খোৱাপানী- এই অভিযোগ সংশ্লিষ্ট এলেকাৰ ৰাইজৰ ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/90a7e36a-67c6-4d95-b933-dd1a99cde9b2/9105f9b6-619c-4fda-89bd-adb4081664b4.jpg)
বিটিচি নগৰ উন্নয়ন বিভাগৰ পৰা জলজীৱন মিচনৰ অধীনত চিৰাং জিলাৰ বাসুগাঁও পৌৰসভা এলেকাৰ দৈনিক বজাৰ, বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদ, বাসুগাঁও টাউন জেবি স্কুল আৰু বাসুগাঁও পৌৰসভাৰ সমীপত প্ৰায় এক কোটি টকা ব্যয় সাপেক্ষে চাৰিটাকৈ সৌৰশক্তি দ্বাৰা পৰিচালিত স্বয়ংক্ৰিয় অভিলাষী প্ৰকল্প নিৰ্মাণ কাৰ্য্য হৈছিল । প্ৰায় ৪ মাহ আগতেই এই প্ৰকল্প চাৰিটা কাম সম্পূৰ্ণ হৈছিল ।
নিৰ্মাণ কাৰ্য্য সম্পন্ন হোৱাৰ পিছত কিছুদিন উক্ত প্ৰকল্পটোৰ পৰা খোৱাপানী পানী যোগান আৰম্ভ হৈছিল। কিন্তু অজ্ঞাত কাৰণত বাসুগাঁও চহৰৰ এই প্ৰকল্প চাৰিটা মুকলি কৰা নহ'ল ।
তাৰে ভিতৰত বাসুগাঁও বজাৰ আৰু পৌৰসভা সমীপৰ প্ৰকল্প দুটাত নিশাৰ ভাগত একাংশ অসামাজিক লোকে উক্ত মদৰ আড্ডা বহুৱাৰ অভিযোগ উত্থাপিত হৈছে । একাংশ নিচাগ্ৰস্ত লোকে ইয়াতেই ক্ষান্ত নেথাকি কোটি টকীয়া ব্যয় সাপেক্ষে নিৰ্মাণ সৌৰশক্তি দ্বাৰা পৰিচালিত স্বয়ংক্ৰিয় খোৱাপানী প্ৰকল্পটোৰ বহু যন্ত্ৰাংশ,পানীৰ টেপ সমূহ ভাঙি বিনষ্ট কৰিবলৈ আৰম্ভ কৰিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/f99da978-0dae-4840-b8f1-b2a74f0d0cf2/0ea3ee15-e3ae-46e4-b384-df52022c0378.jpg)
যি বিষয়টো বাসুগাঁও অঞ্চলৰ সচেতন মহলে সহজভাৱে গ্ৰহণ কৰিব পৰা নাই । সৰ্বসাধাৰণ ৰাইজৰ সুবিধাৰ্থে যদি এই বিশুদ্ধ খোৱাপানী প্ৰকল্প সমূহ নিৰ্মাণ কৰা হৈছে তেনেহ'লে নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছতো এনেদৰে পেলাই থৈ বিনষ্ট কৰাতকৈ অতি সোনকালেই পুনৰ কাৰ্য্যক্ষম কৰি ৰাইজৰ সুবিধাৰ্থে আনুষ্ঠানিকভাৱে মুকলি কৰি দিবলৈ আহ্বান জনোৱা হৈছে ।
লক্ষ্যণীয় বিষয় যে বাসুগাঁও পৌৰসভা এলেকাত এই প্ৰকল্প চাৰিটা নিৰ্মাণ কাৰ্য্য চলিথকাৰ সময়ত ঠিকাদাৰে নিম্ন মানদণ্ডৰ চিমেন্ট তথা নিৰ্মাণ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। এই সন্দৰ্ভত বাতৰি প্ৰকাশ হোৱাৰ পিছত বাসুগাঁও পৌৰসভাৰ পৌৰপতিৰ হস্তক্ষেপত নিম্ন মানদণ্ডৰ সামগ্ৰী আঁতৰাই দি উপযুক্ত সামগ্ৰীৰে নিৰ্মাণ কাৰ্য্য সমাপ্ত কৰিবলৈ বাধ্য হৈছিল বুলি জানিবলৈ দিয়ে ।
Also Read: নগাঁৱত নিচাযুক্ত দ্ৰব্যসহ দুজনক আটক