ৰাজ্যত পুনৰ মৰেল পুলিচিঙৰ ঘটনা ।
এইবাৰ কোকৰাঝাৰ মাগুৰমাৰীত মৰেল পুলিচৰ তাণ্ডৱ।
ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া কোকৰাঝাৰত ।
গৰুচোৰৰ অভিযোগত দুজন লোকক হাত-ভৰি বান্ধি লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ ।
মৰেল পুলিচিঙৰ প্ৰকোপত গুৰতৰভাৱে আহত দুই যুৱক ।
কোকৰাঝাৰ সদৰ থানাত গোচৰ ৰুজু ।
ৰাস্তাৰে দুটা গৰু লৈ যোৱাৰ সময়তে গৰু চোৰ বুলি ভাৱি লোক দুজনক প্ৰহাৰ কৰে এদল লোকে।
অভিযোগ অনুসৰি ৰজত মণ্ডলৰ নেতৃত্বত লোকদুজনক প্ৰহাৰ কৰে।
ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া এবিএমছুৰ ।
২৪ ঘণ্টাৰ ভিতৰত দোষীক গ্ৰেপ্তাৰৰ দাবী ।
অন্যথাই গণতান্ত্ৰিক আন্দোলন কৰা হ'ব বুলি ভাবুকি এবিএমছুৰ ।
শিলাদিত্য দেৱে কোকৰাঝাৰ ভ্ৰমণ কৰি যোৱাৰ পিছতে অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ বুলি মন্তব্য এবিএমছুৰ ।