ভাৰত-ভূটান সীমান্তৰ দাদগিৰিত নতুন ৰূপত "মোনাবিলি পিকনিক স্পট" মুকলি

এতিয়া চৌদিশে পিকনিক বা বনভোজৰ বতৰ।  এই বনভোজৰ বতৰত সকলোৱে পৰিয়াল অথবা বন্ধুবৰ্গৰ সৈতে কোনো এক সুন্দৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশৰ মাজত বনভোজলৈ গৈ এটা দিন অতিবাহিত কৰাৰ পৰিকল্পনা কৰে।

author-image
Asomiya Pratidin
New Update
ভাৰত-ভূটান সীমান্ত

ডিজিটেল সংবাদ, চিৰাং: এতিয়া চৌদিশে পিকনিক বা বনভোজৰ বতৰ।  এই বনভোজৰ বতৰত সকলোৱে পৰিয়াল অথবা বন্ধুবৰ্গৰ সৈতে কোনো এক সুন্দৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশৰ মাজত বনভোজলৈ গৈ এটা দিন অতিবাহিত কৰাৰ পৰিকল্পনা কৰে।

Advertisment

সামান্তৰাল ভাবে পৰ্য্যটক তথা বনভোজলৈ যোৱা দলক আকৰ্ষিত কৰিবলৈ বনভোজস্থলীসমূহ নতুনকৈ সজাই-পৰাই তোলা হয়। অন্যান্য বছৰৰ দৰে এইবেলিও চিৰাং জিলাৰ ভাৰত-ভূটান আন্তৰ্জাতিক সীমান্ত দাদগিৰিৰ সমীপত এটি সুন্দৰ মনোমহা বনভোজ স্থলী "মোনাবিলি পিকনিক স্পট" মুকলি কৰা হয় ।

য'ত চুবুৰীয়া ৰাষ্ট্ৰ ভূটান পাহাৰৰ পৰা বৈ আহিছে খৰস্ৰোতা আই নৈৰ পানী । "মোনাবিলি পিকনিক স্পট" ত অহা পৰ্য্যটক তথা বনভোজ দলক আকৰ্ষিত কৰিব পৰাকৈ সেউজীয়া প্ৰাকৃতিক পৰিবেশৰ মাজত আৰু খৰস্ৰোতা আই নৈৰ বুকুত ৰঙ বিৰঙৰ বিশ্ৰাম গৃহ সজাই পৰাই তোলা হৈছে।

এইবেলি "মোনাবিলি পিকনিক স্পট" ত কেৱল দেশীয় পৰ্য্যটকৰ উপৰি চুবুৰীয়া দেশ তথা বন্ধু ৰাষ্ট্ৰ ভূটানৰ পৰাও যাতে পৰ্য্যটকৰ আগমন ঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি পৰিচালনা সমিতিয়ে বনভোজস্থলীত স্থানীয় থলুৱা খাদ্য বিপণীৰ উপৰিও ভূটানী বিপণীও স্থাপন কৰিছে ।

তদুপৰি বনভোজ স্থলী উদ্বোধন অনুষ্ঠানত ভুটান গেলেফু চহৰৰ মেয়ৰ তথা ইন্দো-ভুটান ফ্ৰেইণ্ডশ্বিপ এচোছিয়েচনৰ অন্যতম সদস্য দাছু ছিৰিং নাৰবুয়ে উপস্থিত থাকি বনভোজস্থলী আনুষ্ঠানিক ভাবে উদ্বোধন কৰে। উদ্বোধন অনুষ্ঠানত দাদগিৰিস্থিত এছ এছ বিৰ ৬ নং বেটেলিয়ানৰসহ কমাণ্ডেণ্ট সৌৰভ কুমাৰ উপস্থিত থাকে ।

বনভোজস্থলীত যাত্ৰীসকলৰ যানবাহন ৰখাৰ বাবে সুন্দৰ পাৰ্কিঙৰ ব্যবস্থা কৰা হৈছে। পূৰ্বৰ দৰে এইবেলিও চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ এই "মোনাবিলি পিকনিক স্পট" যথেষ্ট সংখ্যক পৰ্য্যটক তথা বনভোজ দলৰ আগমণ ঘটিব বুলি বনভোজ পৰিচালনা সমিতি ফালৰ পৰা আশা প্ৰকাশ কৰা হৈছে ।

বনভোজ পিকনিক চিৰাং