ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ উন্নয়ন খণ্ডৰ অধীনৰ বাংগালডোবাত (সূত্ৰধৰবস্তি) আজি নৱনিৰ্মিত মডেল অংগনাবাদী কেন্দ্ৰ মুকলি কৰে কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে। ২৫ লাখ টকা ব্যয়েৰে নিৰ্মাণ হোৱা উক্ত মডেল অংগনাবাদী কেন্দ্ৰ মুকলি কৰি বিধায়ক লৰেঞ্চ ইছলাৰীয়ে কয় যে, মডেল অংগনবাদী কেন্দ্ৰটো মুকলি হোৱাৰ পিছত অঞ্চলবাসীৰ দীৰ্ঘদিনীয়া অভাৱ এটা পূৰণ হ'ল আৰু এতিয়াৰে পৰা মডেল অংগনাবাদী কেন্দ্ৰটোৰ যোগেদি শিশুসকলৰ যতন লোৱাত সহায়ক হ'ব ।
শিশুসকলৰ শাৰিৰীক, মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে মডেল অংগনাবাদী কেন্দ্ৰ অতিকৈ প্ৰয়োজনীয় বুলি উল্লেখ কৰি কেন্দ্ৰটো সুচাৰুৰূপে চলাই নিবলৈ কেন্দ্ৰটোৰ তত্বাবধায়কসকলক নিৰ্দেশনা দিয়ে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে। মডেল অংগনাবাদী কেন্দ্ৰ মুকলি অনুষ্ঠানত কোকৰাঝাৰ জিলা আয়ুক্ত মছন্দা পাৰ্টিন, কোকৰাঝাৰ উন্নয়ন খণ্ডৰ বিষয়া -কৰ্মচাৰীসকলৰ লগতে অঞ্চলটোৰ সাধাৰণ ৰাইজ উপস্থিত আছিল।
উল্লেখ্য যে ইয়াৰ পূৰ্বে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে বিটিচিৰ এছ অ' পি ডি ফাণ্ড ২০২২-২০২৩ৰ অধীনত বালাজান তিনালীত নিৰ্মিত হোৱা স্বৰ্গীয় ৰূপনাৰায়ণ মুছাহাৰী স্মাৰক ৰাজহুৱা প্ৰেক্ষাগৃহ মুকলি কৰে। স্বৰ্গীয় ৰূপনাৰায়ণ মুছাহাৰী স্মাৰক ৰাজহুৱা প্ৰেক্ষাগৃহ মুকলি কৰি বিধায়ক লৰেঞ্চ ইছলাৰীয়ে কয় যে, স্বৰ্গীয় ৰূপনাৰায়ণ মুছাহাৰী এগৰাকী সুলেখক আছিল।তেওঁ মৃত্যুৰ আগমুহূৰ্তলৈকে কেবাখনো গ্ৰন্থ ৰচনা কৰিছিল।
সাহিত্যৰ ভঁৰাল টনকিয়াল কৰা সুলেখক ৰূপনাৰায়ণ মুছাহাৰীৰ কৰ্মৰাজীক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰে বিধায়ক ইছলাৰীয়ে। ইপিনে আজি ৰাতিপুৱাৰ ভাগত কোকৰাঝাৰ উন্নয়ন খণ্ডৰ অধীনৰ বালাজান তিনালী ভিচিডিচিৰ অন্তৰ্গত খাংক্লাইবাদা বজাৰত বজাৰগৃহ নিৰ্মাণৰ বাবে আধাৰশীলা স্থাপন কৰে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে ।
আধাৰশীলা স্থাপন কৰি বিধায়ক লৰেঞ্চ ইছলাৰীয়ে সমষ্টিবাসীৰ প্ৰগতি আৰু উন্নয়নেই তেওঁৰ মূল লক্ষ্য বুলি সদৰি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে এইক্ষেত্ৰত তেওঁক সৰ্বতোপ্ৰকাৰে সহায় কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ।