বিধায়ক লৰেন্স ইছলাৰীৰ পদক্ষেপঃ কোকৰাঝাৰ ৰে’ল ষ্টেচনত আৰু ৰখিব কেবাখনো ৰে'ল!

বিধায়ক লৰেন্স ইছলাৰীয়ে একাধিক সমস্যাৰ সন্দৰ্ভত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ আলিপুৰদুৱাৰ ডিভিজনৰ ৰে'লৱে সাংমণ্ডলিক প্ৰৱন্ধকৰ সৈতে আজি এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। 

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
বিধায়ক লৰেন্স ইছলাৰীৰ পদক্ষেপঃ কোকৰাঝাৰ ৰে’ল ষ্টেচনত আৰু ৰখিব কেবাখনো ৰে'ল!

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীয়ে কোকৰাঝাৰ ৰে'লৱে ষ্টেচনত কেইবাখনো উজনিমুৱা আৰু নামনিমুৱা ৰে'ল ৰখোৱা, কোকৰাঝাৰত ফুটব্ৰীজ নিৰ্মাণ কৰা আৰু কালভাৰ্ট নিৰ্মানৰ দাবীত আজি উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ আলিপুৰদুৱাৰ ডিভিজনৰ ৰে'লৱে সাংমণ্ডলিক প্ৰৱন্ধকৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। 

Advertisment

বিধায়ক লৰেন্স ইছলাৰীয়ে উক্ত বৈঠকত ১৫৯১০ নং অবোধ অসম এক্সপ্ৰেছ(উজনিমুৱা) আৰু ১৫৯০৯ নং অবোধ অসম এক্সপ্ৰেছ(নামনিমুৱা), ১২৩৪৬ শৰাইঘাট এক্সপ্ৰেছ(উজনিমুৱা)/১২৩৪৫, শৰাইঘাট এক্সপ্ৰেছ(নামনিমুৱা), ১৩২৪৮ কেপিটেল এক্সপ্ৰেছ (উজনিমুৱা)/১৩২৪৭, কেপিটেল এক্সপ্ৰেছ (নামনিমুৱা) আৰু  ১৫৬২৫২ লোহিত এক্সপ্ৰেছ (উজনিমুৱা)/১৫৬২৫২ লোহিত এক্সপ্ৰেছ (নামনিমুৱা) ৰে'লসমুহ কোকৰাঝাৰ ৰে'লৱে ষ্টেচনত ষ্টপেজ দিয়াৰ দাবী উত্থাপন কৰিছে। 

ইয়াৰোপৰি বিধায়কগৰাকীয়ে কোকৰাঝাৰ ৰে'লৱে ষ্টেচনৰ পশ্চিম দিশত থকা লেভেং ক্ৰছিংটোৰ বিষয়ে দৃষ্টি আকৰ্ষণ কৰি কয় যে, উক্ত লেভেল ক্ৰছিঙেৰে বিপদজনকভাৱে দৈনিক ছাত্ৰ-ছাত্ৰী, বিশেষকৈ শিশু আৰু বৃদ্ধসকল পাৰ হ’বলৈ ব্যৱহাৰ কৰি আহিছে। কোকৰাঝাৰ অসামৰিক চিকিৎসালয়লৈও এইটো আটাইতকৈ চমু বাট আৰু যাৰ ফলত উক্ত পথটো অপৰিহাৰ্য পথ হিচাপে বিবেচিত হৈ আহিছে। 

উক্ত লেভেল ক্ৰছিংত ফুটঅভাৰ ব্ৰীজ নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে বিধায়ক লৰেন্স ইছলাৰীয়ে। আনহাতে কোকৰাঝাৰ হনুমান মন্দিৰৰ ওচৰত থকা ৰে'লৱেৰ এটা হিউমপাইপ সৰু হোৱাৰ বাবে ৰে'ল লাইনৰ উত্তৰদিশত থকা শান্তিনগৰ, ৰূপাথী নগৰ, সুভাষপল্লী, বিধানপল্লী আদি অঞ্চলসমুহ প্ৰতিটো বাৰিষাকালত জলমগ্ন হোৱাৰ বিষয়টো উত্থাপন কৰি বিধায়ক ইছলাৰীয়ে উক্ত স্থানত বৃহৎ কালভাৰ্ট নিৰ্মাণৰ আহ্বান জনায়।

বিধায়ক লৰেন্স ইছলাৰীৰ যুক্তিত পতিয়ন গৈ আলিপুৰদুৱাৰ ডিভিজনৰ ৰে'লৱে সাংমণ্ডলিক প্ৰৱন্ধক গৰাকীয়ে বিষয়টো গুৰুত্বসহকাৰে লয় আৰু ৭ মে, বুধবাৰে উক্ত স্থানলৈ অভিযন্তাৰ এটি দল জৰীপৰ কাৰণে পঠোৱা হ'ব বুলি উল্লেখ কৰে। প্ৰণিধানযোগ্য যে কোকৰাঝাৰ হনুমান মন্দিৰৰ ওচৰত থকা ৰে'ল লাইনত ডাঙৰ কালভাৰ্ট এটি নিৰ্মাণ হলে কোকৰাঝাৰ চহৰৰ কৃত্ৰিম বানপানীৰ সমস্যা বহুলাংশে লাঘৱ হ'ব বুলি অনুমান কৰা হৈছে। 

ইপিনে বিধায়ক লৰেন্স ইছলাৰীয়ে আজিৰ আলোচনা সৌহাৰ্দপূৰ্ণ আছিল আৰু সমস্যাসমূহ শীঘ্ৰে সমাধান হ'ব বুলি আশা প্ৰকাশ কৰিছে।

লৰেন্স ইছলাৰী কোকৰাঝাৰ