Advertisment

কোকৰাঝাৰত নাবালিকাক যৌন নিৰ্যাতন কৰি ভাঙিলে উৰুৰ হাড়ঃ পেলাই থৈ গ'ল জংঘলত

কোকৰাঝাৰ-ধুবুৰী জিলাৰ সীমান্তৱৰ্তী চাপৰ থানাৰ অন্তৰ্গত বাঙালডোবা অঞ্চলত দেওবাৰে সন্ধিয়া সংঘটিত হয় ভয়ংকৰ ঘটনা। এগৰাকী নাবালিকা কিশোৰীক যৌন নিৰ্যাতন কৰি পেলাই থয় জংঘলত।

author-image
Tushar Pratim
New Update
কোকৰাঝাৰত নাবালিকাক যৌন নিৰ্যাতন কৰি ভাঙিলে উৰুৰ হাড়ঃ পেলাই থৈ গ'ল জংঘলত

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ-ধুবুৰী জিলাৰ সীমান্তৱৰ্তী তথা ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত বাঙালডোবা অঞ্চলত দেওবাৰে সন্ধিয়া এক ভয়াৱহ ঘটনা সংঘটিত হৈছে। এগৰাকী নাবালক কিশোৰে আন এগৰাকী নাবালিকা কিশোৰীক যৌন নিৰ্যাতন কৰি মুমূৰ্ষু অৱস্থাত জংঘলত পেলাই থৈ যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

Advertisment

পিছত নাবালিকাগৰাকীক ভৰি ভঙা অৱস্থাত জংঘলৰ পৰা উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ যৌন নিৰ্যাতনৰ বলি হোৱা নাবালিকাগৰাকী বৰ্তমান কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত চিকিৎসাধীন হৈ আছে৷

এই সন্দৰ্ভত পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা মতে কোকৰাঝাৰ থানাৰ অন্তৰ্গত চক্ৰশীলা অঞ্চলৰ পৰা তেওঁলোকে চাপৰ থানাৰ অধীনৰ বাঙালডোবাৰ এটা ইটাৰ ভাটাত কাম কৰিবলৈ চাৰি মাহ পূৰ্বেই আহে আৰু ইটাভাটাৰ শিবিৰতে থাকিবলৈ লয়।

দেওবাৰে সন্ধিয়া প্ৰায় ৬ মান বজালৈকে তেওঁলোকৰ জ্যেষ্ঠ কন্যা সন্তান শিবিৰলৈ ঘূৰি নহাত চিন্তিত হৈ পৰে। এই সন্দৰ্ভত সৰু জীয়ৰীক বায়েকৰ কথা সোধাত একেটা ইটাভাটাতে কাম কৰা এজন কিশোৰে খেলি থকা অৱস্থাৰ পৰাই বায়েকৰ মুখত সোপা দি জংঘলৰ পিনে লৈ যোৱা বুলি জনায়। 

উক্ত কথা জানিব পাৰি পৰিয়ালত হাহাকাৰ লাগে আৰু মাকে দুজনমান লোকক লৈ জংঘলৰ পিনে জীয়েকক বিচাৰি যায়। সেই সময়তে জংঘলৰ ভিতৰৰ পৰা জীয়ৰীয়ে চিঞৰি থকা শুনিবলৈ পায়।

অন্ধকাৰ নিশা জয়াল পৰিৱেশৰ মাজেৰে চিঞৰৰ শব্দ অনুসৰণ কৰি কৰি দলটো জংঘলৰ ভিতৰলৈ যায় আৰু মাটিত পৰি থকা অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় কিশোৰীগৰাকীক। তাৰ পৰা নাবালিকাগৰাকীক ইটাভাটালৈ লৈ আহে৷

ইয়াৰ পিছত কোকৰাঝাৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে গৈ নাবালিকাগৰাকীক ইটাভাটাৰ পৰা লৈ আনি কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অস্থি ৰোগ বিভাগত ভৰ্তি কৰায়৷

অস্থি ৰোগ বিশেষজ্ঞ ডাঃ প্ৰাঞ্জল কলিতাই জানিবলৈ দিয়া মতে নাবালিকাগৰাকীৰ উৰুৰ হাড় ভাঙিছে আৰু ই শৰীৰৰ আটাইতকৈ ডাঙৰ হাড়। খুব জোৰেৰে আঘাত নকৰিলে অতি সহজে এই হাড় নাভাঙে৷

আজি ভঙা হাড়ৰ বাবে প্লাষ্টাৰ কৰাৰ কথা সদৰী কৰি অতি শীঘ্ৰে নাবালিকাগৰাকীক অস্ত্ৰোপচাৰ কৰা হ'ব বুলি সদৰি কৰে ডাঃ প্ৰাঞ্জল কলিতাই।

কোকৰাঝাৰ যৌন নিৰ্যাতন