নাবালিকাক যৌন নিৰ্যাতনকাৰী আচামীক যাৱজ্জীৱন কাৰাদণ্ডৰ দণ্ডিত...

চিৰাং জিলাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতে আজি এগৰাকী জনজাতি নাবালিকাক যৌন নিৰ্যাতন চলোৱা অভিযুক্তক নিৰ্দিষ্ট বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰে দৃষ্টান্তমূলক ৰায়দান কৰে।

author-image
Asomiya Pratidin
New Update
 নাবালিকাক যৌন নিৰ্যাতনকাৰী আচামীক যাৱজ্জীৱন কাৰাদণ্ডৰ দণ্ডিত...

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতে আজি এগৰাকী জনজাতি নাবালিকাক যৌন নিৰ্যাতন চলোৱা অভিযুক্তৰ বিৰুদ্ধে দৃষ্টান্তমূলক ৰায়দান কৰে। অতিৰিক্ত সত্ৰ ন্যায়াধীশ ৰূপক ৰজকৰ আদালতে যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা দিয়া আইন (POCSO) ৰ অধীনত অভিযুক্ত আচামী ছাদেক আলী (২৪) ক যাৱজ্জীৱন কাৰাদণ্ডক লগতে ২৫ হাজাৰ টকা জৰিমনা বিহে।

 খবৰ অনুসৰি ২০২৩ বৰ্ষত বাসুগাঁও থানাৰ অন্তৰ্গত চাৰি নং ৱাৰ্ড গোগলাপাৰাৰ বাসিন্দা ছাহিদ আলীৰ পুত্ৰ তথা বিবাহিত দুই সন্তানৰ পিতৃ ছাদেক আলীয়ে এগৰাকী জনজাতি হিন্দু সম্প্ৰদায়ৰ নাবালিকাৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি নিজৰ বাসগৃহত আনি যৌন নিৰ্যাতন চলাইছিল। ৩০ মাৰ্চ, ২০২৩ তাৰিখে গোগলাপাৰাৰ স্থানীয় ৰাইজে লাভ জেহাদৰ অভিযোগ উত্থাপন কৰি অভিযুক্ত ছাদেক আলীক উত্তম মাধ্যম দি আৰক্ষীৰ হাতত গতাই দিছিল ।

পিছত নিৰ্যাতিতা নাবালিকাৰ অভিভাৱকে অভিযুক্ত ছাদেক আলীৰ বিৰুদ্ধে বাসুগাঁও থানাত এজাহাৰ দাখিল কৰে। ভুক্তভোগী পৰিয়ালৰ এজাহাৰৰ ভিত্তিত বাসুগাঁও থানাৰ আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা দিয়া আইন (POCSO) ৰ অধীনত ছাদেক আলীক গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰে ।

পৰবৰ্তী সময়ত বাসুগাঁও থানাৰ আৰক্ষীয়ে তদন্ত কৰি অভিযুক্ত ছাদেক আলীৰ বিৰুদ্ধে পকচো আইনৰ অধীনত কাজলগাঁও আদালতত অভিযোগনামা দাখিল কৰে। প্ৰায় দুই বছৰ সময় বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আজি কাজলগাঁও অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতৰ এই দৃষ্টান্তমূলক ৰায়দান কৰে।

উল্লেখ্য যে আজিৰ ৰায়দানত জৰিমনা কৰা ২৫ হাজাৰ টকা অনাদায়ে অতিৰিক্ত তিনিমাহৰ কাৰাদণ্ডৰ কথা ঘোষণা কৰে। সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াত ভুক্তভোগীৰ হৈ আদালতত যুক্তি দৰ্শায় চৰকাৰী অধিবক্তা নন্দিতা বসুমতাৰীয়ে। আজি আদালতৰ এই ৰায়দান জনাৰ পিছত বাসুগাঁও চহৰৰ চাৰি নং ৱাৰ্ডৰ গোগলাপাৰাৰ ৰাইজে সন্তুষ্টি প্ৰকাশ কৰে আৰু বাসুগাঁও থানাৰ আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে ।

যৌন নিৰ্যাতন চিৰাং