চিৰাঙৰ ডাংতল-নীলিবাৰীত মন্ত্ৰী পীযুষ হাজৰীকাৰ নিৰ্বাচনী প্ৰচাৰ

চিৰাঙৰ ডাংতল-নীলিবাৰীত মন্ত্ৰী পীযুষ হাজৰীকাৰ নিৰ্বাচনী প্ৰচাৰ

বিজেপি-ইউপিপিএলে চৰকাৰ গঠন কৰাৰ পিছত হত্যা-হিংসা আৰু অশান্তিৰ ঠাইত শান্তি আৰু প্ৰগতি উন্নয়নৰ আৰম্ভ হৈছে- পীযুষ

ডিজিটেল সংবাদ, চিৰাং : ৰাজ্যত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মাজত মাত্ৰ দুটা দিন বাকী থকাৰ সময়তে কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ আৰু নেতা-মন্ত্ৰীসকলৰ বাকযুদ্ধ তুংগত উঠা পৰিলক্ষিত হৈছে । শনিবাৰে চিৰাং জিলাৰ ডাংতল-নীলিবাৰীত কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।

উক্ত সভাত মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হোৱাৰ পিছত দেশ তথা ৰাজ্যখনত শান্তি প্ৰতিষ্ঠাৰ কৰাৰ লগতে প্ৰগতি আৰু উন্নয়নৰ ধাৰা সৈতে পূৰ্বৰ কংগ্ৰেছ আৰু বিপিএফ দলৰ চৰকাৰক তুলনা কৰি তীব্ৰ সমালোচনা কৰে। মন্ত্ৰী হাজৰীকাই কয়- কংগ্ৰেছ আৰু বিপিএফৰ শাসনকালত বিটিচি এলেকাত কেৱল হত্যা-হিংসা আৰু অশান্তিৰ পৰিৱেশ বিৰাজ কৰিছিল।

কোনো এজন নাগৰিক শান্তিৰে ব্যৱসায়-বাণিজ্য তথা বসবাস কৰিব নোৱাৰিছিল । তাৰ মাজতে ২০১২ চনত কংগ্ৰেছ আৰু হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলৰ শাসনকালতেই এই বিটিআৰত ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছিল ।

লগতে কয়- লাখ লাখ বৃদ্ধ, শিশু, নাৰী আদি এই সাম্প্ৰদায়িক সংঘৰ্ষৰ ফলত প্ৰভাৱিত হৈছিল । কিন্তু বিজেপি আৰু ইউপিপিএল দলৰ শাসনকালত এই বিটিআৰত কোনো সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে নেকি বুলি ৰাইজলৈ প্ৰশ্ন কৰে মন্ত্ৰী পীযুষে

বিজেপি-ইউপিপিএলৰ চৰকাৰ অহাৰ পিছত বিটিচি এলেকাত অশান্তিৰ বাতাবৰণ গুচি এতিয়া বিটিআৰত শান্তি আৰু প্ৰগতিৰ পৰিৱেশ ঘূৰি আহিছে । কেন্দ্ৰত নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত দুখীয়া-দৰিদ্ৰ লোকসকলৰ কল্যাণৰ কাৰণে কিমান জনহিতকৰ আঁচনি কৰিছে সেই কথা ব্যাখ্যা কৰে।

কংগ্ৰেছ চৰকাৰ দিনত দুখীয়া-দৰিদ্ৰ পৰিয়ালৰ বাবে বিনামূলীয়া আৱাসগৃহ আঁচনি গ্ৰামাঞ্চলতে সীমাবদ্ধ আছিল। কিন্তু নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখন কেৱল গ্ৰামাঞ্চলতে সীমাবদ্ধ কৰি নাৰাখি চহৰাঞ্চলত বসবাস কৰা দুখীয়া-দৰিদ্ৰ লোকসকলৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আৰম্ভণি কৰে ।

শিক্ষা, দীক্ষাৰ পৰা আৰম্ভ কৰি স্বাস্থ্যসেৱাৰ ক্ষেত্ৰতো এক অভাৱনীয় কাম কৰা হৈছে । কংগ্ৰেছৰ ৬০ বছৰত শাসনকালত অসমত মেডিকেল কলেজ আছিল ৬ খন আৰু বিজেপিৰ ৮ বছৰ শাসনকালত ১৮ খন মেডিকেল কলেজ ইতিমধ্যেই স্থাপন কৰা হ’ল বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

লগতে মন্ত্ৰীগৰাকীয়ে কয়- অকল বিটিআৰতে দুখনকৈ মেডিকেল স্থাপন কৰা হৈছে আৰু আগলৈ নতুন নতুন মেডিকেল কলেজ স্থাপন কৰাৰ পৰিকল্পনা লোৱা হৈছে। সভাত জনতাক উদ্দেশ্যি মন্ত্ৰী হাজৰীকাই কয় যে যিহেতু নৰেন্দ্ৰ মোডী তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে পুনৰ অধিষ্ঠিত হ’বলৈ গৈছে তেনেক্ষেত্ৰত দেশৰ জনতাই অইন দলক কিয় ভোট দিব ? ৰাইজে এইবেলি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক ভোটদান কৰিবলৈ নিশ্চিত কৰি লৈছে বুলি দাবী কৰে।

সেয়ে এইবেলি কোকৰাঝাৰ লোকসভা সমষ্টিত এনডিএ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ট্ৰেক্টৰৰ ছবিত ভোট দিবলৈ আহ্বান জনায় । ইপিনে শুকুৰবাৰে চিৰাঙৰ মোজাবাৰীত এক নিৰ্বাচনী সভাত বিপিএফ দলৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীয়ে কৰা মন্তব্য সন্দৰ্ভতো মন্ত্ৰী হাজৰীকাই প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

মন্ত্ৰী হাজৰীকাই কয় যে তেওঁলোকে প্ৰত্যেকটো নিৰ্বাচনৰ আগত কয়, তেওঁলোকে জিকিব কিন্তু নিৰ্বাচনৰ পিছত হাৰি যায় । এইবেলিও বিপিএফ দল বেয়াকৈ হাৰিব বুলি মন্তব্য কৰে ।

বিপিএফ লাহে লাহে নাইকিয়া হৈ যাব । বিপিএফ দলৰ অপশাসনৰ বাবে এতিয়া ৰাইজে বিপিএফ দলক বেয়া পায় । সূতা কম্বলৰ অৰ্ডাৰ দি থকা দলক আৰু ৰাইজে ভোট নিদিয়ে ।

যাৰ দিনত কেৱল হত্যা হৈছিল, হিংসা হৈছিল, ভ্ৰাতৃঘাতী সংঘৰ্ষ হৈছিল উন্নয়ন একোৱেই হোৱা নাছিল তেনেকুৱা দলক এতিয়া আৰু ভোট নিদিয়ে । সকলোৰে মুখে মুখে এতিয়া কেবল শান্তি লাগে  আৰু শান্তি কোনে আনিব পাৰিব, একমাত্ৰ বিজেপি দলে শান্তি আনিব পাৰে সেয়া প্ৰমাণ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

যেতিয়াৰ পৰা কেন্দ্ৰত নৰেন্দ্ৰ মোডীৰ চৰকাৰ আহিল আৰু ২০১৬ অসমত বিজেপি চৰকাৰ গঠন হ’ল তেতিয়াৰ পৰাই অসমত হত্যা হিংসা নাইকিয়া হ’ল, বোমা নুফুটা হ’ল গতিকে এইবেলি বিটিআবাসী ৰাইজে বিজেপি, এজিপি আৰু ইউপিপিএল মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোট দি বিপুল ভোটৰ ব্যৱধানত বিজয়ী কৰিব বুলি দাবী কৰে।

কেইবা সহস্ৰাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰা ডাংতল-নীলিবাৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত বিধায়ক কমলাক্ষ্য পুৰকায়স্থ,  সুশান্ত বৰগোহাঁই, চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন ৰায়সহ বহু নেতা-কৰ্মী উপস্থিত থাকে ।

চিৰাঙৰ ডাংতল-নীলিবাৰীত মন্ত্ৰী পীযুষ হাজৰীকাৰ নিৰ্বাচনী প্ৰচাৰ
জীয়াভৰলীৰ পাৰৰ ১০০বিঘা মাটিত বৃহৎ কৃষি পাম স্থাপন...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in