'অশান্ত আৰু উন্নয়নৰ পৰা বঞ্চিত BTR এতিয়া শান্তি আৰু প্ৰগতিৰ দৃষ্টান্ত হৈ পৰিছে, এয়াই নতুন অসম'- পীযুষ হাজৰীকা

অসমৰ ইতিহাসত আজিৰ দিনটো এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হৈছে। আজি ৰাজ্যত প্ৰথমবাৰৰ বাবে ৰাজধানীৰ বাহিৰত কোকৰাঝাৰত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিন অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
'অশান্ত আৰু উন্নয়নৰ পৰা বঞ্চিত BTR এতিয়া শান্তি আৰু প্ৰগতিৰ দৃষ্টান্ত হৈ পৰিছে,  এয়াই নতুন অসম'- পীযুষ হাজৰীকা

ডিজিটেল ডেস্কঃ অসমৰ ইতিহাসত আজিৰ দিনটো এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হৈছে। আজি ৰাজ্যত প্ৰথমবাৰৰ বাবে ৰাজধানীৰ বাহিৰত কোকৰাঝাৰত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিন অনুষ্ঠিত হয়।

Advertisment

আজি কোকৰাঝাৰত অসম বিধানসভাৰ বাজেট অধিৱেশনত অংশগ্ৰহণ কৰাৰ প্ৰাক মুহূৰ্তত মন্ত্ৰী পীযুষ হাজৰীকাই সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, প্ৰথমবাৰৰ বাবে আমাৰ বিধানসভাৰ অধিৱেশন ৰাজধানীৰ বাহিৰত অনুষ্ঠিত হ’বলৈ গৈ আছে। সাধাৰণতে বিধানসভাৰ অধিৱেশন দিছপুৰস্থিত আমাৰ বিধানসভাৰ স্থায়ী ভৱনত অনুষ্ঠিত হয়।

প্ৰায় ১৫ বছৰৰ পিছত কোকৰাঝাৰত শান্তিৰ পৰিৱেশ ঘূৰি আহিছে। কোকৰাঝাৰৰ মানুহে আগতে পৃথক ৰাজ্য দাবী কৰিছিল, কিন্তু এতিয়া তেওঁলোকে সেই দাবীক অগ্ৰাহ্য কৰিছে। এসময়ত অশান্ত আৰু উন্নয়নৰ পৰা বঞ্চিত বি টি আৰৰ শান্তি আৰু প্ৰগতিৰ ক্ষেত্ৰত এক উল্লেখনীয় দৃষ্টান্ত হিচাপে দেশজুৰি চৰ্চিত হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

তেওঁ কয় যে আজি তেওঁলোকে বিধানসভা অনুষ্ঠিত কৰাৰ বাবে আমাক আদৰণি জনাইছে। এয়াই হৈছে নতুন অসম, এয়াই হৈছে নতুন ভাৰত। মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে, বিটিআৰৰ শান্তি আৰু উন্নয়নৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে যথেষ্ট কাম কৰিছে।

দহ বছৰ পূৰ্বে এই প্ৰচেষ্টা চলোৱা হৈছিল আৰু আজিও কাম কৰি থকা হৈছে যাৰ বাবে কোকৰাঝাৰ তথা বিটিআৰ আমাৰ ৰাজ্যখনৰ এটা উন্নত অঞ্চল তথা উন্নয়নৰ দিশে আগবঢ়া অঞ্চল হৈ পৰিছে। ৰাজ্যখনৰ সকলো অঞ্চলৰ সম উন্নয়ন তথা জাতি-জনগোষ্ঠীসমূহৰ মাজত গণতান্ত্ৰিক প্ৰমূল্যবোধ সুদৃঢ় কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু অসমবিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ প্ৰচেষ্টাত এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

উল্লেখ্য যে বিধানসভাৰ অধিৱেশনৰ বাবে মন্ত্ৰী-বিধায়ক তথা অসম বিধানসভাৰ সদস্যসকল গুৱাহাটীৰ অসম বিধানসভা চৌহদৰ পৰা বাছ যাত্ৰাৰে কোকৰাঝাৰত উপস্থিত হয়।

কোকৰাঝাৰ পীযুষ হাজৰীকা