/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/73223249-e3b2-4db7-8bce-c85038c82b9c/233.jpg)
ডিজিটেল সংবাদ,টংলা : নৱগঠিত ৪৮ নং টংলা বিধানসভা সমষ্টিৰ খালিংদুৱাৰ মণ্ডলৰ উদ্যোগত সোমবাৰে অনুষ্ঠিত হোৱা জনজাগৰণ সভা সম্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই।বিগত দুই মাহত বিটিআৰ অঞ্চল কেইবাবাৰো ভ্ৰমণ কৰিছে মন্ত্ৰীগৰাকীয়ে।
এই সময়ছোৱাত বিটিআৰত বিজেপিৰ সংগঠন আগতকৈ বহুত শক্তিশালী হোৱাৰ লগতে ৰাইজৰ আশীৰ্বাদ বিজেপিলৈ বৃদ্ধি পাইছে বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই। আজিৰ সভাত উপস্থিত থকা ৭-৮ হাজাৰ লোক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিজেপি দলক ভাল পাই বাবে আহিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/25686dae-a7ff-423b-b120-4a9e18c84593/403748195_877609750486788_8325922211111330825_n.jpg)
দলটোক শক্তিশালী কৰিবলৈ এনেদৰে সমবেত হোৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে। বিগত নিৰ্বাচনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১ লাখ নিবনুৱা যুৱক-যুৱতীৰ চৰকাৰী নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল। ১ লাখ চৰকাৰী নিযুক্তিৰ প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্য চৰকাৰে ইতিমধ্যে ৮৭ হাজাৰ হাজাৰ নিবনুৱা যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, কোনোধৰণৰ টকা-পইচা নিদিয়াকৈ নিকাভাৱে আগন্তুক আঢ়ৈ বছৰত আৰু ৪৫ হাজাৰ চৰকাৰী চাকৰি প্ৰদান কৰিব বুলি ঘোষণা কৰে মন্ত্ৰী হাজৰীকাই।
প্ৰতিশ্ৰুতিতকৈ ৩৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে বেছিকৈ চৰকাৰী চাকৰি লাভ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছ মুক্ত অসমত বিজেপি চৰকাৰৰ দিনত কেৱল মেধা সম্পন্ন গাঁৱৰ তথা নগৰৰ যুৱক-যুৱতীসকলে চৰকাৰী চাকৰি লাভ কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
অসমৰ লাখ লাখ অৰুণোদয় আঁচনি লাভ কৰা লোকক ৰাজহুৱাকৈ কথা দিয়ে যে, অতি সোনকালে আঁচনিৰ ধন ১৪৫০ টকালৈ বৃদ্ধি কৰা হ'ব। লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি অনুসৰি নতুনকৈ ৬ লাখ মহিলাক এই আঁচনিৰ আওটালৈ অনাৰ কথা প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/c3ff708f-d6bc-46cf-89dc-7f19e815fe2e/405765199_877609770486786_1295333918017994987_n.jpg)
মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিৰ্বাচনত প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহ ৰাইজৰ বাবে আখৰে আখৰে পালন কৰে বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই। বিজেপি চৰকাৰে ৭০ লাখ পৰিয়ালক ৰাইজক বিনামূলীয়াকৈ চাউল যোগান ধৰিছে। নিৰ্বাচন আন এটা প্ৰতিশ্ৰুতি অনুসৰি মহিলাৰ মাইক্ৰফাইনেঞ্চৰ ঋণ মাফৰ বাবে বেংক সমূহক প্ৰায় ২১০০ কোটি টকা চৰকাৰে ঘূৰাই দিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/54f46a1d-004a-44b6-b6b8-2b1a1feb03c4/405096527_877609580486805_5872645414393856063_n.jpg)
বিগত ৭০ বছৰ তথা কংগ্ৰেছ চৰকাৰৰ দিনত অসমত মাত্ৰ ৬ খন মেডিকেল কলেজ আছিল। বিজেপি চৰকাৰৰ দিনত অসমত মেডিকেল কলেজ ১২খনলৈ বৃদ্ধি পোৱাৰ কথা মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, বৰ্তমানেও ৰাজ্যত আৰু ১২খন মেডিকেল কলেজৰ কাম পুৰ্ণগতিত চলি আছে। বিজেপি চৰকাৰে ৰাজ্যত প্ৰতিবছৰে ৩০০০ ডাক্তৰ উলিওৱাৰ পৰিবেশ গঢ়ি তুলিব।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাতেই অসমত এমএচপি ব্যৱস্থা প্ৰৱৰ্তন হৈছে। যাৰ ফলত ৰাজ্য কৃষকসকলে ধানৰ উকৃষ্ট মূল্য লাভ কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ যি সপোন দেশৰ শীৰ্ষ ৫খন ৰাজ্যৰ ভিতৰত অসমক লৈ যাব লাগিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/52c9a3eb-49bb-4530-803b-0660207454bc/403765414_877609843820112_4436454924619172217_n.jpg)
বিটিআৰত বানপানী মুক্ত কৰিবলৈ ১৮ কোটি টকা ধাৰ্য কৰা হৈছিল। প্ৰত্যেক বছৰে বান পানী নিয়ন্ত্ৰণৰ বাবে ওপৰঞ্চিকৈ ১২০ কোটিকৈ টকা দিয়া ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে বিভাগীয় মন্ত্ৰীগৰাকীয়ে। বিগত দুটা বছৰত ১১ শ কিলোমিটাৰ মথাউৰি ৰাস্তা বিজেপি চৰকাৰে নিৰ্মাণ কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ নেতৃত্বতেই বিজেপি চৰকাৰৰ দিনত বিটিআৰ চুক্তি সম্পন্ন হৈছে। বড়ো আৰু অনা বড়ো লগ হৈ এখন সৰ্বাঙ্গসুন্দৰ বিটিআৰ গঢ়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। বিজেপি চৰকাৰৰ দিনতেই মহিলা আত্মসহায়ক গোটৰ ৪ লাখ মহিলাক ২৫ হাজাৰকৈ টকা দিয়াৰ ব্যৱস্থা কৰা হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/afeae049-333c-4bc8-858b-2c121349450b/405193334_877609543820142_6528855058513457544_n.jpg)
এইবাৰ প্ৰতিটো আত্মসহায়ক গোটক ১ লাখ ১০ হাজাৰকৈ আৰ্থিক অনুদান দিয়া হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। দেশৰ উন্নয়নৰ স্বাৰ্থত নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধামন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিবলৈ আগন্তুক বিজেপি দলক ভোট প্ৰদান কৰিবলৈ অনুৰোধ জনাই মন্ত্ৰী পীযুষ হাজৰীকাই।
সভাত সাংসদ দিলীপ শইকীয়া, বিধায়ক জিতু গোস্বামী, জিলা সভাপতি সুনিল কুমাৰ বসুমতাৰী, জিলা প্ৰভাৰী ৰূপম গোস্বামী সহিতে জিলা-মণ্ডল-বুথৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে।
Also Read: জুৰীয়া-ধিঙত ৰাস সমিতিক চৰকাৰী সাহাৰ্য্যৰ চেক প্ৰদান