কোকৰাঝাৰ লোকসভা সমষ্টি BJP আৰু মিত্ৰ দলৰ দখলত থকাটো নিশ্চিত : জয়ন্ত মল্ল বৰুৱা...

কোকৰাঝাৰ লোকসভা সমষ্টি BJP আৰু মিত্ৰ দলৰ দখলত থকাটো নিশ্চিত : জয়ন্ত মল্ল বৰুৱা...
কোকৰাঝাৰ লোকসভা সমষ্টি BJP আৰু মিত্ৰ দলৰ দখলত থকাটো নিশ্চিত : জয়ন্ত মল্ল বৰুৱা...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ আগন্তুক লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে বিজেপি আৰু মিত্ৰজোঁট। বিশেষকৈ স্পৰ্শকাতৰ কোকৰাঝাৰ লোকসভা সমষ্টিত নিজ আধিপাত্য বৃদ্ধিৰ লক্ষ্যৰে বিজেপি আৰু ইউ পি পি এল দলে ক্ৰমাগতভাৱে দলীয় সভা অনুষ্ঠিত কৰি আহিছে ।

চিৰাং জিলাৰ কাজলগাঁও আৰু বাসুগাঁওত দুখনকৈ সভা অনুষ্ঠিত কৰাৰ পিছত আজি কোকৰাঝাৰ চৰকাৰী আৰু উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ খেলপথাৰত মিত্ৰজোঁটৰ এক দলীয় সভা অনুষ্ঠিত হয় । উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে, এইবেলি কোকৰাঝাৰ লোকসভা সমষ্টিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভোটাৰসকলে উপহাৰ দিব। কোকৰাঝাৰ লোকসভা সমষ্টিটো এইবাৰ ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰ দলৰ দখলত থকাটো নিশ্চিত।

কোকৰাঝাৰ লোকসভা সমষ্টিত কাক প্ৰাৰ্থীত্ব দিয়া হ'ব সেই বিষয়ে এতিয়ালৈ মিত্ৰ দলৰ মাজত কোনোধৰণৰ সিদ্ধান্ত হোৱা নাই যদিও দৰং-ওদালগুৰী আৰু কোকৰাঝাৰ লোকসভা সমষ্টি দুটাৰ ভিতৰত এটা ইউ পি পি এলক এৰি দিয়া হ'ব। দলৰ সাংগঠনিক শক্তি চাইহে প্ৰাৰ্থীত্ব দিয়া হ'ব আৰু দুটা লোকসভা সমষ্টিৰ ভিতৰত এটাত বিজেপি আৰু আনটোত ইউ পি পি এল দলে নিৰ্বাচন খেলিব বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

তেওঁ কয় যে, আমাৰ লক্ষ্য ১৪ খন আসনৰ ১৪ খনতে জয়লাভ কৰা। ইয়াৰে ১২ খন আসনত জয়লাভ কৰাটো ১০০ শতাংশ নিশ্চিত মাত্ৰ দুখন আসনত প্ৰতিদ্বন্দিতা হ'ব। সময় বাগৰাৰ লগে লগে উক্ত দুখন আসনতো ভাল ফলাফল প্ৰদৰ্শন কৰিব পাৰিম বুলি আমি আশাবাদী।

আনহাতে মুখ্যমন্ত্ৰীয়ে বি পি এফৰ সমৰ্থন বিচৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, মিত্ৰদল বুলি ক'লে বিজেপি, অগপ আৰু ইউপিপিএল দলক বুজায়। কেতিয়াবা বিধানসভাৰ মজিয়াত বি পি এফে সহায় কৰিছে। কোনোবাই যদি সহায় কৰিব বিচাৰে কৰিব পাৰে, তাত কোনো আপত্তি নাই। কিন্তু মিত্ৰ দল বুলিলে ইউ পি পি এল আৰু বিজেপি।

দিনকদিনে মিত্ৰদলৰ জনপ্ৰিয়তা বাঢ়িছে আৰু সাংগঠিক স্থিতি চাই দুখন আসনৰ ভিতৰত এখন আসন ইউ পি পি এলক এৰি দিয়া হ'ব আৰু কোকৰাঝাৰ লোকসভা সমষ্টি এইবাৰ ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰ দলৰ দখলত থকাটো নিশ্চিত বুলি মন্তব্য কৰিছে ৷

উল্লেখ্য যে কোকৰাঝাৰত বিজেপি মিত্ৰদলৰ উক্ত গুৰুত্বপূৰ্ণ সভাত ইউ পি পি এলৰ বিধায়ক ক্ৰমে লৰেন্স ইছলাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, ৰেওৰেৱা নাৰ্জীহাৰী, গৌতম দাস, কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জীৱেশ ৰায়, বিধায়ক অজয় ৰায়, বি টি চিৰ নিৰ্বাচিত সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্ম, বিজেপিৰ কোকৰাঝাৰ জিলা সভাপতি ৰাজকুমাৰ ব্ৰহ্ম, সাধাৰন সম্পাদক অনিৰ্বান দাস আৰু ইউ পি পি এলৰ নেত্ৰী প্ৰতিভা ব্ৰহ্মকে ধৰি বহু বিজেপি, ইউপিপিএলৰ নেতা সদস্যই অংশগ্ৰহণ কৰে ৷

কোকৰাঝাৰ লোকসভা সমষ্টি BJP আৰু মিত্ৰ দলৰ দখলত থকাটো নিশ্চিত : জয়ন্ত মল্ল বৰুৱা...
ঢকুৱাখনাৰ মাতমৰাত "মিচিং মিউজিক ফেষ্টিভেল"ৰ প্ৰস্তুতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in