Advertisment

মাজবাটত পুনৰ কোটি টকাৰো অধিক নিষিদ্ধ সামগ্ৰী জব্দঃ এজনক গ্ৰেপ্তাৰ...

মাজবাটত পুনৰ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিছে আৰক্ষীয়ে। যোৱা নিশা মাজবাট আৰক্ষীৰ আভিযানত ৩২৩ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

author-image
Asomiya Pratidin
New Update
মাজবাট আৰক্ষীৰ অভিযানত নিষিদ্ধ সামগ্ৰী সহ এজনক আটক

ডিজিটেল সংবাদ ওৰাংঃ মাজবাটত পুনৰ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিছে আৰক্ষীয়ে। যোৱা নিশা মাজবাট আৰক্ষীৰ আভিযানত ৩২৩ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Advertisment

এক গোপন খবৰৰ ভিত্তিত ৰৌতা আৰক্ষীৰ চক্ৰ পৰিদৰ্শক উৎপল শৰ্মাৰ নেতৃত্বত মাজবাট আৰক্ষী আৰু লালপানী আৰক্ষীৰ বৃহৎ দলৰ যুটীয়া অভিযানত অসম-অৰুণাচল সীমান্তৰ নিজৰা চেন্টাৰৰ নিকটৱৰ্তী ঘন জংঘলত অভিযান চলাই ৩২৩ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।

নিজৰা চেন্টাৰৰ ঘন জংঘলৰ মাজেৰে বৃহৎ পৰিমাণৰ গাঞ্জাখিনি সৰবৰাহ কৰি থকা অৱস্থাতে আৰক্ষীয়ে অতৰ্কিতে অভিযান চলায়। নিশাৰ আন্ধাৰৰ সুযোগ লৈ গাঞ্জা সৰবৰাহৰ দলটোৱে পলায়ন কৰে যদিওঁ ইয়াৰে এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ধৃত সৰবৰাহকাৰী জন মাজবাটৰ আদৰ্শ বাহাদুৰৰ বন গাঁৱৰ চুনিন্দ্ৰ বসুমতাৰী (২৯) বুলি জানিব পৰা গৈছে। জব্দকৃত গাঞ্জাখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১ কোটি, ৬০ লাখ টকা হ'ব বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছে।

পিছত মাজবাট আৰক্ষীয়ে এই সংক্ৰান্তত ৫৩/২৪ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।

মাজবাট ওৰাং গাঞ্জা সৰবৰাহকাৰী