Advertisment

মাজবাটত ৰেলৱে প্ৰকল্পৰ শিলান্যাস মোডীৰ, দেশজুৰি ৪১,০০০ কোটি টকাৰ প্ৰকল্পৰ শুভ উদ্বোধন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে ভাৰতীয় ৰেলৱেৰ ৪১ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ শিলান্যাস কৰে।

author-image
Asomiya Pratidin
New Update
মাজবাটত ৰেলৱে প্ৰকল্পৰ শিলান্যাস মোডীৰ, দেশজুৰি ৪১,০০০ কোটি টকাৰ প্ৰকল্পৰ শুভ উদ্বোধন

প্ৰধানমন্ত্ৰী মোডী...

ডিজিটেল সংবাদ, ওৰাংঃআজি ভাৰতীয় ৰেলৱেৰ বাবে ঐতিহাসিক দিন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে ভাৰতীয় ৰেলৱেৰ ৪১ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ শিলান্যাস কৰে। ৰেলৱেৰ প্ৰায় ২০০০তকৈ অধিক পৰিকল্পনা তেওঁ দেশবাসীৰ বাবে উছৰ্গা কৰে।

Advertisment

মাজবাটত অমৃত ভাৰত ষ্টেচন আঁচনিৰ উন্নীত কৰণৰ শিলান্যাস কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । অমৃত ভাৰত ষ্টেচনৰ আধীনত দেশৰ কেবাটাও ৰে'ল ষ্টেচন অত্যাধুনিক হোৱাৰ দিশে আগবাঢ়িছে। বিমান বন্দৰ সদৃশ হোৱাৰ দিশে দেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ ৰে'লৱে ষ্টেচন।

ভাৰতীয় ৰে'লৱে ব্যৱস্থাত উন্নীতকৰণৰ ক্ষেত্ৰত ৰে'লৱে বিভাগে লৈছে বিশেষ পদক্ষেপ। অমৃত ভাৰত আঁচনিৰ অধীনত দেশৰ মুঠ ৫৫৪ টা ৰে'লৱে ষ্টেচনক দিয়া হ'ব অত্যাধুনিক ৰূপ ।ইয়াৰ ভিতৰত অসমৰ ১১খন ষ্টেচনক সামৰি লোৱা হৈছে ।

ওদালগুৰি জিলাৰ মাজবাট, ওদালগুৰি আৰু টংলা ৰেল ষ্টেচন পুনঃ নিৰ্মাণ কৰি আধুনিকীকৰণ কৰা হ'ব । আজি জিলাখনৰ মাজবাট ৰে'ল ষ্টেচন পুনঃ নিৰ্মাণ কামৰ আনুষ্ঠানিকভাৱে ভাৰ্চুৱেলী শিলান্যাস কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । সৰ্বমুঠ ১২ কোটি ৪ লাখ টকা ব্যয় সাপেক্ষে মাজবাট ৰে'ল ষ্টেচন নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰা হয়।

যাত্ৰীৰ অত্যাধুনিক সা-সুবিধাৰে সু-সজ্জিত হ'ব মাজবাট ৰে'ল ষ্টেচন । ভাৰতৰ ৰূপৰেখা স্বৰূপ ৰেল সেৱাৰ অত্যাধুনিক আন্তঃগাঠঁনিয়ে যাত্ৰীসকলক পূৰ্বতকৈ অধিক সা-সুবিধা প্ৰদানৰ লগতে ৰে'লৱে সেৱাক এক নতুনত্ব প্ৰদান কৰাৰ আশা কৰিছে নৰ্থ-ইষ্ট ফ্ৰন্টিয়াৰৰ লগতে মাজবাটৰ স্থানীয় লোকে । মাজবাট ৰে'ল ষ্টেচনখন নিৰ্মাণৰ কাম হাতত লোৱাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদো জ্ঞাপন কৰে মাজবাটবাসী ৰাইজে ।

Also Read: বোকাজানত চাহ বাগানৰ মাটি বেদখলমুক্ত কৰাৰ দাবীত ওলাই আহিল চাহবাগানৰ শ্ৰমিক