/asomiyapratidin/media/media_files/2024/12/03/lctAEzciAql0G1QhDsZF.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ সমগ্ৰ ৰাজ্যৰ লগতে আজি চিৰাং জিলাৰ সদৰ কাজলগাঁৱতো বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘু সনাতনী-হিন্দু সম্প্ৰদায়ৰ লোকসকলৰ ওপৰত চলি থকা সাম্প্ৰদায়িক হিংসা আৰু নিৰ্যাতনৰ ঘটনা বন্ধ কৰাৰ দাবীত প্ৰতিবাদী সমদল আৰু ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। চলিত বৰ্ষত বাংলাদেশত বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ জৰিয়তে প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাক ক্ষমতাচ্যুত কৰি শান্তিৰ নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত তদাৰকী চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘু সনাতনী-হিন্দু সম্প্ৰদায়ৰ লোক সকলৰ ওপৰত চলি থকা সাম্প্ৰদায়িক হিংসা আৰু নিৰ্যাতনৰ ঘটনা বন্ধ কৰাৰ দাবীত আজি চিৰাং জিলাৰ সদৰ কাজলগাঁৱত "লোক জাগৰণ মঞ্চ" উদ্যোগত পাঁচ সহস্ৰাধিক লোকৰ সমাৱেশত বিশাল প্ৰতিবাদী সমদল আৰু প্ৰতিবাদী ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।
চিৰাং জিলা "লোক জাগৰণ মঞ্চ" ৰ বিষয়ববীয়া, সাধু-সন্তসকলৰ উপস্থিতিত কাজলগাঁৱৰ প্ৰেমসিং ব্ৰহ্ম মেমৰিয়েল ষ্টেডিয়ামৰ পৰা বিশাল সমদল উলিয়াই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰি কাজলগাঁও চহৰ পৰিভ্ৰমণ কৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আহি অৱস্থান কৰি প্ৰতিবাদী ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে। বাংলাদেশত বসবাস কৰা সনাতনী হিন্দু সকলৰ ওপৰত নিৰ্যাতন বন্ধ কৰক, ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰা ইস্কনৰ ধৰ্মীয় গুৰু চিন্ময় কৃষ্ণ দাসক বিনাচৰ্তে মুক্তি দিয়ক, বাংলাদেশ চৰকাৰ হায় হায়, মহম্মদ ইউনুছ মুৰ্দাবাদ আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।
আজি কাজলগাঁৱৰ এই প্ৰতিবাদী কাৰ্যসূচীত চিৰাং জিলা "লোক জাগৰণ মঞ্চ" উপদেষ্টা অনুপম সৰকাৰ, সভাপতি নৰ্বেশ্বৰ ব্ৰহ্ম, উপ সভাপতি মঙ্গল মুৰ্মু, বিশিষ্ট সমাজ সেৱক ইতেশ বৰদলৈ, সম্পাদক পাৰ্থ শৰ্মা, বিজনী সমষ্টিৰ বিধায়ক অজয় ৰায় সহ বহু নেতা কৰ্মী উপস্থিত থাকে। অনুষ্ঠানৰ অন্তত জিলা আয়ুক্তৰ জৰিয়তে বাংলাদেশ চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।