/asomiyapratidin/media/media_files/2025/02/11/nB9nico0YLMG289f6kDA.jpg)
ডিজিটেল সংবাদ ওদালগুৰিঃ ওদালগুৰি জিলা বড়ো মাডাৰ্ছ এছ'চিয়েচনৰ উদ্যোগত আৰু ওদালগুৰি জিলা এবছুৰ সহযোগত আজি ওদালগুৰি চহৰত বেআইনী কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদী সজাগতা সমদল বাহিৰ কৰা হয়। কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে হাতে হাতে প্লে'কাৰ্ড লৈ বেআইনী কাৰ্যসূচী বন্ধ কৰক, নিচাযুক্ত সামগ্ৰী বন্ধ কৰক, গুণগত শিক্ষা প্ৰদান কৰক ইত্যাদি শ্লোগান প্ৰদান কৰে।
নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বিপেন বড়োৱে কাৰ্যসূচীত উপস্থিত থাকি সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰি ক্কয় যে- আজি নিচাযুক্ত সামগ্ৰী, মহিলা সৰৱৰাহকাৰী, বেআইনী সামাজিক কাৰ্যকলাপ, বাল্যবিৱাহ ইত্যাদিৰ বিৰুদ্ধে এই সজাগতা সমদল বাহিৰ কৰা হয়। ইয়াৰ জৰিয়তে আমি চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছো যে এনে ঘটনা বন্ধ কৰিব লাগে।
লগতে এনে ঘটনাৰ সৈতে জড়িত লোকক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। এনে দবীৰে সমগ্ৰ অসমতে আজি এই কাৰ্যসূচী ৰূপায়ন কৰিছো। সমাজ শক্তিশালী হ'বলৈ হ'লে সমাজৰ পৰা এনে অসৎ কাৰ্যসমূহ বন্ধ হ'বই লাগিব।
এনে ধৰণৰ নিচাযুক্ত সামগ্ৰীৰ ব্যৱহাৰৰ দ্বাৰা হত্যা-ধৰ্ষণকে ধৰি সমাজত ভয়ংকৰভাৱে অসামাজিক কাৰ্য বৃদ্ধি কৰিছে। আজি বড়ো মাডাৰছ্ এছ'চিয়েচনৰ এই সজাগতাৰ জৰিয়তে সমগ্ৰ অসমতে যাতে এনে অসামাজিক কাৰ্য প্ৰতিৰোধ হৈ সকলো শান্তিৰে বসৱাস কৰিবলৈ সক্ষম হ'ব বুলি আমি দৃঢ় বিশ্বাসী। আজি বিটিআৰ, অসম তথা কেন্দ্ৰীয় চৰকাৰক দাবী জনাই আহিছো যে বৰ্তমানেও চলি থকা এনে অসামাজিক কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
আজিৰ এই প্ৰতিবাদী সমদলত জিলা এবছু নেতা কৰনেলিয়াছ দৈমাৰী, ওদালগুৰি জিলা বড়ো মাডাৰ্ছ এছ'চিয়েচনৰ বিষয়বৱীয়াৰ লগতে বিভিন্ন আঞ্চলিক সমিতিৰ পৰা অহা কাৰ্যকৰ্তাসকল উপস্থিত থাকে।