বঙাইগাঁৱৰ বৰছৰা গাঁৱৰ পৰা বিবাহিত যুৱক নিৰুদ্দেশ...

বঙাইগাঁৱৰ বৰছৰা গাঁৱৰ পৰা বিবাহিত যুৱক নিৰুদ্দেশ...

author-image
Asomiya Pratidin
New Update
বঙাইগাঁৱৰ বৰছৰা গাঁৱৰ পৰা বিবাহিত যুৱক নিৰুদ্দেশ...

বঙাইগাঁৱৰ বৰছৰা গাঁৱৰ পৰা বিবাহিত যুৱক নিৰুদ্দেশ...

ডিজিটেল সংবাদ চিৰাং: চিৰাং-বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত বৰছৰা গাঁৱৰ পৰা বিশ্ব বৰ্মন নামৰ এজন ৩০ বছৰীয়া বিবাহিত যুৱক নিৰুদ্দেশ হৈছে। প্ৰাপ্ত খবৰ অনুযায়ী বৰছৰা গাঁৱৰ বাসিন্দা বিন্দু বৰ্মনৰ দ্বিতীয় পুত্ৰ বিশ্ব বৰ্মন যোৱা ২৯ জুন শনিবাৰ ৰাতিপুৱা ৯ বজাত ঘৰৰ পৰা চম্পাৱতী নৈৰ বিজয়গাঁও ঘাটলৈ বুলি ওলাই আহিছিল ।

Advertisment

সন্ধিয়ালৈকে বিশ্ব বৰ্মন ঘৰলৈ উভতি নোযোৱাত নিশাৰে পৰা পৰিয়ালৰ লোকে নিজাববীয়াকৈ বিশ্ব বৰ্মনৰ অনুসন্ধান আৰম্ভ কৰে যদিও বিশ্ব বৰ্মনৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰি দেওবাৰে বঙাইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বিদ্যাপুৰ আৰক্ষী চকীত পিতৃ বিন্দু বৰ্মনে দ্বিতীয় পুত্ৰ বিশ্ব বৰ্মনৰ নিৰুদ্দেশ সম্পৰ্কীয় এখন এজাহাৰ দাখিল কৰে।

পৰিয়ালৰ লোকে সদৰি কৰা মতে আনতকৈ তুলনামূলক কম কথা বতৰা কোৱা সহজ, সৰল বিশ্ব বৰ্মন নিৰুদ্দেশ হোৱা দিনত নীলা ৰঙৰ টিচাৰ্ট আৰু কলা বগা মিশ্ৰিত ৰঙৰ হাফপেন্ট পৰিধান কৰি ঘৰৰ পৰা ওলাই গৈছিল। উল্লেখ্য যে, নিৰুদ্দেশ হোৱা দিনৰে পৰা বিশ্ব বৰ্মনৰ লগত থকা মোবাইল ফোন দুটা বন্ধ হৈ আছে ।

পুত্ৰক বিচাৰি পিতৃ বিন্দু বৰ্মনে চৌদিশে একাকাৰ কৰি পেলাইছে । কোনো সদাশয় ব্যক্তিয়ে যদি নিৰুদ্দেশ হৈ থকা যুৱকজনৰ সন্ধান লাভ কৰে তেন্তে ওচৰৰ আৰক্ষী থানা বা ৬৯০০৫৪৩৯৫৭ আৰু ৬০০৩৪৩৯৫৩৫ ফোন নম্বৰত যোগাযোগ কৰিবলৈ দুৰ্ভগীয়া পিতৃ বিন্দু বৰ্মনে অনুৰোধ জনাইছে ।

Also Read: জোনাই আৰক্ষী থানাৰ উদ্যোগত নতুন আইন সন্দৰ্ভত সজাগতা সভা সম্পন্ন...

যুৱক নিৰুদ্দেশ বঙাইগাওঁ