/asomiyapratidin/media/media_files/2025/05/03/33xqmH8Z1upNqnoqdERE.jpg)
ডিজিটেল সংবাদ, চিৰাং: শুকুৰবাৰৰ দিনটোত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰচৰাত চোৰাং চিকাৰীৰ দ্বাৰা তিনিটাকৈ হাতী নিধনৰ ঘটনাক লৈ ৰহস্যজনক ভাবে মৌন হৈ থকা বনবিভাগ তথা মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই অৱশেষত আজি প্ৰেছ বিজ্ঞপ্তি যোগে স্পষ্টীকৰণ প্ৰকাশ কৰিছে। প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা মতে মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভৰ পানবাৰী ৰেঞ্জৰ চিকাৰীঝাৰ এলেকাত এটা মাইকী আৰু এটা কম বয়সীয়া হাতীক চোৰাং চিকাৰীৰ দলে গুলীয়াই হত্যা কৰিছে আৰু চোৰাং চিকাৰীৰ দলটোয়ে মতা কম বয়সীয়া হাতীটোৰ দাঁত কাটি লৈ গৈছে।
তাৰ বিপৰীতে আন এটা মাইকী হাতীৰ মৃতদেহ পানবাৰী ৰেঞ্জৰ বনছম এলেকাৰ এটা পানীৰ যুৱলিত উৱলি যোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে। এই হাতী জনীৰ বয়স হোৱা বাবে প্ৰাকৃতিক কাৰণতেই মৃত্যু হৈছে বুলি প্ৰেছ বিজ্ঞপ্তিত দাবী কৰা হৈছে।
ইপিনে সমগ্ৰ ঘটনাটো বনবিভাগৰ উচ্চ পদস্থ বিষয়া, পশু চিকিৎসক আৰু বিশেষজ্ঞৰ দল ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান চলাই আছে আৰু উক্ত হাতী নিধনৰ ঘটনাত কোন চোৰাং চিকাৰীৰ চক্ৰ জড়িত হৈ আছে সেই বিষয়েও তদন্ত কৰি থকা হৈছে। অনুসন্ধানকাৰী দলটোয়ে ঘটনাস্থলীৰ পৰা কিছু তথ্য ইতিমধ্যে লাভ কৰিছে আৰু তাৰ ভিত্তিত তদন্ত প্ৰক্ৰিয়া চলাই থকা হৈছে বুলি জনাইছে।
চোৰাং চিকাৰীৰ দলটোক কৰায়ত্ব কৰিবলৈ বনবিভাগে অভিযান চলাই আছে আৰু খুবেই কম সময়ৰ ভিতৰত দুৰ্বৃত্তৰ দল ধৰা পৰিব বুলি আশা প্ৰকাশ কৰিছে। কিন্তু ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰচৰাত তিনিটাকৈ হাতীৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছত বনবিভাগ তথা মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সমগ্ৰ বিষয়টো কিয় কাৰণত সংবাদ মাধ্যমৰ পৰা লুকুৱাই ৰখাৰ চেষ্টা কৰিলে তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে ।
মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভৰ পানবাৰী ৰেঞ্জৰ বন্যজীৱ জন্তুৰ নিৰাপত্তাৰ দায়িত্ব থকা বনৰক্ষীসকলৰ অৱহেলা আৰু নিষ্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি চোৰাং চিকাৰীসকলে হস্তী নিধন যজ্ঞ চলাবলৈ সক্ষম হৈছে বুলি স্পষ্ট অভিযোগ উঠিছে। বনবিভাগৰ এই ব্যৰ্থতা ঢাকিবলৈ এই সমগ্ৰ ঘটনাটোৰ সংবাদ মাধ্যমৰ পৰা লুকুৱাবলৈ চেষ্টা কৰিছিল বুলি প্ৰকৃতিপ্ৰেমী দল, সংগঠনে সন্দেহ প্ৰকাশ কৰিছে।