/asomiyapratidin/media/media_files/2024/11/26/GD1NJwBENINXWkgSnRFG.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী লুংচুং এলেকাৰ লগতে জিলাখনৰ আন কেবাঠাইত মেলেৰীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ বাতৰি অসমীয়া প্ৰতিদিনত সবিস্তাৰে প্ৰকাশ পোৱাৰ পিছত আজি মেলেৰীয়াৰ প্ৰাদুৰ্ভাৱৰ বিষয়ে বুজ ল'বলৈ লুংচুং এলেকাৰ শালবাৰী খেলপথাৰত উপস্থিত হয় বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰী আৰু বিটিচিৰ কাৰ্যবাহী সদস্য উইলচন হাসদা।
ভাৰত - ভূটান সীমান্তৱৰ্তী লুংচুং এলেকাত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱৰ বিষয়ে বুজ ল'বলৈ বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো আৰু বিধায়ক লৰেঞ্চ ইছলাৰী উক্ত মেলেৰীয়াপ্ৰৱণ এলেকাত উপস্থিত হোৱাত বিটিচিৰ স্বাস্থ্য বিভাগৰ থৰকাছুটি হেৰায় আৰু আজি ততাতিয়াকৈ বিটিচিৰ স্বাস্থ্য বিভাগৰ দ্বাৰা স্বাস্থ্য পৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰে। আনকি বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো উক্ত মেলেৰীয়া প্ৰৱণ এলেকাত উপস্থিত থকাৰ সময়তে স্বাস্থ্য বিভাগে আৰম্ভ কৰে তেজ পৰীক্ষণ শিবিৰ।
/asomiyapratidin/media/media_files/2024/11/26/ZnLknAQR6LCaxZGBEKNC.jpeg)
উক্ত তেজ পৰীক্ষণ শিৱিৰত ২৫৬ গৰাকী লোকৰ তেজ পৰীক্ষা কৰা হয় আৰু আশ্চৰ্যজনকভাৱে ২৫৬ গৰাকীৰ ভিতৰত ৫৮ গৰাকী লোক মেলেৰীয়াত আক্ৰান্ত বুলি পৰীক্ষাত ধৰা পৰে। ৫৮ গৰাকী মেলেৰীয়াত আক্ৰান্তৰ ভিতৰত ৪৪ গৰাকী হ'ল প্লাছমোডিয়াম ফেলচিফেৰাম বীজাণুৰ দ্বাৰা মেলেৰীয়া ৰোগত আক্ৰান্ত, ৯ গৰাকী প্লাছমোডিয়াম ভাইভেক্স বীজাণুৰ দ্বাৰা মেলেৰীয়া ৰোগত আক্ৰান্ত আৰু ৫ গৰাকী দুয়োটা বীজাণুৰ দ্বাৰাই আক্ৰান্ত বুলি জানিব পৰা গৈছে।
ইপিনে এনে এক পৰিৱেশৰ মাজতে লুংচুং এলেকাৰ শালবাৰী খেলপথাৰত আয়োজিত হোৱা এক সজাগতা সভাত অংশগ্ৰহণ কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে। উক্ত সজাগতা সভাত প্ৰমোদ বড়োৱে অঞ্চলটোত অধিক আশাকৰ্মী নিয়োগ কৰা হ'ব বুলি সদৰি কৰি অতি কম সময়ৰ ভিতৰত শালবাৰী এলেকাত এটা স্বাস্থ্যকেন্দ্ৰৰ ব্যৱস্থা কৰা হ'ব বুলি মন্তব্য কৰিছে ।
আনহাতে উক্ত অঞ্চলত ৭টা মেগা হেল্থ চেকআপ কেম্প অনুষ্ঠিত কৰা হ'ব বুলি সদৰি কৰি প্ৰমোদ বড়োৱে আজি তাৎক্ষণিকভাৱে ছটা এফ আৰ চি ( Forest Right Committee)ৰ মাজত ১৫০০ খন আঁঠুৱা বিতৰণ কৰে। তদুপৰি মেলেৰীয়া ৰোগীসকলৰ মাজত ঔষধ বিতৰণ কৰে স্বাস্থ্য বিভাগে ।
সজাগতা সভাত উপস্থিত ৰাইজৰ আগত প্ৰমোদ বড়োৱে আজি যোগান ধৰা আঁঠুৱাসমুহ মাছ মৰা কাৰ্যত বা শাক-পাচলিৰ ঘেৰ দিয়া কামত ব্যৱহাৰ নকৰি নিজৰ কামত ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। মহৰ উৎপত্তিস্থল , আঁঠুৱাৰ ব্যৱহাৰ, জ্বৰ হলে তেজ পৰীক্ষা কৰা, সময়মতে চিকিৎসালয়ত হাজিৰ হোৱা আদিকে ধৰি আন কেবাটাও বিষয়ৰ ওপৰত সজাগতামূলক ভাষণ দাঙি ধৰি প্ৰমোদ বড়োৱে শিশুৰ বিশেষ যতন ল'বলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে।
উল্লেখ্য যে, কোকৰাঝাৰ জিলাত মেলেৰীয়া ৰোগে বিভিষীকাময় ৰূপ ধাৰণ কৰিছে আৰু বৰ্তমানলৈকে জিলাখনত প্ৰায় দ্বিসহস্ৰাধিক লোক মেলেৰীয়াত আক্ৰান্ত হৈছে আৰু আক্ৰান্তৰ সংখ্যা দিনে দিনে বাঢ়ি গৈ আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us