মাজবাট আৰক্ষীৰ জালত পৰিল ৬০ কেজি গাঞ্জাসহ বাদশ্বাহ...

মাজবাট আৰক্ষীয়ে আজি পুৱা এক অভিযান চলাই হাবিগাঁৱৰ পৰা বুজন পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে। তাৰোপৰি আৰক্ষীয়ে আটক কৰিছে এজন গাঞ্জা সৰবৰাহকাৰীক।

author-image
Asomiya Pratidin
New Update
মাজবাট আৰক্ষীৰ জালত পৰিল ৬০ কেজি গাঞ্জাসহ বাদশ্বাহ...

ডিজিটেল সংবাদ ওৰাং: মাজবাট আৰক্ষীয়ে আজি এক অভিযান চলাই বুজন পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে। তাৰোপৰি আৰক্ষীয়ে আটক কৰিছে এজন গাঞ্জা সৰবৰাহকাৰীক। জানিব পৰা মতে অৰুণাচল প্ৰদেশৰ পৰা AS-12AA-7393 নম্বৰৰ এখন বেলেনো বাহনেৰে গাঞ্জা কঢ়িয়াই আনিছিল এজন লোকে।

Advertisment

এই খবৰ লাভ কৰা মাত্ৰকে মাজবাট আৰক্ষীয়ে অভিযান চলাই বাহনখনক হাবিগাওঁ কৃষিপামৰ কাষত আগভেটি ধৰে। বাহনখনত সেই সময়ত আছিল বাদশ্বাহ আলী নামৰ এজন ২৭ বছৰীয়া যুৱক। আৰক্ষীৰ উপস্থিতিৰ কথা জানিব পৰা বাদশ্বাহে ততাতৈয়াকৈ বাহনখনত থকা গাঞ্জাত জুই লগাই সেই স্থানৰ পৰা পলায়নৰ চেষ্টা চলায়।

অৱশ্যে আৰক্ষীৰ তৎপৰাতাত জুই নিৰ্বাপণ কৰাৰ লগতে বাদশ্বাহ আলীকো আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জনোৱা মতে সেই সময়ত বাহনখনত আছিল প্ৰায় ৬০ কেজি গাঞ্জা।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে গাঞ্জা সৰবৰাহকাৰী বাদশ্বাহ আলীৰ ঘৰ ৰৌতাৰ আমিনপাৰাত। উল্লেখ্য যে, এই সফল অভিযানৰ নেতৃত্ব বহন কৰিছিল মাজবাট আৰক্ষী থানাৰ বিষয়া সঞ্জয় ডুবে আৰু এছ আই চিত্ৰনীল দাসে। 

ইফালে অভিযানৰ সময়ত মাজবাট আৰক্ষী থানাৰ বিষয়া সঞ্জয় ডুবে কিছু পৰিমাণে আঘাতপ্ৰাপ্তও হৈছে। ইফালে আৰক্ষীয়ে জনোৱা মতে ধৃত বাদশ্বাহ আলী ইয়াৰ পূৰ্বে ৰৌতা, ঝাৰগাওঁ, ওৰাং, লালপু, বেছিমাৰী আদি অঞ্চলত গৰু চুৰিৰে জড়িত থকাৰ অভিযোগ আছে। বাদশ্বাহে একপ্ৰকাৰে এই আটাইবোৰ অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল।

আজি আৰক্ষীৰ হাতত গাঞ্জা সৰবৰাহ কৰি আটক হোৱা বাদশ্বাহৰ পৰা এতিয়া কিছু পৰিমাণে অঞ্চল কেইটাৰ লোকসকল পৰিত্ৰাণ পাব বুলিও স্থানীয় ৰাইজে উল্লেখ কৰিছে। তাৰোপৰি তেওঁলোকে এই অপৰাধীৰ কঠোৰ শাস্তিও দাবী জনাইছে। 

 

মাজবাট ওৰাং গাঞ্জা সৰবৰাহকাৰী