কোকৰাঝাৰৰ গ্ৰীণফিল্ডত বিশ্ব শান্তিৰ বাবে মহাযজ্ঞঃ কেইবা কোটি টকাৰ অনুদান মুখ্যমন্ত্ৰীৰ...

গুৰুধাম নিৰ্মানৰ বাবে ৩ কোটি, ৰৌমাৰীৰ জ্যোতি আশ্ৰম নিৰ্মাণৰ বাবে ২ কোটি, ব্ৰহ্মধৰ্মৰ ১০০ টা যজ্ঞশালা নিৰ্মাণৰ বাবে পাঁচ লাখকৈ আৰ্থিক অনুদান ঘোষণা

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰৰ গ্ৰীণফিল্ডত বিশ্ব শান্তিৰ বাবে মহাযজ্ঞঃ কেইবা কোটি টকাৰ অনুদান মুখ্যমন্ত্ৰীৰ...

কোকৰাঝাৰৰ গ্ৰীণফিল্ডত বিশ্ব শান্তিৰ বাবে মহাযজ্ঞঃ কেইবা কোটি টকাৰ অনুদান মুখ্যমন্ত্ৰীৰ...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ ''কোনো এটা জাতিৰ চহকী পৰম্পৰা আৰু সংস্কৃতি ধৰি ৰাখিব হ'লে শিপা এৰি দিব নালাগে। ভেঁটি খামোচ মাৰি থাকিব লাগে । পশ্চিমৰ প্ৰভাৱ আহে কিন্তু ভেঁটি দুৰ্বল হ'লে মানৱ সভ্যতাই চহকী সভ্যতা হেৰুৱায়।'' এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

Advertisment

আজি কোকৰাঝাৰ সদৰ চহৰৰ গ্ৰীণফিল্ডত বিশ্বশান্তিৰ বাবে অনুষ্ঠিত হোৱা ১২ ঘণ্টীয়া ব্ৰহ্মধৰ্মীয় মহাযজ্ঞত যজ্ঞাহুতি দি নিজ ভাষণ প্ৰসংগত উক্ত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ব্ৰহ্ম ধৰ্মৰ প্ৰচাৰক গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ প্ৰতি ভক্তিভৰা প্ৰণিপাত জনাই নিজৰ ভাষণত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় - অসমৰ বৰ্ণাঢ্য সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগ বড়োসকল হৈছে সমৃদ্ধ ইতিহাস আৰু বৰ্ণিল লোকজীৱনৰ অধিকাৰী।

তেওঁ কয়, কালিচৰণ ব্ৰহ্ম আধুনিক বড়ো সমাজৰ ৰূপকাৰ আৰু নব্য চিন্তাধাৰাৰে বড়ো সমাজক আগুৱাই নিছিল। ১৮৬০ চনৰ ১৮ এপ্ৰিলত জন্মগ্ৰহণ কৰা আৰু ১৯৩৮ চনৰ ৮ মেত ইহলীলা সম্বৰণ কৰা গুৰুদেৱ কালিচৰণ ব্ৰহ্মই ১৯০৫ চনত ব্ৰহ্ম ধৰ্ম প্ৰচাৰ কৰিছিল । সেয়া সামাজিক সংস্কাৰৰ আন্দোলন আছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰদেৱ কালিচৰণ ব্ৰহ্মৰ গুৰুধাম নিৰ্মান আৰু ব্ৰহ্মধৰ্মৰ প্ৰসাৰৰ বাবে অনুদান ঘোষণা কৰে ।

সেইমৰ্মে গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ গুৰুধাম নিৰ্মাণৰ বাবে তিনি কোটি, ৰৌমাৰীত থকা জ্যোতি আশ্ৰম নিৰ্মাণৰ বাবে দুই কোটি, ব্ৰহ্মধৰ্মৰ ১০০ টা যজ্ঞশালা নিৰ্মাণৰ বাবে পাঁচ লাখকৈ অৰ্থাৎ পাঁচকোটি আৰু ব্ৰহ্মধৰ্মৰ প্ৰচাৰ কৰোতে যাতে আৰ্থিক অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে বছৰি আৰ্থিক সাহাৰ্য আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তদুপৰি তৃতীয় বড়ো শান্তি চুক্তিয়ে অঞ্চলটোলৈ স্থায়ী শান্তি ঘূৰাই আনিছে বুলি মন্তব্য কৰি বড়োসকলৰ এতিয়া ৰাজনৈতিক আশা-আকাংক্ষা পূৰণ হৈছে আৰু সাহিত্য -সংস্কৃতিও উজলি উঠিছে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, ব্ৰহ্মধৰ্মীয় সমন্বয় সমিতিৰ উদ্যোগত আজি ৰাতিপুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত হোৱা মহাযজ্ঞ অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰাৰ বিপৰীতে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, কোকৰাঝাৰৰ বিধায়ক লৰেঞ্চ ইছলাৰী, বিটিচি প্ৰধান প্ৰমোদ বড়ো, বিটিচিৰ কেবাগৰাকী কাৰ্যবাহী সদস্যই অংশগ্ৰহণ কৰাৰ লগতে প্ৰায় ২০ সহস্ৰাধিক ভক্তই অংশগ্ৰহণ কৰে।

ব্ৰহ্মধৰ্মীয় সমন্বয় সমিতি সচিব বিদ্যাসাগৰ ব্ৰহ্মই সদৰি কৰা মতে ২৫ টাকৈ যজ্ঞকুণ্ডত ১২২ গৰাকী পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে বিশ্বশান্তিৰ মহাযজ্ঞ অনুষ্ঠানত ৬০০ কেজিৰো অধিক ঘিউ, কুইণ্টলে কুইণ্টলে খৰি, যজ্ঞত ৮০০ কেজিৰো অধিক পঞ্চশস্য আৰু ১০ কুইণ্টলৰো অধিক ফলমূলৰ ব্যৱহাৰ হৈছে বুলি সদৰি কৰে।

Also Read: ৰাম মন্দিৰ চাবলৈ ৰঙিয়াৰ পৰা ২৫০ গৰাকী তীর্থযাত্রীৰ যাত্ৰা...

কোকৰাঝাৰ ব্ৰহ্মধৰ্ম হিমন্ত বিশ্ব শৰ্মা